দেশৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। আজি ভাৰতৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এক বিবৃতি যোগে এই ঘোষণা কৰিছে।
নিটি আয়োগৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ স্থানত আয়াৰৰ নিযুক্তিত ইতিমধ্যে কেবিনেটৰ নিযুক্তি সমিতিয়ে অনুমোদন জনাইছে বুলি এক চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে।
ৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া কান্তৰ কাৰ্যকাল ২০২২ চনৰ ৩০ জুনত সম্পূৰ্ণ হ’ব। ২০১৬ চনৰ পৰা কান্ত এই পদত অধিষ্ঠিত আছিল।
উল্লেখ্য যে অমিতাভ কান্তক ২০১৬ চনৰ ১৭ ফেব্ৰুৱাৰীত দুবছৰীয়া কাৰ্যকালৰ বাবে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল। অৱশ্যে পিছত তেওঁৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল।
উল্লেখ্য যে ১৯৮১ চনৰ বেচৰ আইএএছ বিষয়া পৰমেশ্বৰণ আয়াৰে ২০০৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে তেওঁ সেই বৰ্ষতে বিশ্ব বেংকৰ জল সম্পদ শাখাৰ মেনেজাৰ হিচাপে নিযুক্ত হয়।
আয়াৰে ২০১৬ চনত খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ত সচিব হিচাপে যোগদান কৰে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যকৰী কৰিবলৈ আয়াৰক নিযুক্ত কৰা হৈছিল।
যোৱা বৰ্ষত তেওঁ জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব পদৰ পৰা পদত্যাগ কৰে। উল্লেখ্য যে অভিজ্ঞ প্ৰশাসনিক বিষয়াগৰাকীয়ে লগতে লগতে ৰাষ্ট্ৰসংঘত এজন জ্যেষ্ঠ গ্ৰাম্য পানী অনাময় বিশেষজ্ঞ হিচাপেও কাম কৰিছিল।