• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

 এন ই নাও নিউজ ,গুৱাহাটী by এন ই নাও নিউজ ,গুৱাহাটী
June 30, 2022 8:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে৷উচ্চতম ন্যায়ালয়ে থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী (এমভিএ) চৰকাৰক কাইলৈ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আস্থাভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিয়াৰ অলপ সময় পিছতে থাকৰেই পদত্যাগ কৰে। মুখ্যমন্ত্ৰী পদৰ লগতে উদ্ধৱ থাকৰেই বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছে। ফেচবুকত থাকৰেই তেওঁৰ পদত্যাগৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য মহাৰাষ্ট্ৰ বিধানসভাৰ আস্থা ভোটক প্ৰত্যাহ্বান জনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ শিবিৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে।

ফলত কাইলৈ ৰাজ্য খনৰ বিধানসভাৰ মজিয়াত আস্থাভোট অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া স্থিতিত স্বাভাৱিকতে শলঠেকত পৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে ।ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তেওঁ বৃহস্পতিবাৰে বিধানসভাত আস্থাৰ ভোটৰ জৰিয়তে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। বিধানসভাত আস্থাৰ ভোট বৃহস্পতিবাৰে পুৱা ১১ বজাত আৰম্ভ হ’ব। আস্থাৰ ভোট সন্ধিয়া ৫ বজাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

অৱশ্যে আদালতে লগতে কয় যে দুয়োটা পক্ষৰ বিধায়কসকলে বিধানসভাত পুনৰ যোগদানৰ তথ্য দাখিল কৰিবলৈ দুদিন সময় পাব আৰু এই সন্দৰ্ভত ৰিট আবেদন দাখিল কৰিব লাগিব। অনাস্থা ভোটৰ চূড়ান্ত ফলাফল ৰিট আৱেদনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ’ব। এনে বিষয়সমূহৰ শুনানি প্ৰয়োজন হ’লে ১১ জুলাইত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে কাইলৈ ৰাজ্যিক বিধানসভাত শক্তি পৰীক্ষাৰ আহ্বান জনাইছিল।

একনাথ চিন্দেই প্ৰায় ৪০ জন (৫৫ জনৰ ভিতৰত) বিধায়কৰ সমৰ্থন তেওঁৰ লগত থকা বুলি দাবী কৰি আহিছে।
উল্লেখ্য সপ্তাহতকৈ বেছি দিন ধৰি চলি থকা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান ঘটাৰ দিশে অগ্ৰসৰ হৈছে। সকলো ঠিকে-ঠাকে থাকিলে কাইলৈ অৰ্থাৎ ৩০ জুনত মহাৰাষ্ট্ৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট। আস্থা ভোটক অসাংবিধানিক আখ্যা দিছিল শিৱসেনাই।

আস্থা ভোটৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত সেয়ে থাকৰে বাহিনীয়ে আবেদন কৰিছিল। উক্ত আবেদনৰ শুনানি ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ পাৰদিৱালাৰ খণ্ডপীঠে গ্ৰহণ কৰিছিল।ইপিনে চুৰাটৰ পৰা পোনে পোনে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত কমেও ৪৪ জন বিধায়ক। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত কেইবাদিনো থকাৰ পিছত আজি বিধায়কসকলে গোৱালৈ যাত্ৰা কৰে। গোৱালৈ যোৱাৰ পূৰ্বে তেওঁলোকে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশিষ গ্ৰহণ কৰে। গোৱাৰ পৰা কাইলৈ তেওঁলোকে মুম্বাইলৈ আহিব আৰু আস্থাভোটত অংশগ্ৰহণ কৰিব।

 এন ই নাও নিউজ ,গুৱাহাটী

এন ই নাও নিউজ ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd