• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন আসন্ন

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 29, 2022 5:23 pm
Mharashtra Political crisis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি কোনো মুহূৰ্ততে মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাৰী চৰকাৰৰ পতন হ’ব পাৰে।যি নিৰ্বাচনৰ যোগেদি আজি প্ৰায় তিনি বছৰ আগতে এই চৰকাৰখন ক্ষমতালৈ আহিছিল, সেই নিৰ্বাচনত এফালে আছিল ভাৰতীয় জনতা পাৰ্টি আৰু শিৱসেনা আৰু আনফালে আছিল কংগ্ৰেছ আৰু এন চি পি। নিৰ্বাচনত বিজেপি আৰু শিৱসেনাই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।স্বাভাৱিকতে তেওঁলোকৰ গোটটোৱে চৰকাৰ গঠন কৰিব বুলি সকলো নিশ্চিত আছিল। কিন্তু, তেনেতে শিৱসেনাই দাবী কৰিছিল যে নিৰ্বাচনৰ সময়ত যিহেতু বিজেপিয়ে তেওঁলোকক কথা দিছিল নিৰ্বাচনত তেওঁলোকৰ গোটটো জয়ী হ’লে মুখ্যমন্ত্ৰীৰ পদটো শিৱসেনাক দিয়া হ’ব, সেই কথা ৰাখি মুখ্যমন্ত্ৰীৰ পদটো এতিয়া তেওঁলোকক দিব লাগে।বি জে পিয়ে কৈছিল যে শিৱসেনাৰ লগত তেওঁলোকৰ তেনে কোনো বুজাপৰা হোৱা নাছিল।

মুখ্যমন্ত্ৰীৰ পদবীটো শিৱসেনাই পাব নে বিজেপিয়ে পাব-তাকলৈ দুয়োটা দলৰ মাজত চলা বিবাদ দীঘলীয়াহৈ গৈ থাকোতে, সমান্তৰালভাৱে, মতাদৰ্শগত বিৰোধ থকা সত্বেও, এন চি পি, কংগ্ৰেছ আৰু শিৱসেনা একগোট হৈ চৰকাৰ কৰিব পাৰিনেকি তাকলৈ এই তিনিটা দলৰ মাজত গুণা-গঁথা আৰম্ভ হৈছিল। এই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ থাকোতে হঠাৎ এদিন পুৱা বি জে পিৰ দেবেন্দ্ৰ ফাড়নবিছ আৰু এন চি পিৰ অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰালে।

Apply Now

এইখিনিতে মনকৰিবলগীয়া কথাটো হ’ল নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ঠিক পিছতে এন চি পিৰ অজিত পাৱাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাই কেতবোৰ গোচৰ ৰুজু কৰিছিল।কিন্তু ফাড়নবিছৰ লগহৈ চৰকাৰ গঠন কৰাৰ পিছতে অজিত পাৱাৰৰ বিৰুদ্ধে ৰুজু কৰা সেই সকলোবোৰ গোচৰ উঠাই লোৱা হৈছিল।তাৰ পিছত,উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ফাড়নবিছ চৰকাৰৰ পতন হৈছিল আৰু উদ্ধৱ ঠাকৰেৰ নেতৃত্বত কংগ্ৰেছ,এন চি পি আৰু শিৱসেনাৰ চৰকাৰ গঠন হৈছিল।এই যুক্তমৰ্চাটোক কোৱা হৈছিল এম ভি এ,অৰ্থাৎ মহাৰাষ্ট্ৰ বিকাশ আঘাৰী।

প্ৰশ্ন হ’ল বি জে পি আৰু শিৱসেনা দুয়োটা হিন্দুত্বপন্থী ৰাজনৈতিক দল হোৱা সত্ত্বেও কিয় তেওঁলোকৰ মাজত ফাট মেলিছিল? বি জে পিৰ আদৰ্শ- হিন্দু,হিন্দী,হিন্দুত্ব।কিন্তু,শিৱসেনাই হিন্দুত্বত বিশ্বাস কৰিলেও তেওঁলোকৰ মূল আদৰ্শ হৈছে মহাৰাষ্ট্ৰ আৰু মাৰাঠী জাতীয়তাবাদ। হিন্দুত্বকলৈ তেওঁলোকৰ বি জে পিৰ লগত মিল। কিন্তু, হিন্দী আৰু ভাৰতৰ স্বাৰ্থত মাৰাঠী ভাষা আৰু মাৰাঠী জাতীয়তাবাদক বিসৰ্জন দিবলৈ তেওঁলোক নাৰাজ।

এইখিনিতে অসমৰ অগপ আৰু আছুৰ লগত তেওঁলোকৰ অমিল।উদ্ধৱ ঠাকৰে কিন্তু মুখ্যমন্ত্ৰী পদটো ল’বলৈ বৰ আগ্ৰহী নাছিল।নিজৰ অনিচ্ছা সত্ত্বেও শাৰদ পাৱাৰৰ উদগনিতহে তেওঁ এই পদটো গ্ৰহণ কৰিছিল।পূৰ্বৰ কোনো প্ৰশাসনীয় অভিজ্ঞতা নাছিল যদিও মুখ্যমন্ত্ৰীৰ আসনখনত বহাৰ পিছত, তেওঁ কিন্তু দক্ষতাৰে ৰাজ্য পৰিচলনা কৰিছিল। ৰাজধৰ্ম পালন কৰিছিল।

মহাৰাষ্ট্ৰ ভাৰতৰ অৰ্থনৈতিক ৰাজধানী।ই পশ্চিম ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য।মহাৰাষ্ট্ৰৰ প্ৰভাৱ ইয়াৰ ওচৰ-চুবুৰীয়া ৰাজ্যবোৰত পৰাটো তেনেই স্বাভাৱিক।কেন্দ্ৰত সৰ্বশক্তিমান বি জে পি চৰকাৰ। তেনেস্থলত মহাৰাষ্ট্ৰত অবিজেপি চৰকাৰ এখন থাকিব; তাতে আকৌ কংগ্ৰেছৰ লগত! এইটো কেনেকৈ সহ্য কৰিব পাৰি? গতিকে গঠন হোৱাৰ দিনাৰে পৰা উদ্ধৱ ঠাকৰেৰ চৰকাৰখন কেনেকৈ ভাঙিব পাৰি সেইটোৱেই আছিল কেন্দ্ৰীয় চৰকাৰৰ মূল লক্ষ্য। উদ্ধৱ ঠাকৰেৰ তিনি/আঢ়ৈ বছৰীয়া শাসন কালত কিমানবাৰ কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক শ’লঠেকত পেলাবলৈ যে চেষ্টা নকৰিছে?

ইতিমধ্যে উদ্ধৱ ঠাকৰেৰ মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ অভিযোগ আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেলত ৰখা হৈছে।এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অৰ্থনৈতিক অপৰাধ শাখা যাক ইংৰাজীত চমুকৈ ই ডি বুলি কোৱা হয়, হৈ পৰিছে বি জে পি বিৰোধী চৰকাৰ ভঙাৰ উত্তম হাতিয়াৰ।ই ডিৰ ভয় দেখুৱাই এসময়ত অজিত পাৱাৰক বি জে পিয়ে হাত কৰিছিল।বি জে পিক সমৰ্থন কৰাৰ লগে লগে তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ ই ডিয়ে উঠাই লৈছিল।এতিয়া যে এজনৰ পিছত এজনকৈ বিধায়ক আহি একনাথ সিন্দেৰ লগ হৈছে, তাৰ মূল কাৰণ ইডিৰ ভয়।হিন্দুত্ব,তিন্দুত্ব একো নহয়।

একনাথ সিন্দে নিজে ইডিৰ ভয়ত আছে।দুই/এক ব্যতিক্ৰম বাদ দি আজিৰ ৰাজনীতিকবোৰ কিমান সুবিধাবাদী আমি সকলোৱে জানো। তেনে ৰাজনীতিকক যদি চৰ্ত দিয়া হয়- বি জে পিত যোগদান কৰিলে বা বি জে পিক সমৰ্থন কৰিলে তুমি মন্ত্ৰী হ’ব পাৰিবা আৰু তাৰ অন্যথাই তুমি জেলৰ ভাত খাব লাগিব।আৰু কেৱল জেলৰ ভাত খোৱাই নহয় তুমি ইতিমধ্যে সৎ/অসৎ উপায়েৰে যি ধন আৰু সা-সম্পত্তি গোটাইছা, সেই আটাইবোৰো বাজেয়াপ্ত কৰা হ’ব! তেওঁলোকৰ সৰহভাগে কোনটো চৰ্ত মানি ল’ব? এনে এক ত্ৰাসৰ পৰিস্থিতিত, একনাথ সিন্দেৰ ফালে বিধায়ক নাহি কাৰফালে যাব?

কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল- ইমানৰ পিছতো এই বিধায়কসকলৰ গুজৰাটৰ চূৰাটতো থাকিবলৈ সাহস নহ’ল,তেওঁলোকে আজি ইমান দিন গুৱাহাটীৰ ৰেডিচন ব্লুত বাহৰ পাতি থাকিব লগা হ’ল।ৰাজনৈতিক উদ্দেশ্যত চৰকাৰী যন্ত্ৰ কম-বেছি পৰিমাণে সদায় ব্যৱহৃতহৈ আহিছে। কিন্তু এতিয়া ইয়াক যি ধৰণে, যি হাৰত,ব্যৱহাৰ কৰা হৈছে সেইটো অভাবনীয়,অকল্পনীয়।এতিয়া ৰাষ্ট্ৰযন্ত্ৰ সম্পূৰ্ণৰূপে শাসক দলৰ হাতৰ পুতলা।ইয়াৰ পৰিণাম ভাৰতৰ জনগণে বৰ বেয়াকৈ ভুগিব লাগিব।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd