• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2026 9:34 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লালকিল্লাৰ সমীপত ২০২৫ চনৰ ১০ নৱেম্বৰত সংঘটিত ভয়ংকৰ গাড়ী বিস্ফোৰণৰ মূল পৰিকল্পনাকাৰী তথা ‘অপাৰেচনেল ইন-চাৰ্জ’ আছিল উমৰ উন নবী। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দাখিল কৰা শেহতীয়া অভিযোগনামাত এই বিস্ফোৰণৰ আঁৰৰ বহুতো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

 

Apply Now

এনআইএৰ তথ্য অনুসৰি, আনছাৰ গাজৱাত-উল-হিন্দ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ পুনৰুত্থানৰ আঁৰতো নবীৰেই হাত আছিল। ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ চিকিৎসক উমৰ উন নবী আৰু তেওঁৰ সহযোগী জাচিৰ বিলাল ৱানীয়ে এই আক্ৰমণৰ বাবে এখন পুৰণি হুন্দাই আই-২০ গাড়ী ক্ৰয় কৰিছিল। এই গাড়ীখনক তেওঁলোকে ‘ভেহিকল-বৰ্ণ ইম্প্ৰভাইজড এক্সপ্ল’চিভ ডিভাইচ’ অৰ্থাৎ চলন্ত বোমালৈ ৰূপান্তৰিত কৰিছিল।

 

সন্ধিয়া প্ৰায় ৬:৫০ বজাত সংঘটিত এই বিস্ফোৰণত ১১ জন লোক নিহত হোৱাৰ লগতে ২৯ জন গুৰুতৰভাৱে আহত হৈছিল। বিস্ফোৰণৰ সময়ত নবী গাড়ীখনৰ ভিতৰতেই আছিল আৰু পাছত ডিএনএ পৰীক্ষাৰ জৰিয়তে তেওঁৰ পৰিচয় নিশ্চিত কৰা হৈছে। ফৰেনছিক অনুসন্ধানত গাড়ীখনত টিএটিপি আৰু এম’নিয়াম নাইট্ৰেটৰ দৰে ভয়ংকৰ বিস্ফোৰকৰ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে। এই বোমাটো গাড়ীৰ ভিতৰৰ পৰাই এক কমাণ্ড মেকানিজমৰ জৰিয়তে সক্ৰিয় কৰা হৈছিল।

 

চাৰ্জশ্বীটত উল্লেখ কৰা মতে, সহ-ষড়যন্ত্ৰকাৰী জাচিৰ বিলাল ৱানীয়ে ইউটিউব আৰু চেটজিপিটি ব্যৱহাৰ কৰি ৰকেট নিৰ্মাণৰ কৌশল বিচাৰিছিল। আনকি নবীৰ পৰা ৱানীয়ে দুখন ড্ৰোণো লাভ কৰিছিল।

 

২০২২ চনৰ আৰম্ভণিৰ পৰাই ‘পিণ্ডা’ বা ‘ৰাহুল ভাট’ নামেৰেও পৰিচিত নবীয় এই নিষ্ক্ৰিয় হৈ থকা সন্ত্ৰাসবাদী গোটটোক পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা চলাই আহিছিল। নতুন সদস্যক কট্টৰপন্থী কৰি তোলা, ‘চিগনেল’ৰ দৰে এনক্ৰিপ্টেড এপৰ জৰিয়তে গোপন বৈঠক অনুষ্ঠিত কৰা, ধন সংগ্ৰহ, অবৈধ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰাত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল। জম্মু-কাশ্মীৰ আৰু দিল্লী-এনচিআৰত এই গোটটোৰ কেইবাখনো গোপন বৈঠক অনুষ্ঠিত হৈছিল।

 

উক্ত বিস্ফোৰণত নবী নিহত হোৱাৰ ফলত তেওঁৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া বাতিল কৰা হৈছে যদিও, সমগ্ৰ ষড়যন্ত্ৰটোত তেওঁৰ ভূমিকাৰ কথা চাৰ্জশ্বীটখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে। এই অভিযোগনামা বৰ্তমান ন্যায়িক পৰীক্ষণ আৰু বিচাৰপ্ৰক্ৰিয়াৰ অধীনত আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd