• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Eye disease: চকুত সাধাৰণতে হোৱা ৰোগ সমূহ আৰু তাৰবাবে ল’বলগীয়া সাৱধানতাৰ বিষয়ে জানো আহক

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 8, 2022 6:05 pm
Eye disease
203
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰটোৰ প্ৰায়বোৰ সময়তে সাধাৰণতে দেখা দিব পৰা চকুৰ বেমাৰসমূহৰ ভিতৰত ভাইৰেল কনজাংকটিভাইটিছ (Viral Conjunctivitis) নামৰ ৰোগবিধেই প্ৰধান। যাক বহুলোকে চকু উঠা ৰোগ, জয় বাংলা (কিয় বোলা হয় কোনো তথ্য নাই) আদি নামেৰেও অভিহিত কৰা দেখা যায়।

এইবিধ ৰোগে পুৰুষ মহিলা, কেঁচুৱা, শিশু আদি সকলোকে বয়স নিৰ্বিশেষে আক্ৰমণ কৰিব পাৰে। সাধাৰণতে Adino Virus নামৰ এবিধ ভাইৰাছৰ পৰা এইবিধ ৰোগ উৎপত্তি হয় যদিও একে ধৰণৰ দুই এক অন্য ভাইৰাছৰ দ্বাৰাও এই ৰোগ হ’ব পাৰে।

Apply Now

ইয়াৰ উপৰিও কেতিয়াবা bacteriaৰ দ্বাৰাও conjunctivitis ৰোগ হোৱা দেখা যায়। যাক বেক্টেৰিয়েল কনজাংকটিভাইটিছ বুলি কোৱা হয়। যদিও এই ৰোগসমূহ গ্ৰীষ্মকালত বেছিকৈ দেখা পোৱা যায় কিন্তু বতৰ আৰু জলবায়ু পৰিৱৰ্তন সাপেক্ষে বছৰটোৰ প্ৰায় সকলো সময়তে এনেধৰণৰ ৰোগৰ সংক্ৰমণ হোৱা দেখা যায়।

ৰোগৰ লক্ষণ সমূহ জানো আহক:

এই ৰোগ বিধ প্ৰায়েই হঠাতে আৰম্ভ হোৱা দেখা যায়। প্ৰায়বোৰ সময়ত ধূলি-বালি বা সৰু পোক-পৰুৱাই চকুত খুন্দা মাৰি চকুহাল আঘাত কৰাৰ দৰে অনুভৱ হয়। খুব কম সময়ৰ ভিতৰতে আক্ৰান্ত হোৱা চকুটো ৰঙা পৰি যায় আৰু লগতে খচ-খচনি আৰু কিছু পৰিমাণে বিষ অনুভৱ হয়।

এই বিষ সামান্যৰ পৰা মধ্যমীয়া হৈ কেতিয়াবা গুৰুতৰ হোৱা দেখা যায়। প্ৰায়বোৰ ক্ষেত্ৰতে এই ৰোগত দুয়োটা চকু আক্ৰান্ত হোৱা দেখা যায়। চকুৰ মণিটোৰ চাৰিওফালে থকা বগা অংশৰ(conjunctiva) তেজ পৰিবাহী সূক্ষ্ম নলিকাবোৰ ভাইৰাছৰ দ্বাৰা নিসৰ্গিত ৰাসায়নিক দ্ৰব্যৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত ফুলি উঠে আৰু তেজৰ চলাচলো তাত দ্ৰুত হৈ পৰে।

বহু সময়ত এই ফুলি উঠা নলিকাবোৰ ফাটি গৈ ৰক্ত ক্ষৰণো হোৱা দেখা যায়। ৰোগৰ প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে চকুৰ বগা অংশখিনিৰ লগতে চকুৰ দুয়োটা বাদু ফুলি উঠে। চকুৰ পৰা পানী ওলাই চকুৰ গুৰি অংশত কড়াল মাৰি ধৰি ৰাতি পুৱা সময়ত চকু হাল মেলাত অসুবিধাৰ সৃষ্টি কৰে। যাক আমি ফেচকুৰি বুলি কওঁ।

প্ৰথম অৱস্থাত ৰোগীয়ে চকুৰে দেখাত বিশেষ অসুবিধা অনুভৱ নকৰিলেও কিছুসংখ্যক ৰোগীয়ে ৰোগ আৰম্ভ হোৱাৰ পাছৰ পৰা সাত দিনৰ পিছত চকুৰে দেখাত কিছু অসুবিধা পাবলৈ আৰম্ভ কৰে।

ইয়াৰ মূল কাৰণ হ’ল ভাইৰাছজনিত ৰোগবিধে চকুৰ বগা অংশৰ পৰা আৰম্ভ কৰি কেতিয়াবা চকুৰ কলা অংশটোত( cornea, বা চকুৰ মণি) আক্ৰমণ কৰে। মণিৰ ওপৰৰ ছালখনত সৰু সৰু অসংখ্য ঘাঁৰ সৃষ্টি হৈ ৰোগীক ভালে মান অসুবিধাত পেলায়।

ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত কেৰাট’ কনজাংকটিভাইটিছ (kerato conjunctivitis) বোলা হয়, কাৰণ এই অৱস্থাত ৰোগ বিধে চকুৰ বগা অংশখিনিত (conjunctiva) আক্ৰমণ কৰিলেও পিছলৈ ই চকুৰ মণিলৈ(cornea) বিয়পি পৰে।

সাধাৰণতে এই ৰোগবিধ চকুত সাতৰ পৰা দহ দিন মানলৈকে থকা দেখা যায়। বহু সময়ত বিনা চিকিৎসাই ৰোগৰ উপশম ঘটিলেও পৰৱৰ্তী সময়ত সৰু বৰ বিসংগতি থাকি যোৱা দেখা যায়। এই ৰোগৰ দ্বাৰা চকুৰ মণি (cornea )ত ঘাঁ লাগি কেতিয়াবা দৃষ্টি শক্তি কমি আহিলে ডাক্টৰী চিকিৎসাৰেও নিৰাময় কৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

এই ৰোগবিধ নিৰাময় কৰিবলৈ বা ইয়াৰ পৰা উপশম পাবলৈ আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰো। সেইবোৰ আমি চমুকৈ আলোচনা কৰিম।

ঘৰুৱা যতন কি দৰে ল’ব জানো আহক:

এই ৰোগে দেখা দিলে যিমান পাৰি চকুযুৰি জিৰণি দিব লাগে। যিহেতু এনে ৰোগীয়ে পোহৰলৈ চাবলৈ অসুবিধা পাই সেয়ে ৰ’দত বৰ বেছি নোলালেই উপকাৰ হয়।

পাৰিলে ক’লা চছমা এযোৰ ব্যৱহাৰ কৰিলে ভালেখিনি আৰাম অনুভৱ কৰে। ধূলি-মাকতিৰ পৰা আঁতৰত থাকি চকুহাল পৰিষ্কাৰ কৰি ৰখাটো অতি দৰকাৰী।

বিষ উপশমৰ বাবে চাফা কাপোৰ এখন কুহুমীয়া গৰম পানীত তিয়াই তাক চেপি লৈ লাহে লাহে চকুহাল সেকিলে সুফল পোৱা যায়। বহু ক্ষেত্ৰত বৰফৰ পানীৰে কাপোৰ তিয়াইও এনে কৰিব পাৰি। চকুৰ পানী মুচিবলৈ কেতিয়াও লেতেৰা কাপোৰ বা ৰুমাল ব্যৱহাৰ কৰিব নালাগে।

কি কি কৰিব নালাগে জানেনে?

১) চকুৰ খচ-খচনিৰ পৰা উপশম পাবলৈ বাৰে বাৰে চকুহাল মচি বা খাজুৱাই থাকিব নালাগে। তেনে কৰিলে চকুহাল আৰু বেছি পৰিমাণে ফুলি উঠিব আৰু কেতিয়াবা সূক্ষ্ম ৰক্ত নলিকা বোৰ ফাটি ৰক্ত ক্ষৰণ ঘটিব পাৰে।

২) চকুহাল শীতল কৰিবলৈ বাৰে বাৰে চকুত পানী মাৰি বা পানীৰে ধুই থাকিব নালাগে অথবা বহু লোকে কৰাৰ দৰে পানী ভৰ্তি বাল্টি এটাত চকুহাল মেলি বহু পৰ ৰৈ থাকিব নালাগে।

তেনে কৰিলে ৰোগত আক্ৰান্ত চকুৰ কোমল অংশবোৰ আঘাত প্ৰাপ্ত হয় আৰু চকু হাল পূৰ্বতকৈ বেছি ৰঙা পৰি ফুলি উঠাৰহে সম্ভাৱনা থাকে। তাৰোপৰি ব্যৱহাৰ কৰা পানীখিনি সকলো সময়তে পৰিষ্কাৰ বুলিও ধৰি ল’ব নোৱাৰি।

৩) এতিয়াও বহু গাঁৱৰ লোকে এনেবোৰ চকুৰ অসুখ হ’লে বসন্ত ৰোগ বুলিয়েই ভাবে আৰু নিয়ম-কানুন পালি থাকি ৰোগ বিধৰ সচৰাচৰ প্ৰক্ৰিয়াটো বেছি দীঘলীয়া কৰি পেলায়।

যিহেতু এয়া কোনো বসন্ত বা তেনে ৰোগৰ লক্ষণ নহয় সেয়ে চকুহাল পৰিষ্কাৰ কৰি ৰখা আৰু সিহঁতৰ জিৰণিদায়ক কামবোৰহে কৰা উচিত। বহু লোকে কৰাৰ দৰে ঘৰতে আই সকাম পাতি এই ৰোগ নিৰাময় কৰা সম্ভৱ নহয়।

৪) বহু লোকে এনে ৰোগৰ পৰা উপশম পাবলৈ আমলখিৰ ৰস বা নেমু টেঙাৰ ৰস চকুত দিয়া দেখা যায়। আনহে নেলাগে বহুতে কেঁচুৱাৰ মাকৰ গাখীৰো চকুত দিয়া দেখা যায়।

কিন্তু লক্ষণীয় কথা যে এনে কাৰ্যই ৰোগ নিৰাময় কৰাৰ সলনি ৰোগীৰ অৱস্থা বহু সময়ত ভয়াবহ কৰি তুলাহে দেখা যায়। এনে কৰিলে অতি সোনকালে চকুত ঘাঁ লাগি দৃষ্টি শক্তি হ্রাস পোৱাৰ সম্ভাৱনা থাকে। সেয়ে এনে কামৰ পৰা নিজে বিৰত থকাৰ উপৰিও আনকো বিৰত ৰখোৱা যুগুত।

৫) এনে ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল গামোচা আদি অইনে ব্যৱহাৰ কৰিব নালাগে। তেনে কৰিলে এজনৰ পৰা আন এজনলৈ ৰোগ বিয়োপিব পাৰে। এই ৰোগৰ ভাইৰাছ বিধ বতাহত উৰি ফুৰিব পাৰে আৰু ইহঁতে ধূলি বালি বা অন্যান্য প্ৰত্যক্ষ মাধ্যমেৰে চকুত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰিব পৰা মানুহৰ চকুত প্ৰৱেশ কৰিলে এনে ৰোগে দেখা দিয়ে।

এজন এনে ৰোগত আক্ৰান্ত ৰোগীয়ে আন এজনৰ চকুলৈ চাই থাকিলেই এই ৰোগ বিয়পিব বোলা কথাষাৰ সেয়ে অমূলক। সাধাৰণতে কোনো এটা পৰিয়ালত এই ৰোগবিধ দেখা দিলে পৰিয়ালটোৰ প্ৰায়খিনি লোকেই আক্রান্ত হৈ পৰে।

ইয়াৰ মূল কাৰণ ৰোগী আৰু নিৰোগী সকলোৱেই একেটা পৰিবেশত বাস কৰা আৰু একেখিনি সামগ্ৰী সমূহীয়াকৈ ব্যৱহাৰ কৰা— যেনে গামোচা, টাৱেল, ৰুমাল, বাচন বার্তন ইত্যাদি। অলপ সাৱধান হ’লেই এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd