• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য সভাত গাহৰি মাংস বিতৰ্ক: বৰ্ণবাদে শিপা মেলিছে নেকি অসম সাহিত্য সভাত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2022 9:42 pm
Pork controversy at Assam Sahitya Sabha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্ণ হিন্দুবাদে শিপা মেলিছে নেকি অসম সাহিত্য সভাত? অসম সাহিত্য সভা আৰু গাহৰি মাংসক লৈ তীব্ৰ বিতৰ্ক চলিব ধৰিছে, কিন্তু কিমান শোভনীয় এইসমূহ চৰ্চা? সমগ্ৰ বিতৰ্কটোৰ পৰা কি পৰিস্ফূট হৈছে? গাহৰি মাংস কি অভক্ষ্য নেকি? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

সাহিত্য নহয়, এইবাৰ গাহৰি মাংসক লৈ বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত সভাৰ ষষ্ঠ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ খাদ্য তালিকাত গাহৰি মাংসৰ অন্তৰ্ভূক্তিক লৈয়েই হৈছে এই বিতৰ্ক। দুপৰীয়া বিবিধ ব্যঞ্জনৰ লগতে ভাতৰ লগত আছিল গাহৰিৰ মাংসও।

Apply Now

জানিব পৰা মতে কাৰ্যনিৰ্বাহকত অংশ লোৱা এজনে ছাগলী মাংস বুলি গাহৰি মাংস মুখত ভৰালে। লগে লগে তেওঁ চলি থকা বিষয়টো ৰাজহুৱা কৰি তাত কিয় গাহৰি মাংস দিয়া হৈছে বুলি সভাপতিক গোচৰ দিলে। অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰি ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰি থ’লে।

এই কথাটোকে মিডিয়াত বহুলভাৱে প্ৰচাৰ হয়। মিডিয়াৰ আগত সাহিত্য সভাৰ এজন বিষয়ববীয়াই কয় যে গাহৰি মাংস ভক্ষণ নকৰাটো তেওঁলোকৰ সংস্কৃতি। তেওঁ আনকি এই প্ৰসংগত শাস্ত্ৰৰ বাণীও ব্যক্ত কৰে। কয় যে অন্ন আৰু যোনী বিচাৰ কৰিবলৈ শাস্ত্ৰই তেওঁলোকক কঠোৰভাৱে পৰামৰ্শ প্ৰদান কৰি থৈছে। সেয়ে গাহৰি মাংস অভক্ষ্য।

কিন্তু বিষয়ববীয়াগৰাকীৰ এই বক্তব্যত বৰ্ণহিন্দুৰ গোড়া চিন্তাধাৰা প্ৰকাশ পোৱা নাইনে? তেওঁৰ বক্তব্যত ভাৰতীয় সংবিধানে প্ৰদান কৰা নাগৰিকৰ ব্যক্তিগত অধিকাৰক অৱমাননা কৰা নাইনে? অসম এখন জনজাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ ৰাজ্য। প্ৰায় প্ৰতিটো জনজাতি-জনগোষ্ঠীৰে প্ৰধান পৰম্পৰাগত খাদ্য হৈছে গাহৰিৰ মাংস।

বড়ো-কছাৰী, কাৰ্বি, মিছিং, আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে গাহৰিৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ পুজা-পাতাল, বিবাহ, সকাম-নিকাম, ৰাজহুৱা দণ্ড পৰিশোধ আদি সকলোতে গাহৰি মাংসৰ ব্যৱহাৰ হয়। কেৱল জনজাতিয়েই নহয়, অসমৰ বৰ্ণহিন্দুসকলৰ মাজতো গাহৰিৰ মাংসৰ অত্যন্ত আদৰ আছে।

গাহৰিৰ মাংসৰ এক অৰ্থনৈতিক দিশো আছে। ৰাজ্যত লাখ লাখ গাহৰিপালকে গাহৰি পালন কৰিয়েই জীৱনযাপন কৰি আছে। গুৱাহাটী মহানগৰীতে ইয়াক লক্ষ্য কৰিব পাৰি। কেৱল গাহৰি মাংসই নহয়, উত্তৰ পূবত বাস কৰা জনজাতিসকলৰ অনেক নৃগোষ্ঠীয় খাদ্য গ্ৰহণ কৰি আহিছে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে “চেচামাত এটা দিন” নামৰ লেখাটোত এই বিষয়ে সুন্দৰকৈ লিখি গৈছে৷

লেখাটোত তেওঁ লিখিছিল যে তেওঁ এবাৰ নাগালেণ্ডত কুকুৰৰ মাংসও খাইছিল। ইয়াৰ কাৰণ আছিল নগাসকলৰ খাদ্যাভ্যাসৰ প্ৰতি সংবেদনশীলতা প্ৰদৰ্শন। এতিয়া কোনোবা অকাল কুষ্মাণ্ডই গাহৰি মাংসক লৈ অন্ন যোনী বিচাৰৰ কথা কৈ অসমৰ জনজাতিসকলক অৱমাননা কৰা নাইনে?

সামাজিক মাধ্যমত বহুতে কৈ আছে ছোৱাইন ফ্লু হোৱা বাবে শিৱসাগৰত জিলা প্ৰশাসনে গাহৰি মাংস নিষিদ্ধ কৰি থৈছে। কিন্তু সভাৰ মজিয়াত এই প্ৰসংগটো উত্থাপন কিয় নহ’ল? আপত্তিকাৰীসকলে স্বাস্থ্যজনিত কাৰণত প্ৰতিবাদ কৰিছিল নে অন্ন-যোনী বিচাৰৰ বাবে কৰিছিল? গাহৰিৰ উপৰিও বৈঠকখনৰ খাদ্য তালিকাত মাছ, পনীৰ, লোকেল কুকুৰাৰ মাংসও আছিল।

গাহৰি মাংসক লৈ যিসকলে আপত্তি জনালে, তেওঁলোকে খাদ্য তালিকাত থকা বাকী খাদ্যসমূহ নাখালে নেকি? অসম সাহিত্য সভা কি কেৱল উচ্চবৰ্ণৰ অনুষ্ঠান নেকি, য’ত গাহৰি মাংস পৰিৱেশন কৰিব নোৱাৰিব?

অসম সাহিত্য সভা, কেৱল কোনো বিশেষ কিছু গোষ্ঠীৰ অনুষ্ঠান নহয়। অসম সাহিত্য সভা হৈছে জাত-পাত, মাতৃভাষা, ধৰ্ম, সংস্কৃতি নিৰ্বিশেষে বৃহত অসমীয়া জাতিটোক প্ৰতিনিধিত্ব কৰা এটা চাতিসদৃশ অনুষ্ঠান। অসমৰ জনজাতিসমূহৰ আচাৰ-নীতি, ভাষা-সংস্কৃতি, বিশ্বাস আদিৰ প্ৰসাৰ-প্ৰচাৰৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ দায়িত্ব আছে।

খাদ্য এটা লোকসংস্কৃতিৰে অংশ। গাহৰীৰ মাংস অসমৰ জনজাতীয় সমাজত পৰম্পৰাগত ভাৱে চলা খাদ্য। গতিকে সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ মজিয়াত পৰম্পৰাগতভাৱে এবিধ অপৰিহাৰ্য খাদ্যক অস্পৃস্য জ্ঞান কৰাবলৈ চেষ্টা কৰাতো কিমান যুক্তিসংগত?

অসম সাহিত্য সভাৰ দৰে এটা গৰিমামণ্ডিত অনুষ্ঠানত কিছুমান তুলুঙা কথাক লৈ বিতৰ্ক হোৱাটো অসমৰ কোনো মানুহেই নিবিচাৰে। দীৰ্ঘদিন ধৰি অসম সাহিত্য সভাত বিভিন্ন কুটিল ৰাজনীতি হোৱাৰ অভিযোগ উঠি আছে। ই অসমক ভালপোৱা, ভাষা সাহিত্যক ভাল পোৱা প্ৰতিজন মানুহক দুখ দিয়ে।

গতিকে সাহিত্য সভাত এনেধৰণৰ সস্তীয়া পৰিবেশৰ অৱসান হওক আৰু এই অনুষ্ঠানত সঁচা অৰ্থত ভাষা-সাহিত্যৰ সাধনা হওক, সেয়া সকলোৱে কামনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd