বৰ্ণ হিন্দুবাদে শিপা মেলিছে নেকি অসম সাহিত্য সভাত? অসম সাহিত্য সভা আৰু গাহৰি মাংসক লৈ তীব্ৰ বিতৰ্ক চলিব ধৰিছে, কিন্তু কিমান শোভনীয় এইসমূহ চৰ্চা? সমগ্ৰ বিতৰ্কটোৰ পৰা কি পৰিস্ফূট হৈছে? গাহৰি মাংস কি অভক্ষ্য নেকি? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।
সাহিত্য নহয়, এইবাৰ গাহৰি মাংসক লৈ বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত সভাৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ খাদ্য তালিকাত গাহৰি মাংসৰ অন্তৰ্ভূক্তিক লৈয়েই হৈছে এই বিতৰ্ক। দুপৰীয়া বিবিধ ব্যঞ্জনৰ লগতে ভাতৰ লগত আছিল গাহৰিৰ মাংসও।
জানিব পৰা মতে কাৰ্যনিৰ্বাহকত অংশ লোৱা এজনে ছাগলী মাংস বুলি গাহৰি মাংস মুখত ভৰালে। লগে লগে তেওঁ চলি থকা বিষয়টো ৰাজহুৱা কৰি তাত কিয় গাহৰি মাংস দিয়া হৈছে বুলি সভাপতিক গোচৰ দিলে। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰি ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰি থ’লে।
এই কথাটোকে মিডিয়াত বহুলভাৱে প্ৰচাৰ হয়। মিডিয়াৰ আগত সাহিত্য সভাৰ এজন বিষয়ববীয়াই কয় যে গাহৰি মাংস ভক্ষণ নকৰাটো তেওঁলোকৰ সংস্কৃতি। তেওঁ আনকি এই প্ৰসংগত শাস্ত্ৰৰ বাণীও ব্যক্ত কৰে। কয় যে অন্ন আৰু যোনী বিচাৰ কৰিবলৈ শাস্ত্ৰই তেওঁলোকক কঠোৰভাৱে পৰামৰ্শ প্ৰদান কৰি থৈছে। সেয়ে গাহৰি মাংস অভক্ষ্য।
কিন্তু বিষয়ববীয়াগৰাকীৰ এই বক্তব্যত বৰ্ণহিন্দুৰ গোড়া চিন্তাধাৰা প্ৰকাশ পোৱা নাইনে? তেওঁৰ বক্তব্যত ভাৰতীয় সংবিধানে প্ৰদান কৰা নাগৰিকৰ ব্যক্তিগত অধিকাৰক অৱমাননা কৰা নাইনে? অসম এখন জনজাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য। প্ৰায় প্ৰতিটো জনজাতি-জনগোষ্ঠীৰে প্ৰধান পৰম্পৰাগত খাদ্য হৈছে গাহৰিৰ মাংস।
বড়ো-কছাৰী, কাৰ্বি, মিছিং, আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে গাহৰিৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ পুজা-পাতাল, বিবাহ, সকাম-নিকাম, ৰাজহুৱা দণ্ড পৰিশোধ আদি সকলোতে গাহৰি মাংসৰ ব্যৱহাৰ হয়। কেৱল জনজাতিয়েই নহয়, অসমৰ বৰ্ণহিন্দুসকলৰ মাজতো গাহৰিৰ মাংসৰ অত্যন্ত আদৰ আছে।
গাহৰিৰ মাংসৰ এক অৰ্থনৈতিক দিশো আছে। ৰাজ্যত লাখ লাখ গাহৰিপালকে গাহৰি পালন কৰিয়েই জীৱনযাপন কৰি আছে। গুৱাহাটী মহানগৰীতে ইয়াক লক্ষ্য কৰিব পাৰি। কেৱল গাহৰি মাংসই নহয়, উত্তৰ পূবত বাস কৰা জনজাতিসকলৰ অনেক নৃগোষ্ঠীয় খাদ্য গ্ৰহণ কৰি আহিছে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে “চেচামাত এটা দিন” নামৰ লেখাটোত এই বিষয়ে সুন্দৰকৈ লিখি গৈছে৷
লেখাটোত তেওঁ লিখিছিল যে তেওঁ এবাৰ নাগালেণ্ডত কুকুৰৰ মাংসও খাইছিল। ইয়াৰ কাৰণ আছিল নগাসকলৰ খাদ্যাভ্যাসৰ প্ৰতি সংবেদনশীলতা প্ৰদৰ্শন। এতিয়া কোনোবা অকাল কুষ্মাণ্ডই গাহৰি মাংসক লৈ অন্ন যোনী বিচাৰৰ কথা কৈ অসমৰ জনজাতিসকলক অৱমাননা কৰা নাইনে?
সামাজিক মাধ্যমত বহুতে কৈ আছে ছোৱাইন ফ্লু হোৱা বাবে শিৱসাগৰত জিলা প্ৰশাসনে গাহৰি মাংস নিষিদ্ধ কৰি থৈছে। কিন্তু সভাৰ মজিয়াত এই প্ৰসংগটো উত্থাপন কিয় নহ’ল? আপত্তিকাৰীসকলে স্বাস্থ্যজনিত কাৰণত প্ৰতিবাদ কৰিছিল নে অন্ন-যোনী বিচাৰৰ বাবে কৰিছিল? গাহৰিৰ উপৰিও বৈঠকখনৰ খাদ্য তালিকাত মাছ, পনীৰ, লোকেল কুকুৰাৰ মাংসও আছিল।
গাহৰি মাংসক লৈ যিসকলে আপত্তি জনালে, তেওঁলোকে খাদ্য তালিকাত থকা বাকী খাদ্যসমূহ নাখালে নেকি? অসম সাহিত্য সভা কি কেৱল উচ্চবৰ্ণৰ অনুষ্ঠান নেকি, য’ত গাহৰি মাংস পৰিৱেশন কৰিব নোৱাৰিব?
অসম সাহিত্য সভা, কেৱল কোনো বিশেষ কিছু গোষ্ঠীৰ অনুষ্ঠান নহয়। অসম সাহিত্য সভা হৈছে জাত-পাত, মাতৃভাষা, ধৰ্ম, সংস্কৃতি নিৰ্বিশেষে বৃহত অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰা এটা চাতিসদৃশ অনুষ্ঠান। অসমৰ জনজাতিসমূহৰ আচাৰ-নীতি, ভাষা-সংস্কৃতি, বিশ্বাস আদিৰ প্ৰসাৰ-প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ দায়িত্ব আছে।
খাদ্য এটা লোকসংস্কৃতিৰে অংশ। গাহৰীৰ মাংস অসমৰ জনজাতীয় সমাজত পৰম্পৰাগত ভাৱে চলা খাদ্য। গতিকে সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ মজিয়াত পৰম্পৰাগতভাৱে এবিধ অপৰিহাৰ্য খাদ্যক অস্পৃস্য জ্ঞান কৰাবলৈ চেষ্টা কৰাতো কিমান যুক্তিসংগত?
অসম সাহিত্য সভাৰ দৰে এটা গৰিমামণ্ডিত অনুষ্ঠানত কিছুমান তুলুঙা কথাক লৈ বিতৰ্ক হোৱাটো অসমৰ কোনো মানুহেই নিবিচাৰে। দীৰ্ঘদিন ধৰি অসম সাহিত্য সভাত বিভিন্ন কুটিল ৰাজনীতি হোৱাৰ অভিযোগ উঠি আছে। ই অসমক ভালপোৱা, ভাষা সাহিত্যক ভাল পোৱা প্ৰতিজন মানুহক দুখ দিয়ে।
গতিকে সাহিত্য সভাত এনেধৰণৰ সস্তীয়া পৰিবেশৰ অৱসান হওক আৰু এই অনুষ্ঠানত সঁচা অৰ্থত ভাষা-সাহিত্যৰ সাধনা হওক, সেয়া সকলোৱে কামনা কৰে।