• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খীৰতী গাইলৈ পর্যবসিত হৈছে গুৱাহাটী স্মার্ট চিটী প্রকল্প: আম আদমি পাৰ্টী

৬ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্রতিফলিত হোৱা নাই উন্নয়নৰ ছবি

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 18, 2022 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী চৰকাৰে দেশৰ এশখন মহানগৰক স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে অভিলাসী আঁচনি গ্ৰহণ কৰিছিল। এই স্মার্ট চিটী আঁচনিত অন্তৰ্ভুক্ত হৈছিল অসমৰ গুৱাহাটী মহানগৰ। ২০১৬ চনৰ ১৩ মে’ত আনুষ্ঠানিকভাবে গুৱাহাটী স্মার্ট চিটী ডেভেলপমেন্ট এজেঞ্চি লিমিটেড’ক কোম্পানী এক্ট ২০১৩ অন্তর্গত Ministry of Corporate Affairs-এ স্বীকৃতি দিয়ে।

অর্থাৎ তেতিয়াৰ পৰাই গুৱাহাটী স্মাৰ্ট চিটী প্রকল্প আৰম্ভ হয়। কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয় স্মার্ট চিটী মিছনৰ নীতি-নিৰ্দেশনা, পুঁজি যোগান ধৰাৰ দায়িত্বত আছে। পিছে গুৱাহাটীৰ স্মাৰ্ট চিটা প্ৰকল্পৰ নামত কেৱল কোটি কোটি টকা অপব্যৱহাৰৰ বাহিৰে ইয়াৰ পৰা ৰাইজে কোনো সুফল পোৱা নাই বুলি মন্তবা কৰিছে ‘আপ’ অসমে।

লগতে পঢ়ক: BJP leader’s rape case বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

Apply Now

বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰি কয়, “২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ১৬৮.২১ কোটি টকা। কিন্তু আশ্চর্যৰ বিষয় এই যে স্মার্ট চিটীৰ নামত যি পুঁজি বায় কৰা হৈছে তাৰ সুফল ৰাইজে পোৱা নাই আৰু যিবোৰ শিতানত এই পুঁজি ব্যৱহাৰ কৰা হৈছে সেয়াও সন্দেহৰ আৱৰ্তত।”

‘’তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি গুৱাহাটী স্মার্ট চিটী প্রকল্পত পুঁজি বায় শিতান দেখিলে গুৱাহাটীবাসী হতচকিত হ’ব। স্মাৰ্ট চিটী প্ৰকল্পৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্রজেক্টৰ শিতানত এতিয়ালৈকে ৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে। কিন্তু কার্যক্ষেত্ৰত এই টকা ক’ত কি দৰে বায় হৈছে তাৰ কোনো চিন-মোকাম নাই। তদুপৰি স্মার্ট চিটীৰ ২০০ কোটি টকা ইলেকট্রিক বাছ ক্ৰয় কৰাৰ নামত দেখুওৱা হৈছে৷ গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টিকাৰ যি ছুপাৰ ছাকাৰ মেচিন ক্ৰয় কৰিছে সেই টকা আকৌ স্মার্ট চিটী প্ৰকল্পৰহে ধন।‘’ ডেকাই জানিবলৈ দি কয়।

লগতে পঢ়ক: Explosion hits Kabul mosque নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ২১ জনৰ মৃত্যু, বহু লোক আহত

আপ অসমৰ সমন্বয়কগৰাকীয়ে কয়, ‘’এই খিনিতে উল্লেখ কৰাটো বাঞ্ছনীয় যে গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰে গুৱাহাটীৰ নলা চাফা কৰিবলৈ ছুপাৰ ছাকাৰ ক্ৰয় কৰাৰ পিছতো এই মেচিন চলাবলৈ যোৱা ছমাহত ইয়াত নিয়োজিত শ্রমিকৰ দৈনিক মজুৰিৰ বাবদ গুৱাহাটী পৌৰ নিগমে ৪২ লাখ ২২ হাজাৰ টকা ব্যয় কৰিছে। অর্থাৎ ২৫.৭৪ কোটি টকাৰে ক্ৰয় কৰা মেচিনেৰে নলা চাফা কৰাৰ বাবদ শ্রমিকক দিব লগা হৈছে এই ধন।‘’

তেওঁ শেষত কয়, “চৰকাৰী পুঁজিৰ অপচয়ৰ আৰু ইয়াতকৈ ডাঙৰ উদাহৰণ ক’তো পোৱা নাযাব। এইখন গুৱাহাটীৰ আকৌ বিভিন্ন উপ পথত স্মার্ট চিটী প্ৰকল্পৰ অধীনত প্রজেক্ট জ্যোতি আঁচনিত দহ হাজাৰ ষ্ট্ৰীটলাইট লগোৱাৰ নামত ইতিমধ্যে খৰচ কৰিছে ১৩.৯২ কোটি টকা। ইপিনে গুৱাহাটী পৌৰ নিগমেও উপ-পথত ষ্ট্ৰীটলাইট লগোৱাৰ নামত খৰচ কৰিছে কেৱা কোটি টকা। গতিকে গুৱাহাটীত ষ্ট্ৰীটলাইট জ্বলোৱা কেবাটাও বিভাগ আছে।‘’

লগতে পঢ়ক: ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদক প্রতিষ্ঠা কৰাৰ উদ্দেশ্যেই চৰকাৰী বিদ্যালয়ৰ পৰা মাতৃভাষাৰ মাধ্যম উঠাই দিয়া হৈছেঃ অখিল গগৈ

আনহাতে, আপে সংবাদমেলত সদৰী কৰি কয়, ’’স্মার্ট চিটী প্ৰকল্পৰ স্পাইন ৰোড প্রজেক্ট নামৰ (Spine Roads Project) আন এটা শিতানত স্ট্রীটলাইট লগোৱাৰ নামত এতিয়ালৈ মোকোলাই দিছে ২.৩৪ কোটি টকা। ঠিক এনেদৰে জজ খেলপথাৰ উন্নয়নৰ নামত ২.৬০ কোটি টকা ব্যয় কৰা হৈছে। এখন মুকলি খেলপথাৰৰ উন্নয়নৰ নামত ২.৬০ কোটি কেনেদৰে বায় হ’ব পাৰে সেয়া আশ্চর্য বিষয়। গুৱাহাটী পৌৰ নিগয়ক আকৌ ৩৭ লাখ স্মাৰ্ট চিটী পুঁজিৰ পৰা আদায় দিয়া দেখুওৱা ইছে কিন্তু এই পুঁজি খৰচৰ কোনো শিতান নাই।”

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd