• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে বিপজ্জনক নেকি? জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 15, 2022 6:00 pm
fat
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু লোকৰে পেটত অতিৰিক্ত চৰ্বি গোট খোৱা দেখা যায়। এনে অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে। সেইবাবে বেছিভাগ মানুহেই নানা ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেট(বেলী ফেট) ঢাকিবলৈ চেষ্টা কৰে।

কিন্তু সৰহসংখ্যকে মানুহেই এইটো উপলব্ধি নকৰে যে অতিৰিক্ত চৰ্বিয়ে অকল দেহৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, অতিৰিক্ত পেটৰ চৰ্বিয়ে ভয়ংকৰভাৱে স্বাস্থ্যৰ হানি কৰিব পাৰেগ। দেহৰ অতিৰিক্ত চৰ্বি অস্বাস্থ্যকৰ, বিশেষকৈ অতিৰিক্ত পেটৰ চৰ্বিয়ে নানা ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

Apply Now

অতিৰিক্ত পেটৰ চৰ্বি কিয় ইমান ভয়ানক জানো আহক-

অতিৰিক্ত পেটৰ চৰ্বিয়ে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু শ্লীপ এপনীয়া(ৰাতি শুই থাকোঁতে কেইছেকেণ্ড মানৰ কাৰণে উশাহ বন্ধ হৈ যোৱা) আৰু অকাল মৃত্যুৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

খীন ব্যক্তিৰো ভিছাৰেল ফেট থাকিব পাৰে। বাহিৰৰ পৰা পেটৰ চৰ্বি নেদেখিলেও পেটৰ ভিতৰত চৰ্বি থাকিব পাৰে। সেইবাবে খীণ ব্যক্তিয়েও ডায়েবেটিছ আৰু হৃদৰোগত ভুগিব পাৰে। ভিছাৰেল ফেটে আমাৰ শৰীৰত প্ৰদাহ(ইনফ্লেমেচ’ন) সৃষ্টি কৰে।

অতিৰিক্ত পেটৰ চৰ্বিয়ে ৰক্তত ট্ৰাইগ্লিছাৰাইড, কলেষ্টেৰল, চেনিৰ মাত্ৰা আৰু ৰক্তচাপ বৃদ্ধি কৰে। আনহাতে শৰীৰৰ বাবে উপকাৰী হাই ডেনচিটী লাইপ’প্ৰটিন(এইচ ডি এল) হ্ৰাস কৰে, এইচ ডি এলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি অতিৰিক্ত পেটৰ চৰ্বিয়ে স্মৃতিশক্তি হ্ৰাস কৰে।

অতিৰিক্ত পেটৰ চৰ্বি হোৱাৰ কাৰণসমূহ জানি লওক:-

১)বহু সময়ত পেটত অধিক চৰ্বি হোৱা জীন বংশানুক্ৰমে কঢ়িয়ায়। সেইবাবে এনে লোকৰ ক্ষেত্ৰত পেটত চৰ্বি হোৱাৰ সম্ভাৱনা খুব বেছি।

২)অধিক শ্বেতসাৰ জাতীয়(কাৰ্বহাইড্ৰেট) খাদ্য গ্ৰহণ কৰা। ভাৰতীয়সকলৰ আহাৰৰ প্ৰধান উপাদান যেনে- ভাত, ৰুটী, ড’চা, ইউলি আদি শ্বেতসাৰ জাতীয় খাদ্য। এই শ্বেতসাৰ জাতীয় খাদ্য খুব বেছি পৰিমাণে দিনটো খোৱা হয়।

অধিক শ্বেতসাৰ জাতীয় খাদ্য আৰু লগতে চেনি বা আন চেনি মিহলোৱা খাদ্য বা পানীয়েই পেটৰ চৰ্বি বৃদ্ধি কৰে। শীতল পানীয় বিশেষ অপকাৰী।

৩)আমি যদি আমাৰ শৰীৰক প্ৰয়োজন হোৱাতকৈ বেছি পৰিমাণৰ খাদ্য গ্ৰহণ কৰো, তেন্তে শৰীৰক নলগা খাদ্য বা শক্তিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব।

অৰ্থাৎ আমি যিমানখিনি কেলৰি গ্ৰহণ কৰো সিমানখিনি যদি খৰচ কৰিব নোৰাৰোঁ তেনেহ’লে সেই বাকী থকা কেলৰিখিনি চৰ্বি থকা কেলৰিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। কেলৰি হ’ল শক্তিৰ এটা একক(ইউনিট) প্ৰত্যেক খাদ্য বস্তুতে বিভিন্ন পৰিমাণৰ কেলৰি উৎপন্ন হয়।

এজন ব্যক্তিয়ে দিনটোত কিমান কেলৰি আৱশ্যক সেইটো ব্যক্তিজনৰ ওজন, উচ্চতা, লিংগ, বয়স আৰু কি ধৰণৰ পৰিশ্ৰম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন অফিচত বহি কাম কৰা ব্যক্তিতকৈ এজন পথাৰত কাম কৰা খেতিয়কৰ কেলৰিৰ পৰিমাণ বেছি হ’ব।

৪)বয়সেও পেটৰ চৰ্বি হোৱাত যথেষ্ট প্ৰভাৱ পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ক্ৰিয়া প্ৰক্ৰিয়া(মেটাব’লিজিম)বোৰ মন্থৰ হৈ আহে। এজন ব্যক্তিৰ ৩০ বছৰ বয়সত যিমানখিনি কেলৰিৰ প্ৰয়োজন আছিল ৫০ বছৰ বয়সত তাতকৈ কম কেলৰিৰ প্ৰয়োজন। যদি একে সমান কেলৰি গ্ৰহণ কৰি থাকে, তেন্তে পেটৰ চৰ্বি বাঢ়ি যাব।

৫)অত্যধিক সুৰাপানে পেটৰ চৰ্বি বৃদ্ধি কৰে। যাক ‘বীয়েৰ বেলী’ বুলি কোৱা হয়। অকল বীয়েৰেই নহয়। সকলো প্ৰকাৰৰ সুৰাই পেটৰ চৰ্বি বৃদ্ধি কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd