• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত জোড়ো যাত্ৰাৰ মাজতে ৰাহুল গান্ধীলৈ বিবাহৰ প্ৰস্তাৱ! কোনে দিলে এই প্ৰস্তাৱ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 7:37 pm
Rahul Gandhi
151
VIEWS
Share on FacebookShare on Twitter

যোৱা ৭ ছেপ্টেম্বৰত আৰম্ভ কৰা কংগ্ৰেছৰ বহু প্ৰত্যাশিত ‘ভাৰত জোড়ো যাত্ৰা’-ই আজি পঞ্চম দিনত ভৰি দিলে। দলটোৰ প্ৰতি জনসাধাৰণৰ হেৰুওৱা বিশ্বাস ঘূৰাই অনা তথা দেশৰ জনসাধাৰণৰ সৈতে এক সম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰে যোৱা বৃহস্পতিবাৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে ৰাহুল গান্ধীসহ কেইবাগৰাকীও কংগ্ৰেছ নেতৃত্বই।

তামিলনাডুৰ পৰা আৰম্ভ হৈ কাশ্মীৰত সমাপ্তি ঘটিবলগীয়া ১৫০ দিনীয়া এই ৩,৫০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ এই যাত্ৰাৰ মাজতে কালি কংগ্ৰেছৰ শীৰ্ষ নেতা গান্ধীয়ে বিবাহৰ প্ৰস্তাৱ লাভ কৰিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশে এই টুইট যোগে গান্ধীয়ে লাভ কৰা এই প্ৰস্তাৱৰ বিষয়ে সদৰী কৰিছে। টুইটটোত তেওঁ এই প্ৰস্তাৱৰ বিষয়ে উল্লেখ কৰি লিখিছে, “ভাৰত জোড়ো যাত্ৰাৰ তৃতীয় দিনা এক অদ্ভুত মুহূৰ্ত।”

জয়ৰাম ৰমেশে উল্লেখ কৰা মতে ৰাহুল গান্ধীয়ে যাত্ৰাৰ মাজতে কালি আবেলি মৰথান্দমত এম.জি.এনৰেগাৰ একাংশ মহিলা কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে। সেই সময়তে তেওঁলোকৰ মাজৰে এগৰাকীয়ে গান্ধীলৈ এই প্ৰস্তাৱ আগবঢ়ায়।

 

A hilarious moment from day 3 of #BharatJodoYatra

During @RahulGandhi’s interaction with women MGNREGA workers in Marthandam this afternoon, one lady said they know RG loved Tamil Nadu & they’re ready to get him married to a Tamil girl! RG looks most amused & the photo shows it! pic.twitter.com/0buo0gv7KH

— Jairam Ramesh (@Jairam_Ramesh) September 10, 2022

মহিলাগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে তামিলনাডুক ভাল পায় বুলি তেওঁ জানে। গতিকে তেওঁলোকে ৰাহুল গান্ধীক এগৰাকী তামিল যুলৱতীৰ সৈতে বিয়া কৰাই দিব বিচাৰে। এই প্ৰস্তাৱ শুনি ৰাহুল গান্ধী প্ৰায় অভিভূত হৈ পৰে বুলি জয়ৰাম ৰমেশে লগতে উল্লেখ কৰে।

উল্লেখ্য যে কংগ্ৰেছে ‘ভাৰত জোড়ো যাত্ৰা’ৰ অধীনত দেশৰ ১২ খন ৰাজ্য ভ্ৰমণ কৰিব। জয়ৰাম ৰমেশ এই যাত্ৰাত ৰাহুল গান্ধীৰ অন্যতম সংগী। কংগ্ৰেছে এই যাত্ৰাৰ জৰিয়তে নিজৰ ৰাজনৈতিক উত্থানৰ প্ৰচেষ্টা চলোৱাৰ লগতে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি ইত্যাদি বিষয়ত জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ কাষ চপাৰ লক্ষ্য লৈছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd