• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অটল অমৃত অভিযান, উপ-ৰাষ্ট্ৰপতিৰ উদ্বেগ আৰু অসমৰ স্বাস্থ্য খণ্ডৰ দুৰৱস্থা

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
April 19, 2018 12:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে প্ৰবৰ্তন কৰা নগদবিহীন বীমা আঁচনি ‘অটল অমৃত অভিযান’ৰ শুভাৰম্ভ কৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে কেবাটাও বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

অসম চৰকাৰৰ এই অভিলাসী আঁচনিক প্ৰশংসা কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে ভেংকায়া নাইডুৱে অসমত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ উচ্চ হাৰক লৈ চিন্তিত বুলি প্ৰকাৰন্তৰে কয়।

Apply Now

দেশৰ ভিতৰতে ব্যতিক্ৰম এই বীমা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্য অসম চৰকাৰ তথা বিশেষকৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি সদায় দাবী কৰি আহিছে। চমক সৃষ্টি কৰা আঁচনি গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়াও বিজেপি চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰিছে তেওঁ। কিন্তু উপ-ৰাষ্ট্ৰপতিয়ে উদ্বেগ প্ৰকাশ কৰাৰ দৰে সঁচাকৈয়ে অসমৰ স্বাস্থ্য খণ্ডৰ অৱস্থা যথেষ্ট পুতৌজনক।বিশেষকৈ চৰকাৰী স্বাস্থ্য খণ্ডৰ দুৰৱস্থাই সৰ্বসাধাৰণ লোকৰ জীৱনলৈ অমানিশা মাতি আনিছে।

অসমৰ স্বাস্থ্য খণ্ডৰ বৰ্তমান অৱস্থা কেনেকুৱা তাক যিকোনো লোকে ৰাজ্যৰ যিকোনো ঠাইলৈ গ’লেই বুজিব পাৰিব। ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ প্ৰয়োজনেই নাই। আমি সাংবাদিক হিচাপে দিনটো সৰহ ভাগ খবৰ পাওঁ চৰকাৰী চিকিৎসালয়ৰ দুৰাৱস্থা, চিকিৎসালয়ত চিকিৎসক-চিকিৎসা কৰ্মীৰ অভাৱ, ঔষধৰ নাটনিকে ধৰি আন আন আন্তঃগাথনি নথকাৰ বিষয়ে।

গ্ৰামাঞ্চলৰ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি জিলা সদৰত থকা অসামৰিক চিকিৎসালয় লৈকে সকলোতে একেই পৰিস্থিতি। অতি ভিতৰুৱা অঞ্চলত চিকিৎসা সেৱাৰ নামত চলিছে প্ৰহসন। চিকিৎসকৰ অভাৱত চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীয়ে চিকিৎসালয় চলোৱাৰ বহু উদাহৰণ আছে। গাঁও অঞ্চলত এতিয়াও পৰ্যাপ্ত চিকিৎসক নাই। গাঁৱৰ চিকিৎসালয়ত নিযুক্ত চিকিৎসকে চিকিৎসালয়লৈ নোযোৱাকৈয়ে থাকে।

চিকিৎসকৰ সংখ্যা কম হোৱাতো আমাৰ ৰাজ্যখনৰ বাবে বিশেষ সমস্যাৰ কাৰণ হৈ পৰিছে।

কিন্তু প্ৰশ্ন হয়- চৰকাৰী চিকিৎসকক দায়িত্ব পালন কৰিবলৈ কিয় উৰ্ধতম মহলে বাধ্য কৰাব নোৱাৰে। স্বাস্থ্যমন্ত্ৰীয়ে সভাই-সমিতিয়ে কৰ্তব্যত গাফিলতি কৰা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব বুলি সকীয়াই থাকে। বাস্তৱত তাৰ ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে।

বহু অঞ্চলত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অভিযোগ দিয়াৰ সত্ত্বেও কোনো সুফল নাপায়। প্ৰশ্ন হয় যে- কিয় চিকিৎসকে নিজৰ দায়িত্ব পালন কৰিব নিবিচাৰে। তেওঁলোকক দায়িত্ব পালনৰ বাবে উদ্বুদ্ধ কৰিব পৰা নাই কিয় চৰকাৰে?

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ স্বাস্থ্য কৰ্মীৰ মাজত কাম কৰাৰ এক উদ্বীপনাময় পৰিৱেশ গঢ়িব পাৰিব লাগিছিল। কেৱল ভয়, ভাবুকিৰে কৰ্মচাৰীক কামত মনোনিবেশ কৰাব নোৱাৰে। সেই কথা চৰকাৰে উপলব্ধি কৰিব লাগিব। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ লোকৰ পৰা এই অভিযোগেই শুনা যায়।

অসম চৰকাৰে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহ কিমান কাৰ্যকৰী হৈছে তাৰ সঠিক মূল্যায়নৰ দৰকাৰ। কেবাটাও জটিল ৰোগত আক্ৰান্ত ৰোগীক অৰ্থ সাহায্য আগবঢ়োৱা আঁচনিৰ বাহিৰে আন আঁচনিসমূহ এক প্ৰকাৰ সম্পূৰ্ণ বিফল হৈছে। কিছুমান আঁচনি এক প্ৰকাৰ অচল হৈ পৰিছে। কিন্তু এইবোৰলৈ ভ্ৰূক্ষেপ নাই স্বাস্থ্য মন্ত্ৰীৰ। নতুন নতুন আঁচনি ঘোষণা কৰি কেৱল চমকহে সৃষ্টি কৰাত ব্যস্ত তেওঁ।

ৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পোৱা তথ্যক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিদৰে গ্ৰহণ কৰিব? দেশত প্ৰতি এহাজাৰ নৱজাতকৰ ভিতৰত মৃত্যুৰ হাৰ ৩৭ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ ৪৪ শতাংশ। প্ৰসূতিৰ মৃত্যুৰ হাৰ অসমত ১ লাখৰ ভিতৰত ৩০০। আনহাতে ৰাষ্ট্ৰীয় স্তৰত এই হাৰ ১৫৭। এই তথ্যই দেখুৱাইছে ভয়াৱহ ছবিখন। এই হাৰ হ্ৰাস কৰাৰ বাবে কি ব্যৱস্থা লোৱা হৈছেনে?

গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱৰ বাবে ঠেলা, গৰু গাড়ীত হাস্পতাললৈ নিবলগীয়া হোৱা ঠাই অসমত বহুত আছে। নিতৌ সেই খবৰ সংবাদমাধ্যমত প্ৰকাশ পাই থাকে। অসম চৰকাৰে চৰকাৰী চিকিৎসা খণ্ডত বিশেষভাৱে মনোনিবেশ কৰা উচিত। কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকৰ আশাৰ থলী চৰকাৰী চিকিৎসালয়। চৰকাৰী চিকিৎসা খণ্ডৰ এশ এবুৰি সমস্যা দূৰ কৰিব লাগিব।

নতুনকৈ প্ৰৱৰ্তন কৰা স্বাস্থ্য বীমা আঁচনিয়ে ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ গৰিষ্ঠ সংখ্যক লোকক সামৰি ল’ব। এই বীমা আঁচনি সঠিকভাৱে ৰূপায়ন কৰিব পাৰিলে সকলো লোকেই সকাহ পাব। আৰু অসম চৰকাৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বাটকটীয়া হ’ব। ‘অটল অমৃত অভিযান’ৰ স্বাস্থ্য বীমাক যিকোনো লোকেই প্ৰশংসা কৰিব। তাক সমালোচনা কৰাৰ প্ৰশ্ন নাহে।

কিন্তু ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুখ লগা অৱস্থাৰ পৰিপ্ৰেক্ষিততহে ইয়াৰ কাৰ্যকৰীকৰণক লৈ স্বাভাৱিকতে সন্দেহ ওপজে। সেই সন্দেহ অমূলক হ’লেই ভাল। তাৰ নিশ্চয়তা দিব পাৰিবনে চৰকাৰে? মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী অসমৰ কথা কৈ থাকে। কিন্তু, স্বাস্থ্যহে এটা জাতিৰ মূল ধন। দুৰ্বল স্বাস্থ্যৰ মানুহৰ এখন ৰাজ্য কেতিয়াও শক্তিশালী হ’ব নোৱাৰে। দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কোৱা কথা হৃদয়ংগম কৰিব পাৰিবনে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd