• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Fatty liver problem ফেটী লিভাৰৰ সমস্যাত ভুগিছে নেকি? আহকচোন জানো তাৰ কাৰণ আৰু চিকিৎসা সন্দৰ্ভত

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 3, 2022 3:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ অত্যাৱশ্যকীয় গ্ৰন্থি লিভাৰত চৰ্বি জমা হ’লে ফেটী লিভাৰ হোৱা বুলি কোৱা হয়। যেতিয়া লিভাৰটোৰ ওজনতকৈ ৫-১০ শতাংশ অধিক চৰ্বি লিভাৰত জমা হয়, তেতিয়া লিভাৰৰ কোষবিলাক ধ্বংস হ’বলৈ আৰম্ভ কৰে।

ফলত আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ আৰম্ভ হয়। সময়মতে উপযুক্ত চিকিৎসা কৰিলে ফেটী লিভাৰ ভাল হয়। ফেটী লিভাৰ মুখ্যতঃ দুই প্ৰকাৰৰ। এবিধ এলক’হলিক ফেটী লিভাৰ আৰু আনবিধ নন-এলক’হলিক ফেটী লিভাৰ।

Apply Now

ফেটী লিভাৰৰ কিয় হয়?

এলক’হলিক ফেটী লিভাৰ হোৱাৰ একমাত্ৰ কাৰণ হ’ল নিয়মিতভাৱে অতিমাত্ৰা মদ্যপান কৰা। নন-এলক’হলিক ফেটী লিভাৰ হোৱাৰ মূল কাৰণবোৰ হ’ল- মেদবহুলতা, শ্ৰমহীনতা, অত্যধিক শৰ্কৰা আৰু চৰ্বিযুক্ত খাদ্য খোৱাৰ অভ্যাস, দেহৰ ওজন বৃদ্ধি, টাইপ-২ ডায়েবেটিছ, দেহত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি, উচ্চ ৰক্তচাপ আৰু পুষ্টিহীনতা ইত্যাদি।

কেতিয়াবা গৰ্ভাৱস্থাৰ বাবেও নন-এলক’হলিক ফেটী লিভাৰ হ’ব পাৰে। কিছুমানৰ ক্ষেত্ৰত ই বংশগত হয়। মধ্যবয়সীয়া আৰু অধিক ওজনযুক্ত লোক নন-এলক’হলিক ফেটী লিভাৰত আক্ৰান্ত হোৱাৰ আশংকা অতি বেছি থাকে।

ফেটী লিভাৰৰ লক্ষণ সমূহ জানো আহক

প্ৰথম অৱস্থাত ফেটী লিভাৰে কোনো লক্ষণ নেদেখুৱায়। দৈনন্দিন স্বাস্থ্য পৰীক্ষাৰ সময়তহে এই অৱস্থাটো ধৰা পৰে। পিছলৈ ফেটী লিভাৰত দেখা দিয়া লক্ষণ হ’ল- ভোক নলগা, বমি ভাব হোৱ, কোনো কামত মন নবহা, ভাগৰ অনুভৱ হোৱা, শৰীৰৰ দুৰ্বলতা, ওজন হ্ৰাস, পেটৰ মাজভাগত বা ওপৰ পেটৰ সোঁফালে বিষ অনুভৱ হোৱা, লিভাৰ ফুলি যোৱা, ডিঙি আৰু কাষলতিৰ তলত ছাল ডাঠ ক’লা ৰঙৰ হোৱা ইত্যাদি। পিছলৈ এলাৰ্জী, ছালৰ ৰোগ আৰু পাচন প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি লক্ষণ দেখা দিয়ে।

ফেটী লিভাৰৰ চিকিৎসা কি জানেনে?

এলকহ’লিক ফেটী লিভাৰৰ চিকিৎসাৰ প্ৰধান চৰ্ত হৈছে মদ্যপানৰপৰা বিৰত থকা। মদ্যপান বন্ধ কৰিলে লিভাৰৰ স্বাস্থ্য পুনৰ ভাললৈ আহিব আৰু যিসকলে ইতিমধ্যে চিৰ’ছিছত ভুগিছে, তেওঁলোকৰ জীৱনৰ আয়ুসো বাঢ়িব।

মদ্যপান বন্ধ কৰিবলৈ ‘ডিএডিকচন কেন্দ্ৰ’ৰ সহায় লোৱাৰ উপৰি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধো খাব পাৰে। ধূমপান ত্যাগ, দেহৰ ওজন হ্ৰাস কৰা, নিয়মিত ব্যায়াম কৰা আৰু পুষ্টিহীনতা দূৰ কৰাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু মিনাৰেলছ আদি খাব লাগে।

নন-এলকহ’লিক ফেটী লিভাৰৰ ৰোগীৰ এই ৰোগ সৃষ্টি কৰা কাৰক মেদবহুলতা, দেহৰ ওজন বৃদ্ধি, টাইপ-২ ডায়েবেটিছচ, ট্ৰইগ্লিচাৰাইড আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি, উচ্চ ৰক্তচাপ আৰু পুষ্টিহীনতাৰ চিকিৎসা কৰিলেই নন-এলক’হলিক ফেটী লিভাৰ ভাল হয়।

নন-এলক’হলিক ফেটী লিভাৰত ভোগা বেছিসংখ্যক ৰোগীয়েই পুষ্টিহীনতাত ভোগে। সেয়েহে এনে ৰোগীয়ে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ মতে প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু মিনাৰেলছ আদি খাব লাগে। ওমেগা-থ্ৰী কেপছুলো খাব পাৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd