পৰিৱেশৰ প্ৰতি সহনশীলতা আৰু সহমৰ্মিতা পৰম্পৰাগতভাৱেই ভাৰতীয় সমাজ ব্যৱস্থাৰ অংগ । বিভিন্ন সময়ত আমাৰ দেশৰ বিভিন্ন কাহিনী, কাব্য, তত্ব-দৰ্শন, সামাজিক ৰীতি-নীতি আদিত পৰিৱেশ সংৰক্ষণ আৰু জীৱ সুৰক্ষাৰ দিশবোৰ সন্নিৱিষ্ট হৈ থকা দেখা যায়। দেশৰ নানা প্ৰান্তত থকা জনগোষ্ঠীয়-জনজাতীয় সমাজসমূহত প্ৰকৃতি আৰু পৰিৱেশৰ হিতকল্পে এনে অনেক পাৰম্পৰিক জ্ঞানৰ বিকাশ হৈ আহিছে, যিবোৰৰ সামাজিক প্ৰমূল্য থকাই নহয়, বৈজ্ঞানিক চিন্তা-চৰ্চাৰ দিশৰ পৰাও ইবোৰৰ গুৰুত্ব অনেক। স্থানীয় পৰিৱেশৰ সতে থকা নিকট সম্পৰ্ক আৰু প্ৰজন্মৰ পাছত প্ৰজন্ম জোৰা অভিজ্ঞতাৰ ভেঁটিত এই জনগোষ্ঠীয় সমাজবোৰে অনুধাৱন কৰা সত্যৰ আলমত গঢ় লোৱা এনে পৰম্পৰা-বিধি তথা কৌশলবোৰ দেশৰ বাবে নিসন্দেহে অমূল্য সম্পদ।
ইংৰাজৰ শোষণ-কেন্দ্ৰিক আৰু সম্পদ-লোভী শাসনকালৰ পৰা স্বাধীন হোৱা ভাৰতত ১৯৫০ চনত গৃহীত কৰা সংবিধানত পোনতে ‘পৰিৱেশ’ বিষয়ক নিৰ্দিষ্ট কোনো বিধি বা নিয়ম সন্নিৱিষ্ট কৰা হোৱা নাছিল। পাৰিৱেশিক সংৰক্ষণক ভাৰতীয় আইন বা শাসন ব্যৱস্থাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হয় ১৯৭২ চনৰ ‘ষ্টকহম ঘোষণাপত্ৰ’ৰ পাছতহে।
ষ্টকহমত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ তথা পৰিৱেশ সন্মিলনৰ অন্যতম কাণ্ডাৰী হিচাপে ভাৰতেও তদান্তীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত পৰিৱেশ বিষয়ক নীতি নিৰ্ধাৰণৰ বাবে ৰাষ্ট্ৰীয় পাৰিৱেশিক নীতি আৰু পৰিকল্পনা পৰিষদ গঠন কৰে আৰু এই পৰিষদেই ১৯৮৫ চনত পৰিৱেশ আৰু বন মন্ত্ৰালয়লৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছৰে পৰা দেশত বিভিন্ন আইন সময়ে সময়ে বলৱৎ কৰা হয় আৰু প্ৰয়োজনসাপেক্ষে পাৰিৱেশিক বিষয়ৰ অন্তৰ্ভুক্তিৰ বাবে সংবিধানৰো সংশোধন কৰা হয়। বিংশ শতিকাৰ শেষলৈ সমগ্ৰ বিশ্বতে চৰ্চিত হোৱা জলবায়ু পৰিৱৰ্তন, বহনক্ষম উন্নয়ন আদিৰ দৰে ধাৰণাও বৰ্তমানে ভাৰতীয় আইন আৰু প্ৰশাসন প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হৈ উঠিছে।
ভাৰতৰ দৰে দেশত দেশৰ এক বুজন সংখ্যক নাগৰিক আজিকোপতি প্ৰত্যক্ষভাৱেই জীৱন আৰু জীৱিকাৰ বাবে প্ৰকৃতি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল আৰু এনে পৰিপ্ৰেক্ষিততে সদায়ে এইসকল নাগৰিকৰ জীৱন আৰু জীৱিকাৰ প্ৰসংগত পৰিৱেশৰ অধিকাৰ আৰু সুৰক্ষাৰ দিশটো জড়িত হৈ পৰে। আৰু এই আন্তঃসম্পৰ্কৰ পৰিণতিতে খুব স্বাভাৱিকভাৱে শাসনতন্ত্ৰ আৰু নাগৰিকৰ মাজত অধিকাৰ আৰু কৰ্তৃত্বৰ সংঘাতো তেনেই সুলভ হৈ উঠে।
এইখিনিতে লক্ষনীয় বিষয় হ’ল এয়ে যে আমি ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে আমাৰ দেশত এনে অনেক জনজাতীয় গোট আছে, যাৰ জীৱন পদ্ধতিৰ আঁহে আঁহে পৰিৱেশ সংৰক্ষণৰ ধাৰণা অতীজৰে পৰা বিদ্যমান। প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল এইসমূহ জনগোষ্ঠীয়ে নিজৰ জীৱনধাৰণৰ আধাৰ স্বৰূপ প্ৰকৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত অতি সৱল ভূমিকা লৈ আহিছে। আৰু সেই সূত্ৰেই অৰণ্যৰ ওপৰত এওঁলোকৰ অধিকাৰো আছে। সেইবাবেই আনুষ্ঠানিক আইনৰ প্ৰণয়নৰ দ্বাৰা এইসমূহ জনগোষ্ঠী আৰু নাগৰিকক নিজা নিজা প্ৰাকৃতিক পৰিৱেশৰ পৰা আঁতৰাই, চৰকাৰে একক সংৰক্ষণকাৰীৰ ভূমিকা পালন কৰিবলৈ যোৱাৰ লগে লগেই নাগৰিক অধিকাৰ, চৰকাৰী কৰ্তৃত্ব আৰু সংৰক্ষণৰ দ্বন্দ্ব আৰম্ভ হয় আৰু পৰিণতিত ক্ষতিগ্ৰস্ত হয় দেশৰ প্ৰাকৃতিক সম্পদ। সচৰাচৰ উন্নয়নমূলক প্ৰকল্প স্থাপনৰ হেতু বন বা প্ৰাকৃতিক সম্পদৰ ওপৰত চৰকাৰী পক্ষই দখলদাৰিত্ব চলাবলৈ যাওঁতে, এনে অঞ্চলৰ বাসিন্দাসকলক উচ্ছেদিত কৰোঁতে এনে সংঘাতে তীব্ৰৰূপো ধাৰণ কৰে।
কিন্তু ২০০৬ চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা বন অধিকাৰ আইনে এনে সংঘাত নিৰসণৰ ক্ষেত্ৰত এক যুগান্তকাৰী ধাৰাৰ সূচনা কৰে। এই আইনৰ দ্বাৰা জনজাতি তথা অন্যান্য বনবাসী জনসমষ্টিসমূহৰ অৰণ্যৰ ওপৰত যি পৰম্পৰাগত অধিকাৰ, তাক স্বীকৃতি দিয়াৰ লগতে বন বিষয়ক যিকোনো সিদ্ধান্ত গ্ৰহণত জনজাতীয় ৰাইজৰ অংশগ্ৰহণৰ পথো প্ৰশস্ত কৰি তোলে। এই আইনৰ জৰিয়তে জীৱন নিৰ্বাহৰ বাবে প্ৰাকৃতিক সম্পদৰ বহনক্ষম আহৰণৰ ক্ষেত্ৰতো আদিবাসী জনজাতিসমূহক সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰাৰ লগতে বন সংৰক্ষণত এই জনগোষ্ঠীসমূহে লৈ অহা ভূমিকাকো স্বীকৃতি দিয়া হয়।
পিছে অতি শেহতীয়াকৈ এই বছৰৰ মাৰ্চত বৰ্তমানৰ চৰকাৰে আগবঢ়োৱা বন সংৰক্ষণ আইন সংশোধনী প্ৰস্তাৱ, ২০২২ৰ দ্বাৰা বন অধিকাৰ আইনে সঞ্চাৰ কৰা সমূহ আশাত চেঁচা পানী ঢালিব বুলি আশংকা প্ৰকাশ কৰা হৈছে। এই সংশোধনী প্ৰস্তাৱ গৃহীত হ’লে বনভূমিক অ-বনভূমিলৈ পৰিৱৰ্তিত কৰাৰ প্ৰক্ৰিয়া ধনী গোষ্ঠীৰ বাবে অতি সহজ হৈ পৰিব কিয়নো ইয়ে কিছু নিৰ্দিষ্ট বিভাগৰ প্ৰকল্পৰ বাবে কেন্দ্ৰৰ অনুমোদনৰ প্ৰয়োজনীয়তাকে নোহোৱা কৰিব।
বছৰ বছৰ ধৰি বিকশিত হৈ অহা একোটা অৰণ্যাঞ্চলক সি আগবঢ়োৱা অমূল্য সেৱাৰ বিপৰীতে সামান্য মূল্যক ক্ষতিপূৰণ হিচাপে আগবঢ়াই এনে অঞ্চলক অ-বনভূমিলৈ সলায় উদ্যোগ স্থাপন কৰিব পৰা যাব। কেৱল সেয়াই নহয়, এই সংশোধনীয়ে কৰিব পৰা আটাইতকৈ ডাঙৰ ক্ষতিটো হ’ল আদিবাসী-জনগোষ্ঠী আদিৰ বন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ খৰ্ব কৰাৰ লগতে ই আমাৰ সংবিধানৰ মূল ভেটিস্বৰূপ বিকেন্দ্ৰীকৃত শাসনব্যৱস্থা অৰ্থাৎ য’ত গাওঁসভা এখনৰো উন্নয়নৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ থাকে, সেই ব্যৱস্থাকে উপলুঙা কৰিব।
এই নতুন সংশোধনীয়ে সংবিধানৰ পঞ্চম অনুসূচী, পঞ্চায়ত আইন, ১৯৯৬ আদিৰো প্ৰমূল্যসমূহক উলংঘা কৰি দেশৰ বন আৰু প্ৰাকৃতিক সম্পদক এচাম মুষ্টিমেয় ব্যৱসায়িক স্বাৰ্থান্বেষীৰ বাবে উন্মুক্ত কৰি দিব। তদুপৰি এই সংশোধনীয়ে বন আৰু প্ৰকৃতিৰ সম্পদৰ অধিকাৰ ‘সমূহ’ বা ‘ৰাইজ’ৰ পৰা ‘ৰাষ্ট্ৰ’লৈ লৈ যাব আৰু খৰ্ব কৰিব এনে সম্পদৰ ওপৰত গণতান্ত্ৰিক ‘ৰাজহুৱা মালিকানা’ ব্যৱস্থাক। ৰাজহুৱা সম্পত্তিক ব্যক্তিগত মালিকানাধীন কৰাৰ এনে প্ৰচেষ্টা নিসন্দেহে ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বিৰাট প্ৰহসন।
দেশে আজি স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি এক নতুন দিশৰ পিনে ধাৱমান হৈছে। কিন্তু এই মূহূৰ্তত দেশৰ হৰ্তা-কৰ্তা বিধাতাৰ ৰূপ লোৱা চৰকাৰী ব্যৱস্থাই গণতন্ত্ৰৰ প্ৰকৃত ‘হৰ্তা-কৰ্তা-বিধাতা’ ৰাইজৰ হাতৰ পৰা প্ৰাকৃতিক সম্পদৰ অধিকাৰ কাঢ়ি নিয়াৰ যো-জা কৰাটোৱে আমাৰ চকুত আঙুলি দি দেখুৱাই দিয়ে দেশৰ ‘আজাদীৰ অমৃত’ৰ মন্থন গৰল কিমান। এই গৰলক আমি গলাধঃকৰণ কৰিম নে তাৰ প্ৰতিকাৰ কৰিম, সেয়াই আজিৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন।
(মানসী গোস্বামী এগৰাকী পৰিৱেশ কৰ্মী আৰু নিৱন্ধকাৰ)