• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Hemorrhoids or Piles: অৰ্শৰোগ কি জানেনে? জানো আহক কেনেকৈ ইয়াৰ চিনাক্তকৰণ হয়

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 25, 2022 4:10 pm
Hemorrhoids or Piles: অৰ্শৰোগ কি জানেনে? জানো আহক কেনেকৈ ইয়াৰ চিনাক্তকৰণ হয়
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Hemorrhoids বা Piles হ’ল মলবাহী নলী বা মলদ্বাৰত ফুলি উঠা কিছুমান ৰক্তবাহী নলিকা যিবোৰ কেতিয়াবা মলদ্বাৰেৰে বাহিৰ হৈ আহে আৰু কেতিয়াবা এই ৰক্তনলিকা বিলাক ফাটি ৰক্তক্ষৰণো হব পাৰে।

ৰক্তক্ষৰণ হোৱা বাবে আৰু বাহিৰলৈ ওলাই অহা বাবে ইয়াক Pilesনামেৰেও জনা যায়। Hemorrhoids ৰ বিষয়ে জনাৰ আগতে আমি মলবাহী নলী (anal canal)ৰ গঠনৰ বিষয়ে জানিব লাগিব।

মলবাহী নলী বা মলাশয়ৰ চাৰিওফালে কিছুমান ৰক্ত পৰিবাহী নলিকা থাকে। ইয়াৰে কিছুমান ধমনী যিয়ে বিশুদ্ধ অক্সিজেন যুক্ত তেজ পৰিবহন কৰে আৰু কিছুমান সিৰা যাৰ মাজেৰে দূষিত তেজ পৰিবাহীত হয়।

এই সিৰাবিলাক যিখিনি ঠাইত গৈ সমাপ্ত হয় সেই ঠাইখিনিত সিৰা বিলাক কিছুমান সৰু সৰু চুলিৰ নিচিনা নলিকালৈ বিভাজিত হয় যায় যাক কৈশিক নলিকা বুলি কোৱা হয়। এই সিৰাৰ পৰা উৎপন্ন কৈশিক নলিকা বিলাক সেই একে আকাৰৰ ধমনীৰ লগত লগ লাগি মলবাহী নলীৰ চাৰিওফালে ঘূৰণীয়া আকৃতিৰ ৰক্তবাহী নলিকাৰ এখন জালৰ সৃষ্টি কৰে।

সিৰা আৰু ধমনী সমূহ যি ঠাইত লগ লাগে সেই ঠাইখিনি স্বাভাৱিকতে অলপ ফুলি থাকে আৰু যদি আমি মলদ্বাৰক এটা ঘড়ীৰ লগত তুলনা কৰো তেন্তে যি যি ঠাইত এই নলিকা সমূহ লগ লাগে সেই ঠাইবোৰ ক্ৰমে ঘড়ীৰ তিনি, সাত আৰু এঘাৰ বজাৰ নিচিনা অৱস্থানত সাধাৰণতে দেখা পোৱা যায়।

সাধাৰণতে আমাৰ মলবাহী নলীটো ৩.৮ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ হয় আৰু ইয়াক যদি আমি তিনি ভাগত বিভক্ত কৰো তেন্তে ওপৰৰ দুই তৃতীয়াংশত থকা সিৰা আৰু ধমনী বিলাক মাংসপেশী আৰু সংযোজক কলাৰে আবৃত্ত হৈ থাকে আৰু একেবাৰে ভিতৰ ফালে শ্লেষ্মাৱৰনে আগুৰি থাকে।

তলৰ এক তৃতীয়াংশ মলদ্বাৰক আমাৰ দেহৰ ছালৰ দুটা তৰপে আৱৰি থাকে। ওপৰৰ দুই তৃতীয়াংশ আৰু তলৰ এক তৃতীয়াংশক পেক্টিনেট লাইনে বিভাজিত কৰি ৰাখে।

অৰ্শৰোগৰ শ্ৰেনীবিভাজনৰ বিষয়ে জানো আহক:-

অৱস্থান অনুসৰি Hemorrhoids ক প্ৰাথমিক (Primary) আৰু গৌণ (secondary) বা অন্ত:বৰ্তী (internal) আৰু বাহ্যিক (external) hemorrhoids ত ভাগ কৰা হয়। আনহাতে, লক্ষণ অনুসৰি ইয়াক ৰক্তক্ষৰণযুক্ত (Bleeding) আৰু ৰক্তক্ষৰণহীন(non-bleeding) পাইলচ্ এই দুই ভাগত বিভক্ত কৰা হয়।

প্ৰাথমিক Hemorrhoids মলবাহী নলীৰ সিৰা আৰু ধমনী বিলাক যি ঠাইত লগ লাগি ফুলাৰ নিচিনা হৈ থাকে সেই ঠাইত পুনৰ বেছিকৈ ফুলি উঠে আৰু কেতিয়াবা এই সিৰাবিলাক ফাটি গৈ ৰক্তক্ষৰণ হব পাৰে।

আনহাতে, এই ঠাইখিনিৰ ৰক্তনলিকাৰ বাহিৰে বাকী অন্য ৰক্তনলিকা ফুলি উঠিলে তেনে hemorrhoids ক secondary hemorrhoids বুলি কোৱা হয়।

অৰ্শৰোগ বেমাৰত উদ্গনি যোগোৱা কাৰণসমূহ :-

বংশগত- বংশৰ কোনো সদস্যৰ এই ৰোগ থাকিলে অন্য সদস্যৰো হোৱাৰ আশংকা থাকে।

গৰ্ভাৱস্থা – গৰ্ভাৱস্থাত জৰায়ুৰ আকৃতি বৃদ্ধি হোৱাৰ লগে লগে এই বৰ্দ্ধিত জৰায়ুৱে মলবাহী নলীত চাপ দিয়াৰ ফলত Hemorrhoids ৰ সৃষ্টি হব পাৰে।

অৱশ্যে কেতিয়াবা গৰ্ভাৱস্থাৰ আৰম্ভণিতেও Hemorrhoids হোৱা দেখা যায়। হৰমনৰ তাৰতম্যতাৰ ফলত হোৱা কোষ্ঠকাঠিন্যতাক ইয়াৰ বাবে জগৰীয়া কৰা হয়।

মেদবহুলতা – শৰীৰত অত্যধিক চৰ্বী জমা হোৱাৰ ফলতো hemorrhoids ৰ সৃষ্টি হব পাৰে।

সন্তান জন্মৰ ছয় সপ্তাহ পৰ্যন্ত মহিলা এগৰাকীৰ hemorrhoids হোৱাৰ সম্ভাৱনা বেছি থাকে।

কোনো মানুহ যদি একেটা অৱস্থানতে বহু সময় ধৰি বহি থাকে তেন্তে তেওঁৰ মলদ্বাৰৰ মাংসপেশীত চাপ পৰাৰ ফলতো hemorrhoids ৰ সৃষ্টি হব পাৰে।

Hemorrhoids চিনাক্তকৰণ কেনেকৈ হয় পঢ়ি চাওক

লক্ষণৰ ওপৰত ভিত্তি কৰি hemorrhoids চিনাক্ত কৰা হয়। লগতে শাৰীৰিক পৰীক্ষাৰো দৰকাৰ হয়।বাহ্যিক hemorrhoids বাহিৰৰ পৰা দেখা যায় যদিও আভ্যন্তৰীণ hemorrhoids পৰীক্ষা কৰিবলৈ প্ৰক্টোস্কোপ (Proctoscope) নামৰ এবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

Hemorrhoids ৰ পৰ্য্যায়ৰ ওপৰত আৰু ইয়াক চাৰি ভাগত ভাগ কৰা হৈছে, যেনে:-

প্ৰথম ডিগ্ৰী (First degree) pile:- এনেধৰণৰ pile জোৰ নলগালে বাহিৰলৈ ওলাই নাহে।কিবা কাৰণত বাহিৰলৈ ওলাই আহিলেও হাতেৰে ভিতৰলৈ ঠেলি নিদিলেও নিজে নিজে ভিতৰলৈ সোমাই যায়।

দ্বিতীয় ডিগ্ৰী (second degree) pile :- এইধৰণৰ pileত য Hemorrhoids বাহিৰলৈ ওলাই আহিলেও নিজে নিজে ভিতৰলৈ সোমাই যায়।

তৃতীয় ডিগ্ৰী (third degree) pile :- এই পৰ্যায়ত Hemorrhoids বাহিৰলৈ ওলাই আহে আৰু হাতেৰে ঠেলি ভিতৰলৈ সোমাই দিব লাগে।

চতুৰ্থ ডিগ্ৰী (fourth degree) pile :- এই ক্ষেত্ৰত Hemorrhoids স্থায়ীভাৱে বাহিৰলৈ ওলাই আহে আৰু ভিতৰলৈ সোমাই দিব পৰা নাযায়।

Hemorrhoids ৰ ফলত হব পৰা জটিলতা :-

প্ৰদাহৰ ফলত মলদ্বাৰৰ অঞ্চলত বিষ।

ৰক্তক্ষৰণৰ ফলত আইৰণৰ অভাৱযুক্ত ৰক্তহীনতা হব পাৰে

ঘাঁৰ সৃষ্টি হৈ সংক্ৰমণ হব পাৰে।

সেই অঞ্চলৰ সিৰা বা ধমনীৰ ৰক্তসঞ্চালন অৱৰোধ প্ৰাপ্ত হব পাৰে।

hemorrhoids ৰ বিলোপ সাধন হৈ আঁহযুক্ত সংযোজক কলাৰ পিণ্ডৰ সৃষ্টি হব পাৰে।

Hemorrhoids ৰ পৰা মুক্তি পোৱাৰ উপায়ৰ বিষয়ে কিছু কথা জানো আহক

প্ৰচুৰ পৰিমাণে আঁহযুক্ত খাদ্য সেৱন কৰিব লাগে। যেনে- সেউজীয়া শাক পাচলি যাতে কোষ্ঠকাঠিন্যতা নহয়।

যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে ।

গৰিষ্ঠ আৰু বিৰুদ্ধ আহাৰ, ৰিফাইন যুক্ত খাদ্য, ফাষ্ট ফুড, জাংক ফুড, শীতল পানীয়, এলকহল ইত্যাদি পৰিত্যাগ কৰিব লাগে।

কেতিয়াও পায়খানাৰ বেগ আহিলে ধৰি ৰাখিব নালাগে।

অত্যধিক মানসিক চাপ পৰিহাৰ কৰিব লাগে।

ৰাতি বেছি দেৰিলৈ উজাগৰে থাকিব নালাগে।

একে অৱস্থানতে বেছি সময় ধৰি বহি থকাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে।

যেতিয়াই মানুহ এজনে ভাবে তেখেতৰ pile হৈছে সময় ব্যয় নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd