• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত বিশেষভাৱে সক্ষম ২৫২ গৰাকী লোকৰ মাজত দিব্যাংগ পৰিচয় পত্ৰ বিতৰণ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
July 31, 2022 9:19 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্রকল্প, বোকাখাত আৰু গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ বিশেষ সহযোগত স্থানীয় নাট্যমন্দিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত বিশেষভাৱে সক্ষম ২৫২ গৰাকী লোকৰ মাজত দিব্যাংগ পৰিচয় পত্ৰ আৰু দিব্যাংগ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই ২০ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক আনুষ্ঠানিক ভাৱে দিব্যাংগ পৰিচয় পত্ৰ আৰু দিব্যাংগ প্ৰমাণ পত্ৰ বিতৰণ কৰে।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

Apply Now

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে বোকাখাত মহকুমাত সম্প্ৰতি ২১৪২ গৰাকী বিশেষভাৱে সক্ষম ব্যক্তি চিনাক্ত কৰা হৈছে আৰু এই সকল ব্যক্তিক পর্যায়ক্রমে দিব্যাংগ পৰিচয় পত্ৰ আৰু দিব্যাংগৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব আৰু ইয়াৰ জৰিয়তে বিশেষভাৱে সক্ষম লোক সকলে সকলো চৰকাৰী সা-সুবিধাও লাভ কৰিব ৷

তেওঁৰ মতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে বহুতো কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে ৷ এই আঁচনি সমূহ সঠিক আৰু সফল ৰূপায়ণৰ বাবে মহকুমা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰীক সক্ৰিয় আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ অতুল বৰাই প্ৰশাসনিক বিষয়া কৰ্মচাৰীক নির্দেশ দিয়ে ।

লগতে পঢ়ক: Commonwealth Games 2022: নিউজিলেণ্ডৰ এৰিয়ান নিকলছনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনা বৰগোঁহাইৰ

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে দিব্যাংগৰ পৰিচয় পত্ৰ আৰু দিব্যাংগৰ প্ৰমাণ পত্ৰ থকা সকলো লোকেই উপলব্ধ চৰকাৰী আঁচনিৰ সকলো সুবিধা সহজ ভাৱে লাভ কৰিব পৰিব বুলি উল্লেখ কৰে।

মহকুমাধিপতিগৰাকীয়ে এই দিব্যাংগৰ পৰিচয় পত্ৰ আৰু প্ৰমাণ পত্ৰ প্ৰস্তুতকৰণৰ সৈতে জড়িত সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া, কৰ্মচাৰীক অনুষ্ঠানত কৃতজ্ঞতা জ্ঞাপন কৰে।

বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অপূর্ব শর্মাইও অনুষ্ঠানত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত হিতাধিকাৰী সকলক পৰিচয় পত্ৰৰ লগতে গছপুলি আৰু হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অংশস্বৰূপে একোখনকৈ ৰাষ্ট্ৰীয় পতাকাও বিতৰণ কৰা হয়।

লগতে পঢ়ক: Huge Cash recovered: পশ্চিমবংগৰ হাওৰাত গাড়ীৰ পৰা প্ৰায় ৪৯ লাখ টকা উদ্ধাৰ; ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক আটক

ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া প্ৰণৱ বৰাই আদৰণী ভাষণ প্ৰদান কৰাৰ লগতে মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনে শলাগৰ শৰাই আগবঢ়ায় ৷ অনুষ্ঠানত বোকাখাত মহকুমা প্রশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে ।

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd