• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Cholesterol: কলেষ্টেৰল বুলি ক’লেই বৰ চিন্তা হয় নহয় জানো? আহকচোন কলেষ্টেৰল কিয় হয় আৰু তাৰ চিকিৎসাৰ বিষয়ে জানো

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 4, 2022 5:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ প্ৰত্যেক কোষতে এবিধ মম সদৃশ চৰ্বি জাতীয় দ্ৰব্য থাকে, যাক কলেষ্টেৰল (cholesterol) বুলি কোৱা হয়। প্ৰত্যেকটো কোষৰে বাহিৰৰ আৱৰণ (চেল মেমব্ৰেন) গঠনত কলেষ্টেৰলৰ প্ৰয়োজন।

কলেষ্টেৰলৰ পৰা দেহত বিভিন্ন হৰম’ন আৰু ভিটামিন-ডি প্ৰস্তুত হয়। দেহত যকৃতে ৭৫ শতাংশ কলেষ্টেৰল প্ৰস্তুত কৰে। বাকী ২৫ শতাংশ খাদ্যৰ পৰা আহে।

এইচ ডি এল আৰু এল ডি এলঃ আমাৰ ৰক্তত থকা কলেষ্টেৰলসমূহ লাইপ’প্ৰ’টিন নামৰ এবিধ প্ৰ’টিন দ্ৰব্যই কঢ়িয়াই নিয়ে। তাৰ ভিতৰত হাই ডেনচিটি লাইপ’প্ৰ’টিন (এইচ ডি এল)-য়ে হৃদৰোগ প্ৰতিৰোধ কৰে।

Apply Now

সেইবাবে ইয়াক ‘গুড’ কলেষ্টেৰল বোলে। আনহাতে ল’ ডেনচিটি লাইপ’প্ৰ’টিন ধমনীত জমা হৈ হাৰ্ট এটেক, ষ্ট্ৰ’ক আদিৰ সৃষ্টি কৰে। সেইবাবে ইয়াক ‘বেড’ কলেষ্টেৰল বোলে।

বৰ্ধিত কলেষ্টেৰলৰ সৈতে জড়িত আন ৰোগসমূহ জানেনে?

১) মগজুলৈ তেজ যোৱা ধমনীত বন্ধ হৈ ষ্ট্ৰ’ক হ’ব পাৰে।

২) ৰক্তত বৰ্ধিত কলেষ্টেৰলৰ বাবে হৃদৰোগ হোৱাৰ আশংকা আটাইতকৈ বেছি।

৩) হৃদযন্ত্ৰ আৰু মগজুলৈ তেজ প্ৰৱাহ হোৱা ধমনীৰ বাহিৰেও শৰীৰৰ আন অংগলৈ যোৱা ধমনীত কলেষ্টেৰল জমা হৈ তেজ চলাচলত ব্যাঘাত জন্মায়। এনে স্থিতি সাধাৰণতে ভৰিত বেছিকৈ হয়।

৪) ডায়েবেটিছত এল ডি এল (বেড কলেষ্টেৰল)-ৰ মাত্ৰা বৃদ্ধি পায়। ফলত হৃদৰোগৰ আশংকা বৃদ্ধি পায়।

৫) বৰ্ধিত কলেষ্টেৰলে দেহত ৰক্তচাপ বৃদ্ধি কৰে।

কলেষ্টেৰেলৰ মাত্ৰা কেনেকৈ হ্ৰাস কৰিব? তাৰ উপায় কিছু জানো আহক

ক) খাদ্য-

১) কলেষ্টেৰল হ্ৰাস কৰাৰ ক্ষেত্ৰত খাদ্যই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক ফাইবাৰ বা আঁহজাতীয় খাদ্য গ্ৰহণ কৰক।

এনে খাদ্যৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট হৈছে অ’ট্ছ। পুৱা জলপানত অ’ট্ছ ব্যৱহাৰ কৰক। আন অধিক ফাইবাৰ থকা খাদ্যসমূহ হৈছে বাৰ্লি, ডালিয়া, ৰাজমাহ, মটৰমাহ, বিভন্ন দাইল, আপেল, নাচপতি, আটা, ব্ৰাউন ৰাইচ ইত্যাদি।

২) চৰ্বি জাতীয় খাদ্য যেনে- মাংস, গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী খাদ্য, তেলত ভজা খাদ্য, মাখন, চীজ আদি নাখাব।

৩) সপ্তাহত কমেও দুবাৰকৈ মাছ খাওক। ওমেগা থ্ৰীৰে ভৰপূৰ মাছ যেনে- টুনা, চাৰদিনছ, মেকেৰেল আদি বিশেষ উপযোগী।

৪) দৈনিক খাদ্যত শাক-পাচলি আৰু ফল-মূলৰ মাত্ৰা বঢ়াই দিয়ক।

৫) পাৰিলে অলিভ অইল ব্যৱহাৰ কৰক।

৬) চীনা বাদাম, আখৰোট, পিষ্টা আদি বাদাম খুব পৰিমাণে খাওক।

৭) চয়াবিন আৰু চয়াবিনেৰে তৈয়াৰী খাদ্য যেনে- টফু ব্যৱহাৰ কৰক।

৮) ওমেগা থ্ৰীৰ কেপচুল দৈনিক সেৱন কৰক।

খ) শাৰীৰিক শ্ৰম:-

দৈনিক ৩০-ৰ পৰা ৪০ মিনিট শাৰীৰিক শ্ৰম বা ব্যায়াম কৰিলে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে আৰু এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, যি হৃদৰোগ প্ৰতিৰোধ কৰে। খৰকৈ খোজ কাঢ়ক।

গ) দেহৰ ওজন:- দেহৰ ওজন যদি স্বাভাৱিকতকৈ বেছি আছে তেন্তে হ্ৰাস কৰিবলৈ যত্ন কৰক।

ঘ) ধূমপান বৰ্জন কৰক।

ঙ) ঔষধ:- ওপৰত উল্লেখ কৰা খাদ্য আৰু ব্যায়ামৰ উপৰি চিকিৎসকৰ পৰামৰ্শ মতে কলেষ্টেৰল হ্ৰাস কৰা ঔষধ ব্যৱহাৰ কৰিব পাৰি।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd