• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

দেবাশীষ বৰুৱা by দেবাশীষ বৰুৱা
August 15, 2022 1:15 pm
210
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে এটা জাগৰণ সৃষ্টি হোৱা দেখা গৈছে কাৰণ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ পালন কৰা হৈছে। এনেধৰণৰ কাৰ্যসূচী আয়োজনৰ জৰিয়তে সকলোৰে মনত দেশপ্ৰেম জাগ্ৰত হৈ উঠে। আটাইতকৈ বেছি প্ৰভাৱিত হয় কণ কণ শিশুহঁতৰ কুমলীয়া মনবোৰ।

অসমৰ উগ্ৰবাদী সমস্যাৰ বাবে কেইবছৰমান আগলৈকে এই ধৰণৰ কাৰ্যসূচীৰ উলহ মালহ দেখা পোৱা নগৈছিল। এতিয়া পৰিবৰ্তিত পৰিস্থিতিৰ বাবে সকলোৱে মুকলি মনেৰে এই বিশেষ দিনটো উদযাপন কৰিব পাৰিছে যিটো অতিকে প্ৰয়োজনীয়।

আমাৰ এই বিশাল দেশখনৰ সমস্যা বহুত। সকলো ক্ষেত্ৰতে দেশখনত বিভিন্নতা বিৰাজমান। এই বিভিন্নতাই আমাৰ দেশৰ সৌন্দৰ্য প্ৰকাশ কৰি আহিছে। যিদৰে অঞ্চলভেদে সম্ভাৱনা আৰু সমস্যা ভিন্ন তেনেদৰে আন্ত:গাথঁনি ভিন্ন হোৱাৰ ফলত অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ৰাজ্য বোৰ প্ৰকৃতিৰ ৰোষত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। অসম এনেদৰে ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য যি সঘনাই প্ৰকৃতিৰ ৰোষত পৰাৰ ফলত অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ হৈ আছে।

মনলে এনে ভাৱ আহে যে বৃটিছৰ শাসনৰ পিছত ভাৰতৰ সমস্যাবোৰ যেন ক্ৰমাৎ বেছিহে হ’ল। স্বাস্থ্য, শিক্ষা, অনাময় আদি বুনিয়াদী বিষয়ত এতিয়াও আমাৰ দেশ পিছপৰা।

প্ৰতিনিধিত্বমূলক ফটো।

এই  বিষয়বোৰকে ধৰি অন্যান্য ১৭টা লক্ষ্য ২০৩০ বৰ্ষৰ ভিতৰত উপনীত হোৱাৰ বাবে সকলো দেশেই কাম-কাজ হাতত লৈছে যাতে কোনো লোকেই উন্নয়নী প্ৰক্ৰিয়াৰ বাহিৰত ৰৈ নাযায়। কিন্তু আমি দেখিবলৈ পাও যে মানুহ এতিয়াও সচেতন হোৱা নাই।

গাঁও অঞ্চলত বিভিন্ন যি সম্পদ সৃষ্টি কৰা হ’ল সেইবোৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিত ৰাইজ উদাসীন। চহৰাঞ্চলত ৰাইজ আৰু বেছি উদাসীন কিয়নো তেওঁলোকে নলা-নৰ্দমাবোৰ জাৱৰ পেলোৱা স্থান হিচাপে ব্যৱহাৰ কৰি ভাল পায় যাৰ ফলত ঠায়ে ঠায়ে পানী জমা হৈ ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হয়।

আমি কিবাকিবি বিছাৰি নাপালে ক্ষোভত ফাটি পৰো, আন্দোলন কৰো কিন্তু গাঁও চহৰ আদিত থকা ৰাজহুৱা সম্পদৰ ভালদৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰো। ফলত আন্ত:গাঁথনি দুৰ্বল হৈ পৰে আৰু সহজে প্ৰকৃতিৰ ৰোষত পৰি আক্ৰান্ত হোৱা দেখা যায়।

প্ৰতিনিধিত্বমূলক ফটো।

প্ৰথম কথা আমি স্ব- নিৰ্ভৰ হৈ স্বাধীন মাতৃভূমিকলৈ গৌৰৱ কৰা উচিত। মাত্ৰ আৱেগিক হৈ দুদিনৰ বাবে আনন্দ কৰি প্ৰকৃত স্বাধীনতা লাভ কৰিব নোৱাৰি। স্ব-নিৰ্ভৰ নোহোৱাৰ বাবেই আমাৰ চুবুৰীয়া শ্ৰীলংকাৰ আজি স্বাধীনতা লোপ পোৱাৰ পথত।

সেয়েহে নিজৰ দেশখনক ভালপোৱা কামটো যেন সদায় কৰিব পাৰো সেই কথা সকলোৱে উপলব্ধি কৰিলে আমি এক শক্তিশালী ৰাষ্ট্ৰ হৈ জিলিকি থাকিব পাৰিম….জয় হিন্দ, জয় আই অসম ! 

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd