• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 6:45 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পৰ্ক বিশেষজ্ঞসকলৰ মতে যোগাযোগেই হৈছে যিকোনো সম্পৰ্কৰ মূল চাবিকাঠি। মন খুলি কথা পাতিলে মনৰ সকলো দুৱাৰ মুকলি হৈ যায় আৰু প্ৰেম বা সংসাৰ টিকাই ৰখাটো সহজ হৈ পৰে। আগৰ দিনত মানুহে চিঠিৰে মনৰ ভাৱ প্ৰকাশ কৰিছিল আৰু বহু দিনৰ মূৰত এবাৰ লগ পোৱাৰ সুযোগ পাইছিল। কিন্তু বৰ্তমান সময় সলনি হ‘ল। ছ’চিয়েল মিডিয়াৰ যুগত এতিয়া মানুহে যিকোনো সময়তে প্ৰিয়জনৰ লগত সংযুক্ত হৈ থাকিব পাৰে। দিনটোত কি কি ঘটিছে সেয়া মুহূৰ্তৰ ভিতৰতে জনাব পাৰে, ভিডিঅ’ কল কৰিব পাৰে বা অনলাইনযোগে উপহাৰো পঠিয়াব পাৰে। এক কথাত ক’বলৈ গ’লে এতিয়া দূৰত্ব একেবাৰেই নাইকিয়া হৈ পৰিছে।

অথচ এই পৰিস্থিতিত সম্পৰ্কৰ পৰামৰ্শদাতাসকলে এক নতুন সমস্যাৰ সৃষ্টি হোৱা দেখিছে। তেওঁলোকৰ মতে অত্যাধিক যোগাযোগ বা অভাৰ কমিউনিকেশ্বনৰ বাবেই বৰ্তমান সময়ত সম্পৰ্কবোৰ বেছিকৈ ভাঙিবলৈ ধৰিছে। আজিকালি কোনো মেছেজ পঠিয়ালে আনজন ব্যক্তিয়ে কিমান সোনকালে অনলাইনলৈ আহি উত্তৰ দিছে, সেয়াই গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি প্ৰয়োজনৰ সময়ত সংগী অনলাইন নাথাকে বা উত্তৰৰ বাবে বহুত সময় অপেক্ষা কৰিবলগীয়া হয়, তেন্তে আনজনে ধৰি লয় যে সংগীৰ হয়তো এই সম্পৰ্কত কোনো আগ্ৰহ নাই।

Apply Now

সকলো সময়তে সংযুক্ত হৈ থকাটোৱেই যেন এতিয়া প্ৰেমৰ একমাত্ৰ সংজ্ঞা হৈ পৰিছে। ফলত এজনে যদি দিনটোত কি খালে বা কাৰোবাৰ লগত কি কথা পাতিলে সেয়া জনাবলৈ পাহৰি যায়, তেতিয়া আনজন অধৈৰ্য হৈ পৰে আৰু নিজকে অৱহেলিত বুলি অনুভৱ কৰে। ইয়াৰ পৰাই লাহে লাহে মনৰ দূৰত্ব বাঢ়ি গৈ শেষত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, অন্তৰ্মুখী স্বভাৱৰ লোকসকলে আকৌ বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে সংগীক ভাল পালেও নিজৰ বাবে কিছু সময় অকলশৰে কটোৱাটো পছন্দ কৰে। প্ৰতিটো মুহূৰ্তৰ খবৰ আনক দি থাকিবলৈ তেওঁলোকৰ ইচ্ছা নাযায় আৰু সদায় এনেদৰে জবাবদিহি কৰিবলগীয়া হ’লে তেওঁলোকে এক শ্বাসৰুদ্ধকৰ অৱস্থা অনুভৱ কৰে।

মনোবিজ্ঞানীসকলে কয় যে দুয়োপক্ষই ধৈৰ্য ধৰিবলৈ শিকিব লাগিব। সংযুক্ত হৈ থকাটো কোনো বেয়া কথা নহয়, কিন্তু আনজনক অনবৰতে প্ৰশ্ন কৰি থকাটো কেতিয়াও প্ৰেমৰ পৰিচয় হ’ব নোৱাৰে। এটা সম্পৰ্কত যাতে কাৰো উশাহ বন্ধ হৈ যোৱা যেন নালাগে, তাৰ প্ৰতি দুয়োজনেই সচেতন হোৱা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ছ’চিয়েল মিডিয়াৰ বাহিৰলৈ ওলাই আহি মুখামুখিকৈ কথা পতাৰ অভ্যাস কৰিব লাগে। ইয়াৰ ফলত ভুল বুজাবুজি বহুত কমি যায় আৰু আনজনৰ মনৰ অৱস্থা বুজি পোৱাটো সহজ হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd