• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ঔষধ ক্ৰয় কৰোঁতে সদায় পৰীক্ষা কৰক expiry date; কিয় প্ৰয়োজন জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 1, 2022 9:34 pm
ঔষধ ক্ৰয় কৰোঁতে সদায় পৰীক্ষা কৰক expiry date; কিয় প্ৰয়োজন জানেনে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো ধৰণৰ ঔষধ এটা খোৱাৰ আগতে আমি সাধাৰণতে ইয়াৰ expiry date টো এবাৰ হলেও লক্ষ্য কৰোঁ। কিন্তু এই expiry date মানে কি, ইয়াৰ প্ৰকৃত অৰ্থ কি, কি উদ্দেশ্যত expiry date টো মেডিচিনৰ ওপৰত লিখা থাকে সেয়া আমি বেছিভাগ মানুহেই নাজানো বা কেতিয়াও জানিবলৈ সুযোগ পোৱা নাই।

ফলস্বৰূপে এই expiry date লৈ বিভিন্ন সময়ত বিভিন্ন চিকিৎসালয় বা ফাৰ্মাচীত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। সেয়ে আজি expiry date টোৰ বিষয়ে অলপ জানোঁ আহক।

Expiry Date ৰ ওপৰত আমাৰ বেছিভাগ মানুহৰে এটা বিৰাট ডাঙৰ ভুল ধাৰণা আছে আৰু সেয়া হল expiry date পাৰ হৈ যোৱা যিকোনো ঔষধ এটা খালেই ৰোগী খুব অসুস্থ বা মৃত্যু হোৱাটো খাটাং, কিন্তু প্ৰকৃততে এই ধাৰণাটো একেবাৰে সঠিক নহয়।

ঔষধ এটাৰ ওপৰত লিখা থকা expiry date মানে হ’ল এটা নিৰ্দিষ্ট দিন বা তাৰিখ বা মাহ যিটো তাৰিখলৈকে সেই নিৰ্দিষ্ট ঔষধটোৰ potency আৰু safety ৰ গেৰান্টী থাকে।

ইয়াত potency মানে হল ঔষধৰ বেমাৰ ভাল কৰিব পৰা সৰ্বোচ্চ ক্ষমতা বা গুণ আৰু safety মানে হল সেই নিৰ্দিষ্ট ঔষধৰ গুণৰ দ্বাৰা অনাকাংক্ষিত কোনো স্বাস্থ্যজনিত অৱনতি নোহোৱা।

সাধাৰণতে যেতিয়া ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে কোনো এটা ঔষধ প্ৰস্তুত কৰে সেই নিৰ্দিষ্ট প্ৰস্তুত হোৱা তাৰিখ বা manufacturing date ৰ পৰাই ঔষধটোৰ potency আৰু safety কমিবলৈ ধৰে।

ক্ৰমে এইদৰেই কমি আহি আহি expiry date ৰ সময়লৈকে মেডিচিনটোৰ potency 90% লৈকে নামি আহে যদিও ঔষধৰ এই অৱস্থা বা পৰ্য্যায়লৈকে সৰ্বোচ্চ গুণসম্পন্ন হৈ থকা বুলি ধৰা হয়।

গতিকে expiry date পাৰ হৈ যোৱাৰ পিছ মুহূৰ্ততেই ঔষধ এটাই ইয়াৰ সকলো গুণ হেৰুৱাই জীৱন ধ্বংসকাৰী হিচাপে পৰ্যবসিত হোৱা বুলি ধাৰণা কৰাটো ভুল। expiry date মানে এনেকুৱা এটা তাৰিখ নহয় যে সেইদিনা ঔষধটোৰ potency সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব বা ই বেমাৰত একেবাৰে কাম নকৰিব বা খুব ক্ষতিকাৰক হব।

 

লেবৰেটৰী টেষ্টৰ পৰা এইটোও গম পোৱা গৈছে যে কিছুমান ঔষধ expiry date পাৰ হৈ যোৱাৰ বহু বছৰ পিছলৈও যদিহে ইয়াৰ proper storage system টো ঠিক থাকে তেন্তে ইয়াৰ potency 85%ৰ পৰা 90% ৰ ভিতৰতেই থাকে।

টেবলেট বা কেপচুল হিচাপে থকা ঔষধ বিলাক সাধাৰণতে expiry date পাৰ যোৱাৰ পিছতো বহু দিনলৈ potency প্ৰায় নষ্ট নোহোৱাকৈ থাকে কিন্তু চিৰাপ বা তেনেধৰণৰ liquid preperation, injectable preperation, dry syrup, ointment, eye/ear/nasal drops, vaccine, powder ইত্যাদি ঔষধৰ expiry date পাৰ হোৱাৰ পিছত ঔষধৰ potency কিছু কমি অহাৰ উপৰিও যদি ঔষধৰ সংৰক্ষণত অৰ্থাৎ storage system ত উপযুক্ত তাপ আৰু পোহৰৰ তাৰতম্য হয় তেতিয়াহলে কিছু দিন পিছত তাত কিছুমান বেক্টেৰিয়া বা তেনেধৰণৰ বীজানুয়ে বসতি স্থাপন কৰাৰ সম্ভাৱনা থাকে।

ইয়াৰ উপৰিও tetracycline /doxycycline ঔষধৰ বাদে বেলেগ ঔষধ expiry date পাৰ হৈ গলেও ই কেতিয়াও toxic বা বিষ লৈ পৰ্যবসিত নহয়। গতিকে ম্যাদ উকলি যোৱা ঔষধ মানেই বিষ বা এইবিলাক কেতিয়াবা ভুলতে খালেই মৃত্যু হ’ব বুলি ভৱাটো অনুচিত।

এইখিনিতে এটা কথা স্পষ্টকৈ উল্লেখ কৰিব লাগিব যে বহু সময়ত ঔষধ এটা expiry হোৱাৰ বহু আগতেই ইয়াৰ potency কিছু পৰিমাণে কমি যাব পাৰে কাৰণ ঔষধ এটা প্ৰস্তুতকৰণ হোৱাৰ পিছৰ পৰা বেমাৰীৰ দেহত সুমোৱা লৈকে এই সময়ছোৱা এক নিৰ্দিষ্ট তাপ আৰু পোহৰৰ মাজত ৰখাটো জৰুৰী গতিকে অত্যাধিক তাপ আৰু পোহৰৰ প্ৰভাৱত ঔষধৰ potency ইয়াৰ expiry date পাৰ হোৱাৰ আগতেই বহু পৰিমাণে কমি যায়।

 

ইয়াৰ উপৰিও বায়ুৰ অক্সিজেন আৰু জলবায়ুৰ আৰ্দ্ৰতাৰ ওপৰতো ঔষধ এটাৰ potency বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে ঔষধৰ সৰ্বোচ্চ potency আৰু safety ৰ কাৰণে expiry date ৰ সমান্তৰালকৈ ঔষধৰ storage system ৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া উচিত।

Expiry date পাৰ নহলেও ঔষধ এটাই potency হেৰুৱাব পাৰে, আহকচোন জানো কেনেকৈ?

liquid preparation যেনে চিৰাপ, ছাছপেনশ্বন ইত্যাদিৰ বটলৰ সোপা খোলাৰ পৰা আৰম্ভ কৰি খুব বেছি এক মাহলৈকে ইয়াৰ potency ঠিক থাকে। যিকোনো eye drop এটা ব্যবহাৰৰ প্ৰথম দিনৰ পৰা আৰম্ভ কৰি সৰ্বাধিক চাৰি সপ্তাহ বা এমাহলৈ ইয়াৰ potency ঠিক থাকে।

সৰু লৰা ছোৱালীৰ যিবিলাক ঔষধ পাউডাৰ হিচাপে থাকে আৰু খোৱাৰ আগত পানীৰ (distilled water) লগত মিহলাই ছাছপেনশ্বন বনাই খোৱাব লাগে সেইবিলাকৰ পানী মিহলোৱা দিনৰ পৰা আৰম্ভ কৰি এক সপ্তাহ বা সৰ্বাধিক দুই সপ্তাহলৈ potency ঠিক থাকে।

যিবিলাক ইনজেকশন পাউডাৰ হিচাপে থাকে আৰু পানীৰ (distilled water or Normal Saline) লগত মিহলাই বেজি দিব লাগে সেইবিলাক পানীৰ লগত মিহলোৱাৰ পিছত মাত্ৰ এক বা দেৰ ঘন্টা লৈহে potency ঠিক থাকে।

 

Expiry date ৰ ক্ষেত্ৰত আমি লবলগীয়া সাৱধানতা সমূহ হ’ল:-

যদিও expiry date পাৰ হৈ যোৱা ঔষধ খালে খুব মাৰাত্মক ক্ষতি নহয় তথাপিও যিকোনো expiry date পাৰ হোৱা ঔষধ কেতিয়াও খাব বা ব্যৱহাৰ কৰিব নালাগে, আৰু সেয়ে ভুলতে যদি কেতিয়াবা ম্যাদ ওকলা ঔষধ খোৱা হয় তাত ভয় নকৰি ওচৰৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত কাৰণ ইয়াৰ কাৰণে চিকিৎসা বিজ্ঞানত উপযুক্ত ব্যবস্থা আছে।

যেতিয়া কোনো টেবলেট বা কেপচুল খুব কোমল হৈ যায়, চিৰাপ বা তেনে liquid preparation ৰ তলত গাদ জমা হয়, ছাছপেনশ্বন বিলাক জোকাৰি দিলেও ভালকৈ মিহলি নহয়, dry syrup বা dry injectable preparation বা powder বিলাক গোট মাৰি থাকে, liquid injection বিলাকৰ ৰংৰ পৰিবৰ্তন হয়, ointment বিলাক খুব বেছি sticky হয় তেনে ক্ষেত্ৰত ঔষধৰ expiry date থাকিলেও কেতিয়াও খাব বা ব্যৱহাৰ কৰিব নালাগে।

যিকোনো ম্যাদ উকলি যোৱা ঔষধ কেতিয়াও য’তে-ত’তে পেলাই দিব নালাগে। ইয়াক বিজ্ঞান সন্মত পদ্ধতিৰে dispose কৰাৰ ব্যৱস্থা কৰিব লাগে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

অমিত শ্বাহৰ ব্যাখ্যাত অসন্তুষ্ট! পদত্যাগ নে গৃহবন্দী কটাক্ষ বিৰোধীৰ

August 26, 2025 3:20 pm
কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

কৰ্ণাটকত শিৱমোগ্গাত শাৰৱতী প্ৰকল্প নিৰ্মাণৰ বাবে কটা হ’ব ১০ হাজাৰ গছ

August 26, 2025 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd