• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি-আৰ এছ এছক কটাক্ষ ৰাহুল গান্ধীৰ: ৫২ বছৰে ত্ৰিৰংগা উত্তোলন নকৰাসকলে এতিয়া হৰ ঘৰ ত্ৰিৰংগা অভিযান চলাইছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 4, 2022 9:58 pm
Rahul Gandhi Har Ghar Tiranga
151
VIEWS
Share on FacebookShare on Twitter

‘যিসকলে যোৱা ৫২ বছৰে ত্ৰিৰংগা উত্তোলন কৰা নাই, তেওঁলোকে এতিয়া হৰ ঘৰ ত্ৰিৰংগা অভিযান চলাইছে’! দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান সন্দৰ্ভত এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

শাসনাধিষ্ঠ বিজেপি দল তথা আৰ এছ এছক কটাক্ষ কৰিয়েই এই মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।

দেশবাসীক দেশপ্ৰেমৰ পাঠ শিকোৱা বিজেপি আৰু আৰ এছ এছ- ক আক্ৰমণ কৰি গান্ধীয়ে কয়, “ইতিহাস সাক্ষী আছে, যিসকলে এতিয়া ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ অভিযান চলাই আছে, তেওঁলোক ৫২ বছৰ ধৰি ত্ৰিৰংগা উত্তোলন নকৰা এটা সংগঠনৰ পৰা আহিছে।”

বুধবাৰে কৰ্ণাটকৰ হুবলি জিলাৰ খাদী ভিলেজ ইণ্ডাষ্ট্ৰিজ ভ্ৰমণৰ সময়ত গান্ধীয়ে কয় যে লাখ লাখ দেশবাসীয়ে ত্ৰিৰংগাক সদায় উচ্চ কৰি ৰাখিবলৈ নিজৰ জীৱন উচৰ্গা কৰিছিল।

“কিন্তু এটা সংগঠনে সদায়ে ত্ৰিৰংগা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি অহাৰ লগতে নিৰন্তৰ ত্ৰিৰংগাক অপমানিত কৰি আহিছে। ৫২ বছৰ ধৰি নাগপুৰত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলন কৰা নাই” বুলি আৰ এছ এছক মুকলি কটাক্ষ কৰে গান্ধীয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপি চৰকাৰে নতুন নীতিৰ জৰিয়তে যন্ত্ৰ-নিৰ্মিত, পলিয়েষ্টাৰ পতাকা আমদানিৰ অনুমতি দি দেশৰ খাদী উদ্যোগৰ সৈতে জড়িত লোকসকলৰ জীৱিকা ধ্বংস কৰা বুলিও অভিযোগ তুলিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd