ভাৰতবৰ্ষত শেহতীয়াকৈ সাম্প্ৰদায়িক (অৰ্থাৎ ধৰ্মীয় সাম্প্ৰদায়িক) হিংসাৰ সমান্তৰালভাৱে বৰকৈ বাঢ়িছে জাতি-বৰ্ণবাদী হিংসা। কোনোবাই কোনোবাই ইয়াক ব্ৰাহ্মণ্যবাদী হিংসা বুলিও কৈছে। পৰিসংখ্যাৰ ফালৰ পৰাও, গভীৰতা তথা ভয়াৱহতাৰ ফালৰ পৰাও, এনে হিংসা-বিদ্বেষৰ ঘটনা যে বহুত বাঢ়িছে, তাত কোনো সন্দেহ নাই। এই চমু আলোচনাত আমি তেনে এমুঠিমান মাত্ৰ ঘটনা আৰু তাৰ আঁৰৰ কাৰণ-কাৰকবোৰ আলোচনা কৰিব খুজিছোঁ।
আৰম্ভ কৰোঁ ৰাজস্থানৰ জালোৰৰ ঘটনাটোৰে। ইন্দৰ কুমাৰ মেঘৱাল নামৰ ৯ বছৰীয়া ফুলকুমলীয়া ছাত্ৰ এজনে বিদ্যালয় চলি থকা সময়ত পিয়াহত আতুৰ হৈ পানীৰ কলহ এটাৰ পৰা পানী দুচলুমান খাব খুজিছিল। ঘটনাক্ৰমে কলহটো আছিল বিদ্যালয়ৰ উচ্চবৰ্ণৰ প্ৰধান শিক্ষকজনৰ৷ ইন্দৰ আছিল দলিত সম্প্ৰদায়ৰ আৰু সি পানী খোৱা পাত্ৰটো চুই দিয়াৰ লগে লগে উচ্চবৰ্ণৰ শিক্ষকজনে নিজৰ জাত হেৰুৱাৰ ভয়ত বা খঙত ইন্দৰক ইমানেই কোবালে যে গুৰুতভাৱে আহত ছাত্ৰজনৰ কেইদিনমান পাচতেই মৃত্যু ঘটিল।
আমি মহাভাৰতৰ যুগৰ-অৰ্ধকাল্পনিক-অৰ্ধ এতিহাসিক একলব্য-দ্ৰোণাচাৰ্যৰ কাহিনী শুনি আহিছোঁ৷ একলব্যক দ্ৰোণাচাৰ্যই (অস্ত্ৰ) শিক্ষা দিবলৈ অস্বীকাৰ কৰিছিল। একলব্যই নিজে কষ্ট কৰি তাক আয়ত্ত কৰাৰ পাচতো গুৰম্দক্ষিণাৰ নামত দ্ৰোণাচাৰ্যই ল’ৰাজনৰ সোঁহাতৰ বুঢ়া আঙুলিটো কাটি লৈছিল, পৃথিৱীৰ ইতিহাসৰ কুখ্যাততম গুৰুত পৰিণত হৈছিল তেওঁ। আৰু আজি একৈচ শতিকাৰ তৃতীয় দশকত, ‘স্বাধীনতা’ৰ মহাৰজত জয়ন্তীৰ দুৱাৰদলিত ৰৈ পিয়াহৰ পানী এচলু খাবলৈ বিচৰাৰ অপৰাধত এটি দেৱশিশুক আমি দিলো প্ৰাণদণ্ড!
মঙলদৈৰ অতুল শৰ্মাৰ ঘটনাটোৱেও আমাৰ বিবেকক সমূলে বিদ্ধ কৰিছে। ২৭ বছৰ আগতে কোচ সম্প্ৰদায়ৰ ছোৱালী এগৰাকীক বিয়া কৰোৱাৰ অপৰাধত মৃত্যুৰ পাচতো ৰেহাই নাপালে শৰ্মাই৷ এই অক্ষমনীয় অপৰাধৰ কাৰণে তেওঁৰ মৃতদেহটো চৌচোৰাই নি নদীৰ পাৰত পুতি থোৱাগৈ হ’ল৷ আধুনিকতা, গণতন্ত্ৰ, মানৱতা, বিজ্ঞান-প্রযুক্তি, বিশ্বায়ন …. এনে অজস্ৰ শব্দক নিষ্টুৰ ভাৱে উপহাস কৰি আলমাৰিৰ মাজৰ পৰা নাচি নাচি ওলাই আহিল কেতবোৰ নৰকংকাল। সিহঁতৰ প্ৰেতনৃত্যই প্রমাণ কৰিলে যে মধ্যযুগতকৈও বৰ্বৰতৰ, আনকি পৈশাচিক প্রৱণতা কেতবোৰ আজি প্রৱলতৰ হৈছে। প্রায় ১৫০০ বছৰীয়া ব্ৰাহ্মণ্যবাদ বা জাতি-বৰ্ণবাদ-অস্পৃশ্যতাৰ ৰাজত্ব শেষ হোৱা নাই, বৰং কঠিনতৰ, গভীৰতৰ আৰু ব্যাপকতৰ হৈছে তাৰ প্রভাৱ।
ইন্দৰ মেঘৱালৰ ঘটনাৰ পাচত মধ্যপ্ৰদেশৰ পৰা প্রকাশিত এটা জৰিপৰ তথ্য অনুসৰি ৰাজ্যখনৰ ৯২% দলিত ছাত্ৰছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয়ত কেতিয়াও পানী এচলুও খাই পোৱা নাই। সহজ কথাত ৯২% দলিত ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ছাত্ৰজীৱনত চৰকাৰী বিদ্যালয়তো এটোপ পানীও খাবলৈ দিয়া নহয়।
এই ঘটনাবোৰ জানো বিচ্ছিন্ন ঘটনা? আজিৰ পৰা বেছিদিন হোৱা নাই হাথৰসৰ মনীষা বাল্মীকিৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা। মনীষা বাল্মীকিৰ হত্যাৰ বিচাৰ হোৱাতো দূৰৰ কথা, পৰিয়ালৰ বাকিসকলো জিঘাংসাৰ বলিহে হ’ব লগা হয়।
এইবোৰ বিচ্ছিন্ন ঘটনা নহয়। প্ৰেমচান্দৰ ‘ঠাকুৰ কা কুঁৱা’ গল্পত আমি উত্তৰ ভাৰতত অস্পৃশ্যতাৰ যি ভয়াবহতাৰ কথা পঢ়িছিলো, সি ইতিমধ্যে বিলুপ্ত হ’ল বুলি ভাবিছিলো। নিৰুপমা বৰগোহাঞিয়ে ‘অভিযাত্ৰী’ উপন্যাসত অৱশ্যে সূত সম্প্ৰদায়ৰ হোৱাৰ বাবেই মহান মুক্তিযোদ্ধা চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু তেওঁৰ ভগ্নী ৰজনীপ্রভাই (পৰবৰ্তী কালত অসমৰ প্রথম মহিলা চিকিৎসক) শৈশৱতে উচ্চবৰ্ণৰ পুখুৰীৰ পৰা পানী একীজলিকৈ খাবলৈ লৈ পোৱা মৰ্মান্তিক অপমানৰ কাহিনীও আমাৰ বাবে অবিস্মৰণীয় হৈ আছে। তথাপিও আমি ভাবিছিলোঁ সেই ঘটনাবোৰ পুৰণি দিনৰ, ‘কম-চে-কম’ প্রাক-স্বাধীনতা কালৰ।
এতেকে সেইবোৰ আজিৰ তাৰিখত, এই আধুনিক সময়ত নঘটে। আমাক ভূল প্রমাণিত কৰি এনে ঘটনাবোৰ পুনৰ পুনৰ ঘটিছে, বেছি বেছিকৈ ঘটিছে, বৰ্বৰতৰ ভাৱে ঘটিছে। গুৰুৱে শিষ্যৰ আঙুলি কটাৰ পৰা ছাত্ৰৰ তেজেৰে শিক্ষকে হাত ৰঙোৱালৈকে ‘আগবাঢ়িছে’ ঘটনাবোৰ।
শেহতীয়াকৈ উজনি অসমৰ এখন সত্ৰত নতুনকৈ কৈবৱৰ্তসকলৰ প্রৱেশাধিকাৰ নিষেধ কৰাৰ বাতৰিয়ে সামাজিক মাধ্যম তোলপাৰ লগোৱাৰ কথাও আমি জানিব পাৰিছোঁ৷ সত্ৰখনৰ প্রতিষ্ঠাৰ কালৰ পৰা তাৰ লগত জড়িত কৈৰ্বতসকলৰ তাত প্রৱেশৰ অধিকাৰ হঠাতে বাতিল কৰাৰ প্রসংগটো আহিল ক’ৰ পৰা? (স্মৰণীয় বৰপেটা সত্ৰত দলিতৰ প্রৱেশাধিকাৰ বিচাৰি দীঘলীয়া আইনী যুঁজ)
এনে ঘটনাবোৰৰ তালিকা নবঢ়াই আমি সিবোৰক এক পৰিঘটনাৰূপেই গণ্য কৰিব লাগিব। তেতিয়া আমি দেখা পাম-
১/ ভাৰত ঐতিহাসিকভাৱেই এনে এখন দেশ-আৰু নিখুঁতভাৱে ক’বলৈ গ’লে পৃথিৱীৰ একমাত্ৰ দেশ-য’ত জাতি-বৰ্ণবাদৰ আধাৰত সামন্তীয় শোষণ চলিছিল।
২/ বৃতিচ সাম্ৰাজ্যবাদে ভাৰতৰ সামন্তীয় অতীতৰ কেতবোৰ দিশ (যেনে সতীদাহ) দমন কৰিলেও জাতি-বৰ্ণবাদক সযত্নে সংৰক্ষণহে কৰিছিল। উদাহৰণস্বৰূপে মনুস্মৃতিৰ অনুবাদ কৰি তাক বৃতিচ ভাৰতীয় ন্যায়ব্যৱস্থাৰ এক স্তম্ভত পৰিণত কৰিছিল বৃতিচ সাম্ৰাজ্যবাদীহঁতেই। মনুস্মৃতিৰ অনুবাদক তথা বৃতিচ-ভাৰতৰ ন্যায়াধীশ চাৰ উইলিয়াম জোনচে হাতত মনুস্মৃতি লৈ থকা প্ৰতিমূৰ্তি এতিয়াও লল্দনৰ চাৰ্চ অব ইংলেন্দৰ চোতালত বিৰাজ কৰিছে।
৩/ বিশ্বায়নে ৰাজহুৱা খণ্ডক বাতিল কৰি দিয়াৰ লগে লগে চাকৰি বাকৰি শিক্ষা-দীক্ষা মধ্যবিত্তীয় সা-সুবিধা সকলোতে টান পৰিছে। সেয়েহে দলিত-আদিবাসী সংখ্যালঘু আৰু আমি নিম্নবৰ্গ মানুহৰ ওপৰত আক্ৰমণৰ গভীৰতা আৰু ব্যাপকতা বাঢ়িছে।
৪/ দলিত তথা আন নিম্নবৰ্গৰ ওপৰত এই বৰ্ধিত আক্ৰমণৰ পৃষ্ঠাপোষকৰ ভূমিকা লৈছে স্বয়ং ৰাষ্ট্ৰই। আনকি বহুক্ষেত্ৰত এনে হিংসা ৰাষ্ট্ৰীয় হিংসাত পৰিণত কৰিছে। মনীষা বাল্মীকিৰ ধৰ্ষণ আৰু হত্যাত অভিযুক্ত বিলাকে ৰাষ্ট্ৰীয় সুৰক্ষা পোৱাৰ অভিযোগ উঠিছে৷
৫/ বেছিভাগ ক্ষেত্ৰতে এনে জাতি-বৰ্ণবাদী হিংসাৰ লগত হিন্দুত্ববাদৰ অন্তৰংগ সম্পৰ্ক থকাৰ অভিযোগে উঠিছে। উদাহৰণস্বৰূপে ইন্দৰ মেঘৱালৰ বৰ্বৰ হত্যা সংঘটিত হোৱা বিদ্যালয়খন সৰস্বতী বিদ্যা মন্দিৰ আৰু সেইখন সংঘ পৰিয়ালৰ দ্বাৰা পৰিচালিত বুলি কোৱা হৈছে।
সেয়েহে ক্ৰমবৰ্ধমান জাতি-বৰ্ণবাদী হিংসা-বিদ্বেষৰ বিপক্ষে যুঁজখন আচলতে ভাৰতৰ গণতান্ত্রিকীকৰণৰ, মানৱিকীকৰণৰে যুঁজ অৰ্থনৈতিক সাম্যই স্বয়ংক্ৰিয়ভাৱে সামাজিক বৈষম্য আৰু অৱদমনক নিৰ্মূল নকৰে। তাৰ বাবে দীৰ্ঘস্থায়ী সংগ্ৰামৰ প্ৰয়োজন আজি আমাৰ প্রিয় মাতৃভূমি সেই দীৰ্ঘস্থায়ী সংগ্ৰামৰ দুৱাৰদলিত থিয়!
(লেখকৰ অনুৰোধত লেখাটোত বানান বা শব্দৰ কোনো সম্পাদনা কৰা হোৱা নাই)
(লেখক অসমীয়া জাতীয় অভিধান তথা জাতীয় ইতিহাসৰ মুখ্য সম্পাদক; লেখকৰ চলভাষ ৯৪৩৫৩৫১২৫৫)