Nigerian man in Delhi tests positive for monkeypox ৰাজধানী দিল্লীত আৰু এজন মাংকিপক্সত আক্ৰান্তৰ সন্ধান পোৱা গৈছে। নাইজেৰিয়াৰ এজন ৩৫ বছৰীয়া নাগৰিকৰ শৰীৰত মাংকিপক্স সংক্ৰমণৰ ধৰা পৰা পিছতেই কেন্দ্ৰই পুনৰ দিল্লী চৰকাৰ আৰু ৰাজধানীৰ বিমানবন্দৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিছে।
সংক্ৰমিত ৰোগীজনক দিল্লী চৰকাৰী এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰোগীজনে দাবী কৰিছে যে তেওঁ শেহতীয়াকৈ বিদেশ ভ্ৰমণ কৰা নাছিল।
লগতে পঢ়ক: মধ্য প্ৰদেশত চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ১০ জন নিহত, আহত কেইবাগৰাকীও
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা পাঁচ দিন ধৰি তেওঁৰ শৰীৰত ফোঁহা, জ্বৰকে ধৰি মাংকিপক্সৰ বিভিন্ন লক্ষণ দেখা গৈছে।
ইয়াৰ সৈতে দেশখনত মুঠ ছয়জন মাংকিপক্স সংক্ৰমিত লোক ধৰা পৰিছে।
উল্লেখ্য যে কেৰালাৰ ত্ৰিশূৰত মাংকিপক্স ভাইৰাছৰ ফলত দেশৰ প্ৰথম মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে।
লগতে পঢ়ক: পাত্ৰ চাওল কেলেংকাৰী: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক ৪ আগষ্টলৈকে ইডিৰ জিম্মালৈ প্ৰেৰণ
কেৰালা চৰকাৰে সোমবাৰে জনায় যে মাংকিপক্সৰ সংক্ৰমণত মৃত্যু হোৱা ২২ বছৰীয়া যুৱকজনে অলপতে সংযুক্ত আৰৱ আমিৰাতৰ পৰা উভতি আহিছিল।