হাতী-মানুহৰ সংঘাতৰ বাতৰি দেখি-শুনিয়েই থাকোঁ। হাতীয়ে ধাননি পথাৰ তহিলং কৰা, ঘৰ ভঙা, আনকি পৰুৱা মৰা দি গচকি মানুহ মৰাৰ বাতৰি, ছবি আৰু ভিডিঅ’ বোৰ সংবাদ মাধ্যমত সঘনাই প্ৰচাৰিত হয়।
পিছে সম্প্ৰতি আৰু দুবিধ প্ৰাণীয়ে অসমৰ ভালেমান ঠাইত মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। সেই দুবিধ হ’ল বান্দৰ আৰু কেৰ্কেটুৱা। এই দুবিধ জীৱই কোনো কোনো অঞ্চলত কেনে বিপৰ্যয়ৰ সৃষ্টি কৰিছে সেয়া ভাবিব নোৱাৰি।
গুৱাহাটীৰ যিকোনো এখন বজাৰলৈ গৈ চালে স্থানীয় প্ৰজাতিৰ নাৰিকল বৰ বেছিকৈ দেখা পোৱা নাযায়। আজিকালি দক্ষিণ ভাৰতৰ পৰা অহা সৰু সৰু নাৰিকলহে বেছিকৈ ওলায় । কাৰণ সুধিলে বেপাৰীসকলে কয়–”গাওঁবোৰত এতিয়া নাৰিকল নৰয়েই নহয়! চব কেৰ্কেটুৱাই কাটি পেলায়।”
কেৱল নাৰিকলেই নহয়, কেৰ্কেটুৱাৰ বাবে ভালেমান অঞ্চলত আজিকালি তামোলো নৰয়। ফলমূলৰ গছবোৰতো কেৰ্কেটুৱাই আধিপত্য চলোৱাৰ ফলত উৎপাদন পূৰ্বতকৈ বহু কমি গৈছে।
আমি সৰু থাকোঁতে ধনু-কাঁড় লৈ কিছুমান মানুহ চিকাৰলৈ আহিছিল। ৰ’দে পোৰা শৰীৰৰ, মাত-কথাবোৰো অলপ বেলেগ সেই মানুহবোৰে নানা বন্যপ্ৰাণী বধ কৰিছিল। এতিয়া বহুতে হয়তো বিশ্বাস কৰিবলৈকে টান পাব–আজিৰ পৰা প্ৰায় চল্লিশ বছৰমান আগতে নোমাল নেজৰ কেৰ্কেটুৱাবোৰ মাৰি কিবা বিশেষ পদ্ধতিৰে ভিতৰৰ মঙহবোৰ উলিয়াই, খেৰ আদি ভৰাই সজোৱা বস্তু হিচাপে বিক্ৰী কৰিছিল। তেতিয়া কেটেপা বা গুলটি বিক্ৰী কৰাটোও নিষিদ্ধ নাছিল। এতিয়া অৱশ্যে বন্যপ্ৰাণী নিধন বিৰোধী কঠোৰ আইন প্ৰৱৰ্তিত হৈছে, আগৰ দৰে কোনেও এতিয়া আৰু বনৰীয়া জীৱবোৰ বধ কৰিব নোৱাৰে। কেৰ্কেটুৱাৰ সংখ্যাও সেইবাবেই বাঢ়িছে নেকি? বিষয়টো চিন্তনীয়।
আৰু বান্দৰ? প্ৰায় সকলো ধৰণৰ ফলমূল, অমিতাকে ধৰি বিভিন্ন গছৰ ফুল আৰু কুমলীয়া পাত খোৱা, পাকঘৰত সোমাই খোৱাবস্তু খোৱা আৰু বাচন-সহিতে লৈ যোৱা, ফ্ৰিজৰ বস্তু খোৱা আৰু খাব নোৱাৰা বোৰ দলিয়াই পেলোৱা, পাৰৰ বাঁহৰ পৰা কণী উলিয়াই খোৱা, ঘৰৰ ভিতৰত বিষ্ঠা ত্যাগ কৰা আদি অত্যাচাৰৰ সন্মুখীন হোৱাসকলেহে বান্দৰৰ বিভীষিকাৰ কথা জানে। ভেন্দি আৰু জলকীয়াৰ বাদে প্ৰায় সকলো ফল আৰু পাচলি খোৱাৰ লগতে নষ্ট কৰা বান্দৰে আনকি ফুলনিৰ গছ-বন, টাব আদিও ভাঙি মানুহক জ্বলাকলা কৰা দেখা যায়।
বান্দৰেও যে সুগন্ধি ভালপায় সেই কথা আগতে জনা নাছিলোঁ। মংগলদৈৰ এগৰাকী মহিলাই জনোৱামতে, বান্দৰে ধনীয়াৰ গছবোৰ উভালি লৈ গায়ে-মূৰে ঘঁহে।
বান্দৰ আৰু কেৰ্কেটুৱাৰ এই সন্ত্ৰাস এতিয়া নিতৌ ন ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। বনাঞ্চল, পাহাৰ আদি সকলো ঠাইতে জনবসতি হোৱাটোও আৰু লগতে সেইবোৰ অঞ্চলৰ ডাঠ হাবি-বননি নাইকিয়া হোৱাটো নিশ্চয় ইয়াৰ অন্যতম কাৰণ।
কাৰণ যিয়েই নহওক লাগিলে, বান্দৰ আৰু কেৰ্কেটুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি অহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ খেতিয়ক তথা সৰ্বসাধাৰণ ৰাইজ সঁচাকৈয়ে বিপদত পৰিছে। বন্যহস্তীৰ অত্যাচাৰৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰাৰ বিষয়ে বিভিন্ন চিন্তা-চৰ্চা চলি আহিছে যদিও বান্দৰ আৰু কেৰ্কেটুৱাৰ বিষয়ে আলোচনা হোৱাটো পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থা সম্পৰ্কে কৃষি আৰু পশু বিশেষজ্ঞসকলে সুচিন্তিত আৰু ফলপ্ৰসূ কোনো উপায় উদ্ভাৱন কৰাৰ সময় আহি পৰিছে। সংশ্লিষ্ট চৰকাৰী বিভাগসমূহো এই ক্ষেত্ৰত তৎপৰ হোৱাটো বাঞ্ছনীয় ।
(লেখিকা এগৰাকী নিবন্ধকাৰ,
লেখিকাৰ ই-মেইল আই ডি [email protected])