• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Jharkhand connection ৰাষ্ট্ৰপতি নিৰ্বাচনঃ শাসকীয়, বিৰোধী উভয়ৰে দুয়োগৰাকী প্ৰাথীৰ আছে ঝাৰখণ্ডৰে সম্পৰ্ক, কি সেই সম্পৰ্ক?

লোচন কৌশিক by লোচন কৌশিক
June 22, 2022 5:20 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪ জুলাইত অন্ত পৰিব ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ কাৰ্যকাল। তাৰ পূৰ্বে ২১ জুলাইত ঘোষণা হব ভাৰতৰ নতুন ৰাষ্ট্ৰপতিৰ নাম। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিল ২৯ জুনৰ ভিতৰত সম্পন্ন হ’ব, ১৮ জুলাইত ভোটদান প্ৰক্ৰিয়া আৰু ২১ জুলাইত ফলাফল ঘোষণা কৰা হ’ব। শাসকীয় বিজেপিৰ নেতৃত্বত এনডিএ আৰু বিৰোধীয়ে ঘোষণা কৰিলে নিজৰ নিজৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিয়ে তদানীন্তন বিহাৰৰ ৰাজ্যপাল ৰামনাথ কোবিন্দৰ নাম ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল আৰু এইবাৰ ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ নাম মনোনয়নৰ বাবে ঘোষণা কৰিছে। আনহাতে এইবাৰ বিৰোধী দলৰ প্ৰাৰ্থী হল যশৱন্ত সিনহা। তাৰোপৰি এইবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দুয়োজন প্ৰধান প্ৰাৰ্থী ঝাৰখণ্ডৰ লগত জড়িত।

ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা আৰু জনজাতীয় ৰাজ্যপাল আছিল দ্ৰৌপদী মুৰ্মু। অৱসৰ লোৱাৰ পিছত মুৰ্মুয়ে গৃহ ৰাজ্য ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ ৰাইৰাংপুৰত বাস কৰে। দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম জনজাতীয় আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব পাৰে।

Apply Now

বিৰোধী দলসমূহে যশৱন্ত সিনহাৰ নাম ঘোষণা কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া যশৱন্ত সিনহাই ঝাৰখণ্ডৰ হজাৰিবাগ আসনৰ পৰা বিজেপি লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীও আছিল। তেওঁ দীৰ্ঘদিন বিজেপিৰ সৈতেই জড়িত আছিল, কিন্তু যোৱা কিছু বছৰত সিন্হা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ক্ৰমান্বয়ে সৰৱ হৈ পৰে আৰু অৱশেষত বিজেপি ত্যাগ কৰে। আজিকালি তেওঁ মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত। যশৱন্ত সিনহাৰ পুত্ৰ জয়ন্ত সিনহা এতিয়াও বিজেপিৰ সৈতে জড়িত আৰু তেখেত বৰ্তমানৰ হজাৰীবাগৰ লোকসভা সাংসদো। এতিয়া জয়ন্ত সিনহাই নিজৰ পিতৃক ভোট দিবনে, নে নিজৰ দলৰ স্বাৰ্থত ভোট দিব সেয়া লক্ষণীয় হব।

২১ জুনৰ নিশাৰ ভাগত বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মুৰ নাম ঘোষণা কৰে। প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে স্থানীয় সংবাদ মাধ্যমৰ আগত কয় যে, “মই আচৰিত আৰু সুখী কাৰণ মোক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰা হৈছে। মই টেলিভিছন চাই এই কথা গম পালোঁ। ৰাষ্ট্ৰপতি এটা সাংবিধানিক পদ আৰু এই পদৰ বাবে নিৰ্বাচিত হওঁ মই ৰাজনীতিৰ বাহিৰেও দেশবাসীৰ বাবেও কাম কৰিম। ইয়াতকৈ অধিক এতিয়া মই একো কব নোৱাৰিম।

অৱশ্যে ইতিমধ্যে ৰাজনৈতিক মহল আৰু সংবাদ মাধ্যমত তেওঁৰ নামক লৈ চৰ্চা চলি আছিল। ২০১৭ চনত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনতো মুৰ্মুৰ নাম চৰ্চালৈ আহিছিল যদিও শেষ মুহূৰ্তত বিজেপিয়ে তেতিয়াৰ বিহাৰৰ ৰাজ্যপাল ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল।

১৯৭৯ চনত ভুৱনেশ্বৰৰ ৰমাদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱা দ্ৰৌপদী মুৰ্মুৱে ওড়িশা চৰকাৰৰ কেৰাণী হিচাপে পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। তাৰ পিছত জলসিঞ্চন আৰু শক্তি বিভাগৰ কনিষ্ঠ সহায়িকা আছিল। পিছলৈ তেখেতে শিক্ষকতাও কৰে।

দ্ৰৌপদী মুৰ্মুৱে ১৯৯৭ চনত ৱাৰ্ড কাউন্সেলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰে। ইয়াৰ পিছতে তেখেত ৰাজনীতিৰ পথাৰত আগবাঢ়ি গৈ থাকিল আৰু ৰাইৰাংপুৰ বিধানসভাৰ আসনৰ পৰা বিজেপিৰ টিকটত দুবাৰকৈ ( ২০০০ আৰু ২০০৯ বৰ্ষত) বিধায়কো হয়। ওড়িশাৰ শ্ৰেষ্ঠ বিধায়কৰ বাবে প্ৰদান কৰা নীলকন্ঠ বঁটাও লাভ কৰিছে দ্ৰৌপদী মুৰ্মুৱে।

দ্ৰৌপদী মুৰ্মুৱে ২০১৫ চনৰ ১৮ মে’ত ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা তথা জনজাতীয় ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। তেখেত ছয় বছৰ, এমাহ ১৮ দিন এই পদত অধিষ্ঠিত হৈছিল। মুৰ্মু ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিও পদৰ পৰা অপসাৰণ নকৰা ঝাৰখণ্ডৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল।

ভাৰতীয় ৰাজনীতিত কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদৰ ভিতৰত যশৱন্ত সিনহাক গণ্য কৰা হয়। আৰু তেখেত এইবাৰ বিৰধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। ১৯৬০ চনত আই এ এছ হোৱা যশৱন্ত সিনহাৰ চল্লিশ বছৰতকৈও অধিক সময়ৰ ৰাজনৈতিক জীৱনত বিভিন্ন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু বিত্তমন্ত্ৰী পৰ্যায়ৰ শীৰ্ষ পদবীত কাৰ্যভাৰ গ্ৰহণ কৰাৰ অভিজ্ঞতা আছে।

ইয়াৰ পূৰ্বে বিৰোধী দলৰ মাজত শাৰদ পাৱাৰ, গোপালকৃষ্ণ গান্ধী আৰু ফাৰুক আব্দুল্লাৰ নাম চৰ্চা হৈছিল। কিন্তু এইসকল লোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে মঙলবাৰে শাৰদ পাৱাৰৰ ঘৰত অনুষ্ঠিত বিৰোধী দলসমূহৰ এখন বৈঠকৰ পাছত অৱশেষত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে যশৱন্ত সিনহাৰ নাম ঘোষণা কৰে।

কিন্তু প্ৰশ্ন উত্থাপন হয় যে কেইবছৰমান আগলৈ বিজেপিৰ নেতা হৈ থকা যশৱন্ত সিনহাক কিয় বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিলে? ইয়াৰ এটাই কাৰণ থাকিব পাৰে, সেয়া হল সিনহাৰ প্ৰসাশনিক ৰেকৰ্ড।

বিৰোধীয়ে সিনহাৰ মতাদৰ্শক একাষৰীয়া কৰি প্ৰশাসক হিচাপে তেওঁৰ কৰ্ম আৰু অভিজ্ঞতাক অগ্ৰাধিকাৰ দিব পাৰে। এই পদৰ বাবে যশৱন্ত সিনহা শক্তিশালী নাম আৰু মুখ, বৈদেশিক নীতি আদিৰ বিষয়ে যথেষ্ট অভিজ্ঞতা থকা ব্যক্তি।

লোচন কৌশিক

লোচন কৌশিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd