• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 8:40 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব পৰিৱেশ দিৱসৰ দিনা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কেইবাখনো মনোমহা ছবি শ্বেয়াৰ কৰিছে। ‘গ্ৰেট নিকোবৰ প্ৰজেক্ট’ৰ বাবে আন্দামানত প্ৰায় চাৰে আঠৰ পৰা দহ লাখ গছ কটা পৰিব বুলি যোৱা কেইবামাহো ধৰি চৰ্চা চলি আছে। পৰিৱেশবিদসকলেও এই কথাত গভীৰ আশংকা প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ নাম নোলোৱাকৈয়ে ৰাহুল গান্ধীয়ে পৰিৱেশ ৰক্ষাৰ বাবে সকলোকে আহ্বান জনাইছে।

ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে লিখিছে যে যদিহে আমি পৰিৱেশৰ ভাৰসাম্য আৰু বহনক্ষম উন্নয়নক গুৰুত্ব দিওঁ, তেন্তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বিশ্বৰ আটাইতকৈ ধুনীয়া উপকূলীয় পৰ্যটন কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা আছে। অধিক সংখ্যক ভাৰতীয়ই এই সুন্দৰ দ্বীপবোৰ ভ্ৰমণ কৰক আৰু নিজৰ চকুৰে ভাৰতৰ এই আচৰিত সৌন্দৰ্য উপভোগ কৰক বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে ‘গ্ৰেট নিকোবৰ প্ৰজেক্ট’ৰ অধীনত চাৰিটা প্ৰকল্পৰ কাম কৰা হ’ব। ইয়াৰ ভিতৰত আছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গালাথিয়া উপকূলত কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, সৌৰশক্তি প্ৰকল্প আৰু দুখন উপকূলীয় চহৰ নিৰ্মাণৰ কাম। এই প্ৰকল্পকেইটা বাস্তৱায়িত কৰিবলৈ গৈ বিপুল পৰিমাণৰ গছ কাটিব লগা হ’ব। জীৱবিজ্ঞানীসকলে আশংকা কৰিছে যে ইয়াৰ ফলত সেই অঞ্চলৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হৈ পৰিব পাৰে।

অৱশ্যে ৰাহুল গান্ধীয়ে এইবাৰ পোণপটীয়াকৈ প্ৰকল্পটোৰ বিষয়ে একো কোৱা নাই যদিও পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ সপক্ষে তেওঁ যিদৰে মাত মাতিছে, সেয়া এই বিতৰ্কৰ প্ৰতিয়েই এক স্পষ্ট ইংগিত বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁ কৈছিল যে চৰকাৰে ইয়াক এটা প্ৰকল্প বুলি কৈছে যদিও আচলতে এয়া কুঠাৰৰ আঘাতত বলি হ’বলৈ ৰৈ থকা লাখ লাখ গছৰ অৱস্থাহে। যুগ যুগ ধৰি স্থানীয় লোকসকলে সংৰক্ষণ কৰি অহা এই প্ৰাচীন প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ পৰিণাম অতি ভয়াবহ হ’ব পাৰে বুলি তেওঁ সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd