• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 8:13 pm
64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমন্ত বিশ্ব শৰ্মাই বিটিচিত অশান্তি বিচাৰে। সেইবাবে জুই লগোৱা ৰাজনীতি কৰিব বিচাৰিছে। আমি অসমৰ ল’ৰা-ছোৱালীক স্ক’লাৰশ্বিপ দিব খোজো। হিমন্ত বিশ্ব শৰ্মাই হাতত বন্দুক তুলি দি হিংসাক প্ৰশ্ৰয় দিব খোজে। বিটিআৰ এলেকাত প্ৰাক-নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকলাবাৰীত এইদৰে কয়।

কংগ্ৰেছ নেতাজনে কয়, কংগ্ৰেছ দলৰ চৰকাৰ থাকোতে বিটিচি চুক্তিৰ জৰিয়তে শান্তি আৰু সম্প্ৰতি আৰম্ভ কৰিছিল। কিন্তু এতিয়া নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিত অশান্তি কৰিব বিচাৰিছে আৰু সমগ্ৰ অসমকে হিংসাৰে জৰ্জৰিত কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে ৰাইজ সজাগ হ’ব লাগিব। নিজৰ পৰিয়ালৰ নামত সম্পত্তি বৃদ্ধি কৰা মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰত এতিয়া অসমৰ শ্ৰমিক-কৃষক, আনকি মাজুলীৰ খেতিয়ক, কাজিৰঙাৰ চাহ শ্ৰমিকেও এতিয়া ‘মামী টেক্স’ দিবলগীয়া হৈছে।

Apply Now

গৌৰৱ গগৈয়ে আৰু কয় যে এই সময়ত ইউপিপিএল আৰু বিপিএফ নিমাতে আছে। বিৰোধিতা কৰিব বিচৰা নাই৷ কিয়নো তেওঁলোকৰ ৰিম’ট কণ্ট্ৰোল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে৷ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তিনিটা ফোন থাকে৷ এটা ফোন উঠাই অমিত শ্বাহক লগায়৷ এটা ফোন উলিয়াই বিপিএফৰ হাগ্ৰামা মহিলাৰীক ফোন কৰে৷ পিছৰ পকেটৰ পৰা ফোন উলিয়াই ইউপিপিএলৰ প্ৰমোদ বড়োৰ সৈতে কথা পাতে৷ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু এটা চিক্ৰেট ফোন আছে৷ কাইলৈ যদি বিধানসভাৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহে, তেন্তে ফাইল যেতিয়া খোল খাব তেতিয়া নিজকে বচাবলৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ ওচৰলৈ আহিবলৈ এটা চিক্ৰেট ফোন তেওঁ ৰাখি থৈছে৷

আজিৰ ৰাজহুৱা সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভোটাৰৰ অধিকাৰ সম্পৰ্কেও মন্তব্য দাঙি ধৰে। তেওঁ কয়, ”প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ৷ নিৰ্বাচনত জনগণে দিয়া এটা এটা ভোট গুৰুত্বপূৰ্ণ৷ ভোট কেতিয়াও ব্যৰ্থ হৈ যাব নালাগে৷ এই ভোটৰ সৈতে আপোনালোকৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে৷ এই ভোটৰ সৈতে গণতান্ত্ৰিক অধিকাৰ জড়িত হৈ আছে৷ ভোটৰ সৈতে চৰকাৰে যোৱা ৫ বছৰত কি কাম কৰিলে সেই কথা জনাৰ অধিকাৰ আছে৷ নিৰ্বাচনী সভাত আপোনালোকে কথাবোৰ ভালদৰে শুনি ঘৰলৈ গৈ গাঁৱৰ মানুহৰ লগত সেইবোৰ আলোচনা কৰিব৷ গাঁৱৰ মানুহৰ মন্তব্য, চিন্তাধাৰা বুজিবলৈ চেষ্টা কৰা উচিত৷’’

পিতৃ তৰুণ গগৈক স্মৰণ কৰি গৌৰৱ গগৈয়ে কয় যে তৰুণ গগৈৰ কথা মনত পৰিলেই আজিও সেই হাঁহি থকা মুখখন দেখা পাও৷ সৰলতা মনত পেলাও৷ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ প্ৰতি থকা মৰমৰ কথা মনত পেলাও৷ তৰুণ গগৈক বিৰোধীয়ে ৰাজনৈতিকভাৱে সমালোচনা কৰিলেও বিৰোধীয়ে এই কথা স্বীকাৰ কৰে যে ২০০৩ চনত তৰুণ গগৈ ক্ষমতা অহাৰ পিছতে অসমলৈ শান্তি ঘূৰি আহিল৷ সেই শান্তি আমি সকলোৱে অনুভৱ কৰিছো৷

গগৈয়ে কয়, ”তৰুণ গগৈ চৰকাৰৰ আগৰ সময়খিনি ২০০১ চনৰ আগত মানুহে সন্ধিয়া ওলাবলৈ ভয় কৰিছিল৷ সেই ভয় তৰুণ গগৈয়ে নাইকিয়া কৰিলে৷ আৰক্ষীৰ বল, বন্দুক বা গুলীৰে নহয়৷  সকলোকে মাতি আনি ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে সেই কাম কৰিছে৷ বিটিচিত নিৰ্বাচনৰ সময়ত তৰুণ গগৈক একাংশ লোকে কৈছিল যে কেন্দ্ৰত আমাৰ চৰকাৰ, ৰাজ্যত আমাৰ চৰকাৰ৷ বিটিচিত আমি সকলো আঞ্চলিক ৰাজনীতিক শেষ কৰি দিও৷ তেতিয়া তৰুণ গগৈয়ে কৈছিল যে আমি ৰাজনীতি ক্ষমতাৰ কাৰণে কৰি থকা নাই৷ আমি কংগ্ৰেছ দল, ইতিহাস থকা দল৷ স্বাধীনতা সংগ্ৰামৰ সময়ত জন্ম হোৱা দল৷ আমি কংগ্ৰেছে ৰাজনীতি কৰিছো সাধাৰণ লোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ৷ বিটিচিৰ মানুহে কিবা যদি বিচাৰিছে সেয়া হৈছে শান্তি আৰু সম্প্ৰীতি৷ আমি আঞ্চলিক শক্তিবোৰক আগুৱাই লৈ গ’লে শান্তি আহিব৷’’

কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে সেই সময়ত বিটিচিত শান্তিৰ বাবে কংগ্ৰেছে ৰাজনৈতিক বলিদান দিলে৷ আজি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি কিন্তু বিটিচিৰ প্ৰতি কংগ্ৰেছৰ দৰে একে উদাৰভাৱ মই দেখা নাই৷ শান্তিৰ পক্ষে তেওঁলোকে কথা নকয়৷ ক্ষমতাৰ কাৰণে বিজেপিয়ে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

তেওঁ কয় যে বিজেপিয়ে মানুহৰ মাজত সংঘাত লগাব পাৰে৷ এতিয়া কেৱল ক্ষমতাৰ কাৰণে মানুহৰ মাজত বন্দুক বিতৰণ কৰিব বিচাৰিছে৷ এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি৷ অসমৰ মানুহৰ মাজত বন্দুক বিতৰণ কৰি মানুহৰ মাজ গুলীয়াগুলি হওক আৰু তেওঁলোকে তাক লৈ ৰাজনীতি কৰিব৷ সিদ্ধান্ত আপোনালোকে ল’ব লাগিব৷ গগৈয়ে কয়, ”হিমন্ত বিশ্ব শৰ্মাই নিজৰ ল’ৰাৰ হাতত বন্দুক নিদিয়ে৷ মন্ত্ৰী-বিধায়কৰ হাতত বন্দুক নিদিয়ে৷ তেওঁলোকৰ সন্তানক বিদেশলৈ পঢ়ুৱাবলৈ পঠাব৷ ভাল ভাল চাকৰি দিব৷ আৰু বন্দুক দিব আমাৰ দুখীয়া অঞ্চলৰ ল’ৰা-ছোৱালীৰ হাতত৷ বিজেপিৰ ভোট দিয়া মানে কিছুদিন পিছত আমি ল’ৰা-ছোৱালীৰ হাতত একে-৪৭ দেখা পাম৷ বিজেপিক ভোট দিয়া মানে কোনোবা ল’ৰাই মদ খাই নিজৰ পৰিয়ালৰ ওপৰতে বন্দুক চলাব৷ বিজেপিক ভোট দিয়া মানে চিণ্ডিকেট কৰি থকাসকলে বন্দুক দেখুৱাই আৰু ধন কাঢ়ি নিবলৈ সুবিধা কৰি দিয়াৰ দৰে হ’ব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd