মুখ্যমন্ত্ৰীয়ে শিলচৰৰ ৰাস্তাত উঠা পানীৰ সোঁতত নাও চলাই, বজালীৰ গাঁও অঞ্চলত এককাল পানীত নামি বৰ্নাত্য ৰাইজৰ সকাহৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ চমৎকাৰ ফটো আটায়ে দেখিছে। দেখি এক মুহূৰ্তমান অভিভূত হৈছেও। কিন্তু পিছ মুহূৰ্ততে খোৱাপানীৰ অভাৱত চেঙালুটি পৰা, ৰান্ধিবলৈ জাগা নোহোৱাত আৰু জুই জ্বলাবলৈ ইন্ধন নথকাত অলপ চাউল-দাইল, তেল-নিমখ পোৱা ৰাইজে কপাল চপৰিওৱাত টিভিৰ কল্যাণত ৰাইজে দেখা পাইছে।
বান ভেটিবলৈ বন্ধা মথাউৰিও ও বহু ঠাইত নতুন বানৰ খুন্দাত ভাঙিছে, কাৰণ প্ৰতি বছৰে গেদ-বালি জমা হৈ নদীৰ বুকু বাম হৈ অহাত পানীৰ বল বাঢ়িছে। মথাউৰিত খুন্দা মাৰি, তাৰ ওপৰেদি বাগৰি শেষত মথাউৰিটো মষিমূৰ কৰে। নেতা-মন্ত্ৰীয়ে আশ্বাস দিয়ে যে অহাবছৰ আৰু মজবুতকৈ বন্ধা হ’ব। কিন্তু সেই অনুপাতে মথাউৰিতকৈ বানৰ শক্তিও বাঢ়ি গৈ থাকে। সেয়ে মথাউৰি সাজি বান্ধ ভেটা দিয়া অসম্ভৱ হৈ পৰিছে। গাঁও-ভূইৰ যি কেইটা পৰিয়ালে নিজ চেষ্টাৰে কিছু সম্পদ উপাৰ্জন কৰি লয়, বছৰেকীয়া বানৰ সোঁতত সকলো বাৰে-বাৰে উটি যায় যেতিয়া, তেওঁলোকে শেষত গা টঙাব নোৱাৰা হৈ পৰে। দাৰিদ্ৰ আৰু হতাশাই তেওঁলোকৰ ভাগ্য হোৱাৰ সম্ভাৱনা বহল।
প্ৰসঙ্গক্ৰমে আৰু এটা কথা উল্লেখ কৰা যাওক। ছাত্ৰ সন্থাই অলপতে সংবাদ মাধ্যমক নজনোৱাকৈ ‘অনানুষ্ঠানিক আলোচনা’ৰ বাবে নিশা মুখ্যমন্ত্ৰীক লগ ধৰিলে। পিছত জনালে যে ‘অসম চুক্তি ৰূপায়ণ’ৰ বিষয়ে আলোচনা কৰিবলৈ যোৱা হৈছিল। অৰ্থাৎ বিখ্যাত ‘ছয় নম্বৰ দফা’। পিছে ‘ছয় নম্বৰ দফা’ক লৈ ছাত্ৰসন্থাৰ প্ৰতিবেদন হৈছে ইংৰাজীত যাক কয় ‘Dead horse’— মৰা ঘোঁৰা। হেজাৰ চাবুক মাৰিলেও চেকুৰিবলৈ জপিয়াই নুঠে। দাবীবোৰ ইমান চৰম, — extreme — যে ভাৰতৰ সংবিধান মনা কোনো চৰকাৰে মানি ল’ব নোৱাৰে। এই চৰকাৰেটো ইঙ্গিতত জনায়ে দিছে।
অৰ্থাৎ ‘অসম চুক্তিৰ ছয় নম্বৰ দফা’ লৈ আলোচনা হোৱা নাছিল। খুব সম্ভৱ বানপানীলৈ অসমত ইমান হৈ-চৈ হোৱাৰ পাছত ছাত্ৰ সন্থাই কি কাৰ্যসূচী লোৱা উচিত হ’ব, তাকে লৈ আলোচনা হৈছিল। ফলাফল হৈছে ‘অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা’ বুলি মানি লোৱাৰ দাবী উত্থাপন। কা বিৰোধী আন্দোলনৰ শেষৰ পৰ্যায়ত ছাত্ৰ সন্থাই লোৱা সিদ্ধান্তৰ দৰে। সাপো মৰক, লাঠিও নাভাঙক। এই দাবীয়ে অসম চৰকাৰক বিপদত নেপেলায়,অথচ দুৰ্গত ৰাইজৰ মনত আশাৰ চাকি জ্বলাই ৰাখিব।
মন কৰিব, বানপানী সমস্যাৰ স্থায়ী সমাধানৰ প্ৰশ্ন উঠাই নাই। কেৱল তাক ‘ৰাষ্ট্ৰীয় সমস্যা’ বুলি ধৰি সমাৱেশ-শোভাযাত্ৰা-বক্তৃতা-বাগ্মীতা চলিব। হয়তো ইয়াৰো প্ৰয়োজন আছে। কিন্তু অসমৰ বানপানীত অসমীয়া সৰ্বশ্ৰান্ত হ’বলৈ গৈ আছে। ৰাষ্ট্ৰীয় সমস্যা বুলি চাব-মোহৰ পৰিলে টকা কেইটামান আহিব, যদি মন্ত্ৰী-নেতা-সেনাই আদবাটতে চান নাকাঢ়ে, হয়তো ৰাইজে বানত ভাহিও ভাত এসাঁজ খাবলৈ পাব, খোৱাপানী পাব, পেছাব-পায়খানা কৰিব পাৰিব। কিন্তু জাতি ৰক্ষা তেনেকৈ হ’ব পাৰে জানো? আচল কথা, বানৰ কালন্তক মূৰ্তি কেনেকৈ নোহোৱা কৰিব পাৰি?
বিশেষজ্ঞই কৈছে, এইবাৰ অতিবৃষ্টি হৈছে, যোৱা ত্ৰিশ বা পঞ্চাশ বছৰৰ অভিলেখ ভংগ কৰি। বতৰ বিজ্ঞানীয়ে কৈছে যে মৌচুমী বতাহৰ গতি-বিধি এইবাৰ বেলেগ হৈছে বাবে আগৰ দৰে বৰষুণ পৰা নাই, বেলেগ ধৰণে হৈছে, ইত্যাদি। সাংবাদিকে জনাইছে যে বৈজ্ঞানিক সকলৰ মতে ‘জলবায়ু সংকট’ হৈছে। যোৱা বিছ বছৰ ধৰি বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীসকলৰ এটা দলক সেইবোৰ দেশৰ চৰকাৰেই মিলি বিশ্বৰ ভৱিষ্যত জলবায়ু সম্পৰ্কে গৱেষণা কৰি খাটাংকৈ ক’বলৈ সময়-সুবিধা যোগাইছে। তেওঁলোকে খাটাংকৈ কৈছে যে যান-বাহন, কল-কাৰখানাৰ বায়ু প্ৰদূষণ, ব্যাপক বন ধ্বংস, প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ আৰু অপচয় মিলি মহাকাশৰ মাজত ঘূৰি ফুৰা পৃথিৱী নামৰ গ্ৰহটো আৱৰি ৰখা বায়ুমণ্ডলৰ স্বাভাৱিক চৰিত্ৰ আৰু ইমানদিনে চলি থকা নীতি-নিয়মৰ সাংঘাটিক পৰিবৰ্তন ঘটিছে।
বায়ুমণ্ডলে নিয়ন্ত্ৰণ কৰি ৰখা সূৰ্যৰ কিৰণৰ পৰা উপজা তাপমাত্ৰা বাঢ়ি আহিছে অনিৰুদ্ধভাৱে। সেয়ে ইমানদিনে বিশ্বৰ বহুকেইখন দেশৰ ওপৰেদি বতাহৰ শীতলতা বা উত্তাপ, জলীয় বাষ্পৰ পৰিমাণ বা সেই বতাহৰ গতিবেগ আগৰ দৰে হৈ নাথাকিব। ক’ৰবাত অতি বিধ্বংসী ধুমুহা-বৰষুণ, ঘূৰ্ণীবতাহ হ’ব, ক’ৰবাত বৰফৰ স্তৰ গলি মৰুভূমিয়ে দেখা দিব, ক’ৰবাত বা শীত প্ৰধান দেশতো বিষুৱীয় অঞ্চলৰ তাপমাত্ৰা তৰঙ্গ বৈ বহু মানুহৰ প্ৰাণ হৰণ কৰিব। এই ভয়ানক বিভীষিকাৰ নাম হৈছে ‘জলবায়ু সংকট’ (Climate change/climate disaster)।
ইয়াৰ বাবে প্ৰতিখন দেশৰ আৰু তাৰ মানুহ সজাগ আৰু সতৰ্ক হ’ব লাগিব। তেওঁলোকে কৰা প্ৰতিটো কামৰ সময়ত খেয়াল ৰাখিব লাগিব, দেশৰ প্ৰকৃতি,জলবায়ুৰ ওপৰত ক্ষতিকৰ আঘাত পৰিছে নেকি? আমি আমাৰ দেশত গুণ্ডা-দগাবাজৰ দৰে প্ৰকৃতি ধ্বংস কৰিম, নৈৰ পানী ঘোলা কৰিম, অনাহকতে নৈৰ গতিত বাধা দি তাক বলেৰে নিয়ন্ত্ৰণ কৰিব খুজিম, ভূগৰ্ভ খান্দি তহিলং কৰি শিলাস্তৰ উলট-পালট কৰিম, অৰণ্য খাস্তাং কৰিম আৰু আন দেশে জলবায়ু ধ্বংস কৰিছে নেকি, তাক চোকা নজৰত ৰাখিম— এনে এক বাতুলতা একো অশুভ পৰিণাম নোহোৱাকৈ কৰি যাম, সেইটো সম্ভৱ নহয়।
সম্ভৱ যে নহয়, তাৰ দুটা ৰোমহৰ্ষক প্ৰমাণ আমাৰ চকুৰ সন্মুখতে ঘটিল। ২০১২ চনত উত্তৰাখণ্ডত জধে-মধে পাহাৰ খান্দি ৰে’লপথ বনোৱাৰ ফলত, য’তে-ত’তে জলবিদ্যুতৰ বাবে নৈবোৰৰ ওপৰত বান্ধ সজাৰ ফলত সেইবছৰ এজাউৰি প্ৰচণ্ড বতাহ-বৰষুণে পাহাৰ খহাই বান্ধ বগৰাই, গাঁও-চহৰ সমান কৰা বোকা-মাটিৰ বিভৎস ঢল নমাই এক-ডেৰ লাখ মানুহৰ জীৱন নাশ কৰিছিল। বিস্তৰ সম্পদ নিশ্চিহ্ন হৈছিল। উচ্চতম ন্যায়ালয়ৰ ধমকিৰ পিছতো কিন্তু সেইবোৰ আসুৰিক নিৰ্মাণ কাৰ্য বন্ধ নহ’ল। মনত ৰখা ভাল যে, চৰকাৰে ক্ষয়ক্ষতিৰ হিচাপ তাকৰকৈ দেখুৱাই নিজৰ দোষ ঢাকিবৰ বাবে।
২০২২ চনত অসমত ঘটিল আন দুটা ভয়ানক বিপৰ্যয়। অসমৰ পাহাৰবোৰ বয়সত সৰু, ৰঙামাটি আৰু গেদীয় শিলেৰে গঠিত। তাৰ ওপৰত ঘন বননিয়ে শিপাৰে খামুচ মাৰি গেদীয় শিল আৰু ৰঙামাটিৰ স্তুপৰ ভাৰসাম্য চম্ভালে। তাৰ ওপৰেদি ৰাস্তা-ঘাট বনাবলৈ, ব্ৰড গজ, ৰে’ল পথ বনাবলৈ বনজ সম্পদ ধ্বংস কৰিলে। সেই ভাৰসাম্য বিনষ্ট হৈ এপিনে যেনি-তেনি সাংঘাটিক ভূমিস্খলন হয়, নদীৰ গতিপথত আউল লাগে। পাহাৰৰ গাৰে অবাধে বৰষুণৰ জলৰাশি বাগৰি ভয়ানক বানপানীৰ সৃষ্টি কৰে। এনেবোৰ কাৰণতে হাফলং চহৰ বোকা-মাটিৰ ধলত বুৰ গ’ল, শিলচৰৰ ৰাস্তাত ছফুট পানী হ’ল, মণিপুৰৰ ‘ননেই’ নামৰ ঠাইত ৰে’ল কৰ্মী, শ্ৰমিক, সেনা জোৱানকে ধৰি এই লিখাৰ সময়লৈকে শতাধিক লোক বোকা-মাটিৰ তলত নিহত বা ‘সন্ধানহীন’ হৈ গ’ল। আচল সংখ্যা কোনে বা জানে!! অসমৰ মৰিগাঁৱৰ লাহৰীঘাটত ঘৰে ঘৰে কান্দোনৰ ৰোল।
কি কাৰণে? চাফ্ চাফ্ উত্তৰ ৰে’ল পথ সেই বিপজ্জনক ভূভাগত বনাবই লাগিব। মানুহ যিমান মৰে মৰক, যিমান পৰিয়াল নিঠৰুৱা হয় হওক। কিন্তু বৃহৎ কোম্পানীৰ ধন বিনিয়োগ হ’বই লাগিব, তাৰ পৰা মুনাফা আদায় হ’বই লাগিব।
চৰকাৰে সেই সকলৰ মৰ্জি অনুসৰি কাম কৰি গৈ আছে ‘স্থিতপ্ৰজ্ঞৰ’ দৰে। সুখতো আনন্দ নাই, দুখতো উদ্বেগ নাই।
এনে পৰিস্থিতিত অসমৰো ব্যাপক বানপানীৰ উঁই এটাই বুলি বোধ হয়। প্ৰকৃতিৰ গতিবিধি আওকাণ কৰি টকাৰে টকা ঘটিবলৈ যোৱা বাবেই জনগণৰ জীৱনৰ অপূৰণীয় ক্ষতিৰ কবলত পৰিছে। সাতে-সোতৰই ৰাইজৰ বাবে যুক্তিসন্মত, বাস্তৱসন্মত দাবী এটাই– আপাতত: বান্ধ, মথাউৰি, ফ’ৰলেইন-ছিক্সলেইন পথ, ৰে’লপথ নিৰ্মাণ তুৰন্তে বন্ধ কৰা হওক। অসমৰ নদী অৱবাহিকাবোৰৰ ধৈৰ্য্যশীল, বিতং, বিনম্ৰ অধ্যয়ন হওক। তাৰ পিছত যদি নিৰ্মাণৰ প্ৰয়োজন, কি ধৰণৰ আৰু কিমান আকাৰৰ নিৰ্মাণ নিৰাপদ নিৰ্ণয় হওক। নতুবা ‘বিকাছ’ নহয় ‘বিনাশ’ হ’ব।