• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বান্দৰ, কেৰ্কেটুৱা আদি…

কৰবী দত্ত by কৰবী দত্ত
September 14, 2022 4:40 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতী-মানুহৰ সংঘাতৰ বাতৰি দেখি-শুনিয়েই থাকোঁ। হাতীয়ে ধাননি পথাৰ তহিলং কৰা, ঘৰ ভঙা, আনকি পৰুৱা মৰা দি গচকি মানুহ মৰাৰ বাতৰি, ছবি আৰু ভিডিঅ’ বোৰ সংবাদ মাধ্যমত সঘনাই প্ৰচাৰিত হয়।

পিছে সম্প্ৰতি আৰু দুবিধ প্ৰাণীয়ে অসমৰ ভালেমান ঠাইত মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। সেই দুবিধ হ’ল বান্দৰ আৰু কেৰ্কেটুৱা। এই দুবিধ জীৱই কোনো কোনো অঞ্চলত কেনে বিপৰ্যয়ৰ সৃষ্টি কৰিছে সেয়া ভাবিব নোৱাৰি।
গুৱাহাটীৰ যিকোনো এখন বজাৰলৈ গৈ চালে স্থানীয় প্ৰজাতিৰ নাৰিকল বৰ বেছিকৈ দেখা পোৱা নাযায়। আজিকালি দক্ষিণ ভাৰতৰ পৰা অহা সৰু সৰু নাৰিকলহে বেছিকৈ ওলায় । কাৰণ সুধিলে বেপাৰীসকলে কয়–”গাওঁবোৰত এতিয়া নাৰিকল নৰয়েই নহয়! চব কেৰ্কেটুৱাই কাটি পেলায়।”

Apply Now

কেৱল নাৰিকলেই নহয়, কেৰ্কেটুৱাৰ বাবে ভালেমান অঞ্চলত আজিকালি তামোলো নৰয়। ফলমূলৰ গছবোৰতো কেৰ্কেটুৱাই আধিপত‍্য চলোৱাৰ ফলত উৎপাদন পূৰ্বতকৈ বহু কমি গৈছে।

আমি সৰু থাকোঁতে ধনু-কাঁড় লৈ কিছুমান মানুহ চিকাৰলৈ আহিছিল। ৰ’দে পোৰা শৰীৰৰ, মাত-কথাবোৰো অলপ বেলেগ সেই মানুহবোৰে নানা বন‍্যপ্ৰাণী বধ কৰিছিল। এতিয়া বহুতে হয়তো বিশ্বাস কৰিবলৈকে টান পাব–আজিৰ পৰা প্ৰায় চল্লিশ বছৰমান আগতে নোমাল নেজৰ কেৰ্কেটুৱাবোৰ মাৰি কিবা বিশেষ পদ্ধতিৰে ভিতৰৰ মঙহবোৰ উলিয়াই, খেৰ আদি ভৰাই সজোৱা বস্তু হিচাপে বিক্ৰী কৰিছিল। তেতিয়া কেটেপা বা গুলটি বিক্ৰী কৰাটোও নিষিদ্ধ নাছিল। এতিয়া অৱশ্যে বন‍্যপ্ৰাণী নিধন বিৰোধী কঠোৰ আইন প্ৰৱৰ্তিত হৈছে, আগৰ দৰে কোনেও এতিয়া আৰু বনৰীয়া জীৱবোৰ বধ কৰিব নোৱাৰে। কেৰ্কেটুৱাৰ সংখ‍্যাও সেইবাবেই বাঢ়িছে নেকি? বিষয়টো চিন্তনীয়।

আৰু বান্দৰ? প্ৰায় সকলো ধৰণৰ ফলমূল, অমিতাকে ধৰি বিভিন্ন গছৰ ফুল আৰু কুমলীয়া পাত খোৱা, পাকঘৰত সোমাই খোৱাবস্তু খোৱা আৰু বাচন-সহিতে লৈ যোৱা, ফ্ৰিজৰ বস্তু খোৱা আৰু খাব নোৱাৰা বোৰ দলিয়াই পেলোৱা, পাৰৰ বাঁহৰ পৰা কণী উলিয়াই খোৱা, ঘৰৰ ভিতৰত বিষ্ঠা ত‍্যাগ কৰা আদি অত‍্যাচাৰৰ সন্মুখীন হোৱাসকলেহে বান্দৰৰ বিভীষিকাৰ কথা জানে। ভেন্দি আৰু জলকীয়াৰ বাদে প্ৰায় সকলো ফল আৰু পাচলি খোৱাৰ লগতে নষ্ট কৰা বান্দৰে আনকি ফুলনিৰ গছ-বন, টাব আদিও ভাঙি মানুহক জ্বলাকলা কৰা দেখা যায়।

বান্দৰেও যে সুগন্ধি ভালপায় সেই কথা আগতে জনা নাছিলোঁ। মংগলদৈৰ এগৰাকী মহিলাই জনোৱামতে, বান্দৰে ধনীয়াৰ গছবোৰ উভালি লৈ গায়ে-মূৰে ঘঁহে।

বান্দৰ আৰু কেৰ্কেটুৱাৰ এই সন্ত্ৰাস এতিয়া নিতৌ ন ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। বনাঞ্চল, পাহাৰ আদি সকলো ঠাইতে জনবসতি হোৱাটোও আৰু লগতে সেইবোৰ অঞ্চলৰ ডাঠ হাবি-বননি নাইকিয়া হোৱাটো নিশ্চয় ইয়াৰ অন‍্যতম কাৰণ।

কাৰণ যিয়েই নহওক লাগিলে, বান্দৰ আৰু কেৰ্কেটুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি অহাৰ ফলত ৰাজ‍্যৰ বিভিন্ন অঞ্চলৰ খেতিয়ক তথা সৰ্বসাধাৰণ ৰাইজ সঁচাকৈয়ে বিপদত পৰিছে। বন‍্যহস্তীৰ অত‍্যাচাৰৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰাৰ বিষয়ে বিভিন্ন চিন্তা-চৰ্চা চলি আহিছে যদিও বান্দৰ আৰু কেৰ্কেটুৱাৰ বিষয়ে আলোচনা হোৱাটো পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত ল’ব পৰা ব‍্যৱস্থা সম্পৰ্কে কৃষি আৰু পশু বিশেষজ্ঞসকলে সুচিন্তিত আৰু ফলপ্ৰসূ কোনো উপায় উদ্ভাৱন কৰাৰ সময় আহি পৰিছে। সংশ্লিষ্ট চৰকাৰী বিভাগসমূহো এই ক্ষেত্ৰত তৎপৰ হোৱাটো বাঞ্ছনীয় ।

(লেখিকা এগৰাকী নিবন্ধকাৰ,
লেখিকাৰ ই-মেইল আই ডি [email protected])

কৰবী দত্ত

কৰবী দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd