• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Russian spy Maria Adela: এইগৰাকী ৰাছিয়ান সুন্দৰী গুপ্তচৰৰ প্ৰেমৰ মায়াজালত বন্দী হৈছিল নাটোৰ কৰ্মকৰ্তাসকল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2022 3:18 pm
Russian spy Maria Adela: এইগৰাকী ৰাছিয়ান সুন্দৰী গুপ্তচৰৰ প্ৰেমৰ মায়াজালত বন্দী হৈছিল নাটোৰ কৰ্মকৰ্তাসকল!

ৰাছিয়ান গুপ্তচৰ মাৰিয়া আদেলা কুফেল্ড ৰিভেৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russian spy Maria Adela মাৰিয়া আদেলা কুফেল্ড ৰিভেৰা ইটালীত বাস কৰে। তেওঁ বহু বছৰ ধৰি ইটালীত বিভিন্ন কামকাজ কৰি আছে। তাৰ অভিজাত সমাজখনৰ সৈতে নিবিড় ঘনিষ্ঠতা গঢ়ি তুলিছে তেওঁ। অৱশ্যে ইটালীৰ বাসিন্দা মাৰিয়াৰ প্ৰকৃত পৰিচয় সুকীয়া। এই পৰিচয় কেতিয়াও প্ৰকাশ পোৱা নাই। নেডাৰলেণ্ডৰ সাংবাদিকৰ এটা গোটে কৰিছে এই দাবী।

মাৰিয়াৰ প্ৰকৃত পৰিচয় কি? ডাচ অনুসন্ধানকাৰী গোট বেলিংকেটে দাবী কৰে যে ইটালীত কাম কৰি থকা মাৰিয়া প্ৰকৃততে এজন ৰাছিয়ান গুপ্তচৰ। ৰাছিয়ান সেনাৰ বাবে ভ্লাদিমিৰ পুটিনৰ পৰিকল্পনাৰ এক অংশ হিচাপে নাটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলৰ সৈতে ঘনিষ্ঠতা গঢ়ি তোলা কামত নিযুক্ত আছিল মাৰিয়া। কিয়নো তেওঁলোকৰ হাতত স্পৰ্শকাতৰ তথ্য আছিল। মাৰিয়াই তেওঁলোকৰ বহুতকে প্ৰেমৰ জালত আৱদ্ধ কৰি ৰাখিছিল। আৰু সেয়া তেওঁ তথ্য উলিয়াবলৈকে কৰিছিল।

বেলিংকেটে দাবী কৰে যে মাৰিয়া প্ৰকৃততে কুখ্যাত ৰাছিয়ান চোৰাংচোৱাৰে গঠিত সংগঠন ‘ইলিগালছ’ৰ সদস্য। তেওঁৰ প্ৰকৃত নাম ওলগা কোলোবোভা। তেওঁক ক্ৰেমলিনৰ হৈ চোৰাংচোৱা কৰিবলৈ বিভিন্ন দেশলৈ পঠোৱা হৈছিল।

ওলগাৰ বিষয়ে বিভিন্ন ব্ৰিটিছ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ওলগাই ২০০৬ চনত ৰাছিয়ান সেনাৰ গুপ্তচৰ সংস্থাত কাম কৰা আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা তেওঁ তেওঁৰ নাম আৰু পৰিচয় সলনি কৰিছে।

বেলিংকেটৰ তদন্তকাৰীসকলে দাবী কৰিছে যে ওলগা এজন ৰাছিয়াৰ সেনা বিষয়াৰ কন্যা। অৱশ্যে সকলো ঠাইতে তেওঁ নিজৰ পৰিচয় দিছিল তেওঁ এগৰাকী পেৰুৱিয়ান মাতৃ আৰু এজন জাৰ্মান পিতৃৰ কন্যা। তেওঁৰ জন্ম পেৰুত হৈছিল। সৰুতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক হেনো মস্কোত এৰি গৈছিল। তাত এহাল দম্পতীয়ে তেওঁক তুলি টালি ডাঙৰ কৰিছে।

বেলিংকেটে ওলগাৰৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰে যে ওলগাই মাৰিয়া নামেৰে বহু বছৰ ধৰি ইউৰোপ ভ্ৰমণ কৰিছে। তেওঁ ২০১০ চনত মাল্টাৰ পৰা ৰোমত উপস্থিত হৈছিল। তাত এখন ফেশ্বন আলোচনীৰ প্ৰাক্তন সম্পাদক মাৰ্চেল ডি’আৰ্জি স্মিথৰ ঘনিষ্ঠ হৈ পৰে। তাৰ পৰা তেওঁ পেৰিছত এখন অলংকাৰৰ দোকান খোলে।

মাৰিয়া ২০১২ চনত পেৰিছৰ পৰা ৰোমলৈ স্থানান্তৰিত হৈছিল। তাত ৰাছিয়ান-ইকুৱেডৰৰ সৈতে তেওঁৰ সংসাৰো পাতে। কিন্তু বিয়াৰ এবছৰৰ ভিতৰতে মাৰিয়াৰ স্বামীৰ ৰহস্যজনকভাৱে মৃত্যু হয়। তাৰ পিছত মাৰিয়া ইটালীৰ নেপলচলৈ গুচি যায়।

মাৰিয়াই নাটোৰ মিত্ৰজোঁটৰ অংশীদাৰ জয়েন্ট ফ’ৰ্চেছ কমাণ্ডৰ ঘৰুৱা খেলপথাৰ নেপলচত এখন অলংকাৰৰ দোকান খুলিছিল। চহৰখনত থকা সময়ছোৱাত তেওঁ বহুতো শীৰ্ষ নাটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিষয়াৰ সৈতে “বন্ধুত্ব” কৰা বুলি দাবী কৰিছিল।

বেলিংকেটে দাবী কৰে যে মাৰিয়াই নেপলচত থাকোতে এটা নাইট ক্লাবকে ধৰি  গহনাৰ কাৰিকৰ হিচাপে নাম অৰ্জন কৰিছিল। সেই সময়ত তেওঁ চহৰখনৰ অভিজাত লোকসকলৰ সৈতে ঘনিষ্ঠতা আৰম্ভ কৰিছিল। তেওঁলোকৰ ভিতৰত নাটো কৰ্মীৰ পৰা উচ্চ পদস্থ বিষয়াসকলো আছিল।

তদন্তকাৰীসকলে দাবী কৰিছে যে মাৰিয়াৰ প্ৰকৃত উদ্দেশ্য আছিল ইউৰোপীয় আৰু আমেৰিকান নিৰাপত্তা বিষয়াসকলক ফান্দত পেলোৱা আৰু তেওঁলোকৰ পৰা তথ্য চুৰি কৰা। আৰু তেওঁ এই সকলোবোৰ ক্ৰেমলিনৰ নিৰ্দেশত কৰিছিল।

‘ইলিগালছ’ৰ সদস্য হিচাপে ওলগাক দ্বৈত জীৱন-যাপনৰ সৈতে অভ্যস্ত কৰি তোলা হৈছিল। তেওঁ ইয়াৰ অংশ হিচাপে কঠোৰ প্ৰশিক্ষণ লৈছিল। মিছা পৰিচয়ৰ অধীনত বছৰ বছৰ ধৰি বিদেশত বাস কৰা বা পেছাদাৰী হিচাপে নিজকে বিকশিত কৰাটোও সংগঠনটোৰ পৰিকল্পনাৰ অংশ আছিল। এই সকলোবোৰ দাবী কৰিছে বেলিংকেটে।

তদন্তকাৰীসকলে কৈছে যে মাৰিয়া ২০১৮ চনত তেওঁৰ অভিযান সম্পূৰ্ণ কৰিবলৈ মস্কোলৈ উভতি আহিছিল। সেই সময়ত তেওঁ নেপলচৰ বন্ধুবৰ্গক কৈছিল যে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে কেমোথেৰাপী কৰিবলৈ চহৰ এৰি গৈছিল। বেলিংকেটৰ মতে মাৰিয়াই এই অজুহাতত অদৃশ্য হোৱাৰ লগে লগে সকলো সন্দেহৰ বাহিৰত গৈছিল।

মাৰিয়াক কেইমাহমান আগতে শেষবাৰৰ বাবে ফেচবুকত দেখা গৈছিল। মধ্য চল্লিশৰ এই মহিলাগৰাকীৰ আৰু  সন্ধান পোৱা নাযায়।

বেলিংকেটে মাৰিয়াৰ প্ৰকৃত পৰিচয় কেনেকৈ পোহৰলৈ আহিছিল সেয়াও প্ৰকাশ কৰিছে। তেওঁলোকে দাবী কৰিছে যে পেৰুৰ ন্যায় মন্ত্ৰালয়ে মাৰিয়াৰ পৰিচয় যে ভুৱা আছিল সেয়া জানিবলৈ দিয়ে।

কিন্তু বেলিংকেটে মাৰিয়াৰ “অভিযান” সফল হৈছে নে নাই সেয়া কোৱা নাই। অৱশ্যে তেওঁলোকৰ তদন্তকাৰীসকলে দাবী কৰে যে তেওঁ নাটোকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ বিষয়াসকলৰ সৈতে নিয়মীয়া যোগাযোগত আছিল। মাৰিয়াই নাটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ বাৰ্ষিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। তেওঁ সঘনাই বহুতো নাটো বিষয়াৰ ঘৰলৈ গৈছিল।

নিজৰ ‘নেটৱৰ্ক’ গঢ়ি তোলাৰ উপৰিও মাৰিয়াই ইউৰোপ, দক্ষিণ-পূব এছিয়া আৰু মধ্য প্ৰাচ্যকে ধৰি ইটালীলৈ সঘনাই ভ্ৰমণ কৰি আহিছে।

কিন্তু মাৰিয়াৰ দাবী যে তেওঁ ব্যৱসায়িক কাৰণত সেই দেশবোৰ ভ্ৰমণ কৰিছিল। আনকি গহনাৰ ব্যৱসায়ৰ বাবেও এই উচ্চ পদস্থ বিষয়াসকলৰ ঘৰত বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাইছিল।

বেলিংকেটৰ তদন্তকাৰীসকলে দাবী কৰিছে যে মাৰিয়াক বাহৰেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰিন্স খলিফা বিন ছলমান আল খলিফাৰ সৈতে হাত মিলাই থকা দেখা গৈছিল। অৱশ্যে ছবিখন পিছত ফেচবুকৰ পৰা আঁতৰাই দিয়া হৈছিল।

বেলিংকেটে এইটোও দাবী কৰে যে মাৰিয়াৰ মস্কোত এটা সম্পত্তিও আছে। মাৰিয়া ২০১৩ চনত মস্কোলৈ উভতি আহি তেওঁ এইটো ক্ৰয় কৰিছিল। তাৰ পিছত ২০২০ চনতো মাৰিয়াই আন এটা সম্পত্তি ক্ৰয় কৰিবলৈ আহিছিল।

বেলিংকেটে লগতে দাবী কৰিছে যে মাৰিয়াই ৰাছিয়ান পেঞ্চন ফাণ্ডৰ কাৰ্যালয়ৰ পৰা কেইবাবাৰো খাদ্য অৰ্ডাৰ কৰিছিল। সেই তথ্যও তেওঁলোকৰ হাতলৈ আহিছে।

মাৰিয়া কেতিয়াও বিদেশত চোৰাংচোৱাগিৰি কৰাৰ সময়ত ধৰা পৰা নাছিল। ইয়াৰ বিপৰীতে আমেৰিকান আৰু ইউৰোপীয় চোৰাংচোৱাসকলৰ কোনো ধাৰণা নাই যে মাৰিয়াৰ দৰে ভুৱা নামৰ এগৰাকী ৰাছিয়ান গুপ্তচৰ আছে।

বেলিংকেটৰ প্ৰতিবেদনত দাবী কৰা হৈছে, “নাটোৰ নিজা নিৰাপত্তা সেৱাৰ ওচৰত মাৰিয়াৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই। আনকি এইটোও অজ্ঞাত আছিল যে ৰাছিয়ান সেনাৰ এই গুপ্তচৰজনক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ নাটো যুটীয়া বাহিনী কমাণ্ডৰ কেন্দ্ৰ ইউৰোপত ৰখা হৈছিল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd