সম্পৰ্ক বিশেষজ্ঞসকলৰ মতে যোগাযোগেই হৈছে যিকোনো সম্পৰ্কৰ মূল চাবিকাঠি। মন খুলি কথা পাতিলে মনৰ সকলো দুৱাৰ মুকলি হৈ যায় আৰু প্ৰেম বা সংসাৰ টিকাই ৰখাটো সহজ হৈ পৰে। আগৰ দিনত মানুহে চিঠিৰে মনৰ ভাৱ প্ৰকাশ কৰিছিল আৰু বহু দিনৰ মূৰত এবাৰ লগ পোৱাৰ সুযোগ পাইছিল। কিন্তু বৰ্তমান সময় সলনি হ‘ল। ছ’চিয়েল মিডিয়াৰ যুগত এতিয়া মানুহে যিকোনো সময়তে প্ৰিয়জনৰ লগত সংযুক্ত হৈ থাকিব পাৰে। দিনটোত কি কি ঘটিছে সেয়া মুহূৰ্তৰ ভিতৰতে জনাব পাৰে, ভিডিঅ’ কল কৰিব পাৰে বা অনলাইনযোগে উপহাৰো পঠিয়াব পাৰে। এক কথাত ক’বলৈ গ’লে এতিয়া দূৰত্ব একেবাৰেই নাইকিয়া হৈ পৰিছে।
অথচ এই পৰিস্থিতিত সম্পৰ্কৰ পৰামৰ্শদাতাসকলে এক নতুন সমস্যাৰ সৃষ্টি হোৱা দেখিছে। তেওঁলোকৰ মতে অত্যাধিক যোগাযোগ বা অভাৰ কমিউনিকেশ্বনৰ বাবেই বৰ্তমান সময়ত সম্পৰ্কবোৰ বেছিকৈ ভাঙিবলৈ ধৰিছে। আজিকালি কোনো মেছেজ পঠিয়ালে আনজন ব্যক্তিয়ে কিমান সোনকালে অনলাইনলৈ আহি উত্তৰ দিছে, সেয়াই গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি প্ৰয়োজনৰ সময়ত সংগী অনলাইন নাথাকে বা উত্তৰৰ বাবে বহুত সময় অপেক্ষা কৰিবলগীয়া হয়, তেন্তে আনজনে ধৰি লয় যে সংগীৰ হয়তো এই সম্পৰ্কত কোনো আগ্ৰহ নাই।
সকলো সময়তে সংযুক্ত হৈ থকাটোৱেই যেন এতিয়া প্ৰেমৰ একমাত্ৰ সংজ্ঞা হৈ পৰিছে। ফলত এজনে যদি দিনটোত কি খালে বা কাৰোবাৰ লগত কি কথা পাতিলে সেয়া জনাবলৈ পাহৰি যায়, তেতিয়া আনজন অধৈৰ্য হৈ পৰে আৰু নিজকে অৱহেলিত বুলি অনুভৱ কৰে। ইয়াৰ পৰাই লাহে লাহে মনৰ দূৰত্ব বাঢ়ি গৈ শেষত বিচ্ছেদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, অন্তৰ্মুখী স্বভাৱৰ লোকসকলে আকৌ বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে সংগীক ভাল পালেও নিজৰ বাবে কিছু সময় অকলশৰে কটোৱাটো পছন্দ কৰে। প্ৰতিটো মুহূৰ্তৰ খবৰ আনক দি থাকিবলৈ তেওঁলোকৰ ইচ্ছা নাযায় আৰু সদায় এনেদৰে জবাবদিহি কৰিবলগীয়া হ’লে তেওঁলোকে এক শ্বাসৰুদ্ধকৰ অৱস্থা অনুভৱ কৰে।
মনোবিজ্ঞানীসকলে কয় যে দুয়োপক্ষই ধৈৰ্য ধৰিবলৈ শিকিব লাগিব। সংযুক্ত হৈ থকাটো কোনো বেয়া কথা নহয়, কিন্তু আনজনক অনবৰতে প্ৰশ্ন কৰি থকাটো কেতিয়াও প্ৰেমৰ পৰিচয় হ’ব নোৱাৰে। এটা সম্পৰ্কত যাতে কাৰো উশাহ বন্ধ হৈ যোৱা যেন নালাগে, তাৰ প্ৰতি দুয়োজনেই সচেতন হোৱা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ছ’চিয়েল মিডিয়াৰ বাহিৰলৈ ওলাই আহি মুখামুখিকৈ কথা পতাৰ অভ্যাস কৰিব লাগে। ইয়াৰ ফলত ভুল বুজাবুজি বহুত কমি যায় আৰু আনজনৰ মনৰ অৱস্থা বুজি পোৱাটো সহজ হৈ পৰে।





