• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে চৰকাৰী শিক্ষাখণ্ড ধ্বংস কৰাৰ অভিযোগ তুলি ৯টা বিৰোধী দল, সংগঠনৰ সংবাদমেল

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 21, 2022 6:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী স্কুলসমূহ পৰিদৰ্শন কৰি স্তম্ভিত হৈ পৰিছে ৰাজ্যৰ ৯ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি দল। ঐতিহ্য বিজড়িত এই স্কুলসমূহৰ প্ৰায়বোৰৰে চৌপাশ কদর্য পিটনি, বন-জঙ্ঘলেৰে পৰিপূৰ্ণ।

ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দল,অসমৰ সভাপতি অজিত কুমাৰ ভূঞা, কংগ্ৰেছ দলৰ নেতা মনজিৎ মহন্ত, কুশল কুমাৰ শৰ্মা আৰু মেহদি আলম বৰা,প্ৰণৱ চেতিয়া, চি পি আই (এম) দলৰ নেতা সুপ্রকাশ তালুকদাৰ আৰু ইচফাকুৰ ৰহমান, চি পি আই দলৰ নেতা বিপুল তালুকদাৰ, চি পি আই (এম এল) দলৰ নেতা নৰেন বৰা আৰু পংকজ দাস, ৰাইজৰ দলৰ ৰাছেল হুছেইন আৰু লক্ষ্যজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ অমৃত খাটনিয়াৰ, ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল (এন চি পি) নেতা পৰেশ বৰুৱা, আৰু ৰাষ্ট্ৰীয় জনতা দল (আৰ জে দিৰ নেতা কামাখ্যা পাণ্ডেক লৈ গঠিত বিৰোধী প্রতিনিধি দলে তিনিদিনীয়া কাৰ্যসূচীৰে যোৱা ৫ ছেপ্টেম্বৰ, ৯ ছেপ্টেম্বৰ আৰু যোৱা ১২ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত স্কুলসমূহৰ মাজৰ মুঠ ৮ খন স্কুল পৰিদৰ্শন কৰি চৰকাৰী খণ্ডৰ স্কুলসমূহৰ সা-সমস্যা, আন্তঃগাঁথনিমূলক অভাব-অভিযোগৰ ক্ষেত্রভিত্তিক তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ পঁচালগা অৱস্থাটোৰ বাবে শিক্ষক-শিক্ষয়িত্রী, শিক্ষার্থী আৰু অভিভাৱকসকলক মূলতঃ জগৰীয়া কৰি অহা কথাৰ সত্যাসত্য জানিবলৈ প্ৰয়াস কৰিছিল।

Apply Now

উল্লেখযোগ্য যে যোৱা ১ ছেপ্টেম্বৰ তাৰিখে উল্লিখিত কেউটা বিৰোধী ৰাজনৈতিক দলৰ এখন উমৈহতীয়া বৈঠকে সামগ্রিকভাবে এই ক্ষেত্রভিত্তিক জৰীপৰ সিদ্ধান্ত গ্রহণ কৰি তাক কাৰ্যকৰী কৰিছিল। সমূহ ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ গঠিত এই দলটোৱে শিক্ষানুষ্ঠানসমূহ পৰিদৰ্শনৰ কালত সংশ্লিষ্ট প্রধান শিক্ষক অথবা অধ্যক্ষ, কিছু কিছু শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে নিৰ্বিচাৰে
কৰিছিল আৰু সমস্যাসমূহ বুজিবলৈ প্ৰয়াস কৰিছিল।

তিনিদিনীয়া এই পৰিদর্শন কালত সামৰি লোৱা কেৱল গুৱাহাটী মহানগৰীৰ মাত্ৰ ৮ খন উচ্চ মাধ্যমিক আৰু উচ্চতর মাধ্যমিক বিদ্যালয়ৰ পৰিদর্শনৰ পৰা আয়ত্ত কৰা তথ্যই নিম্নোল্লিখিত কাৰকসমূহ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ দুৰৱস্থাৰ
অন্যতম প্ৰধান কাৰক বুলি চিহ্নিত কৰিছে :

১) মূলতঃ চৰকাৰী সদিচ্ছা আৰু পুঁজিৰ অভাৱৰ বাবেই এই বিদ্যালয়সমূহৰ অৱস্থাই অবর্ণনীয় ৰূপলৈ পর্যবসিত হৈছে।

২) প্ৰায় কেইখন বিদ্যালয়ৰ চৌহদত জমা হৈ থকা লেতেৰা পানীয়ে মহকে ধৰি নানান বীজাণু বিয়পোৱাৰ মাধ্যম হিচাপে পৰিগণিত হৈছে।

৩) পুঁজিৰ অভাৱত নিয়মীয়াকৈ চাফ-চিকুণ কৰিব নোৱৰাৰ বাবে গঢ় লৈ উঠা হাবি-জংঘল সাপৰ বসতিস্থল হৈ পৰিছে আৰু তেনে এক ভয়ানক পৰিবেশৰ মাজত শিক্ষক, ছাত্র-ছাত্রীয়ে চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাদান বা শিক্ষাগ্রহণ কৰিবলগীয়া হৈছে।

৪) প্ৰতিখন বিদ্যালয়তে বছৰ বছৰ ধৰি একাধিক শিক্ষক-শিক্ষয়িত্রী আৰু তৃতীয়-চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ পৰি আছে। সেইবোৰ পূৰণ কৰিবলৈ শিক্ষা বিভাগ অথবা চৰকাৰী কোনো তৎপৰতা নাই।

৫) সৰহসংখ্যক বিদ্যালয় চলি আছে ভারপ্রাপ্ত অধ্যক্ষ/প্রধান শিক্ষকেনে। বছৰ বছৰ ধৰি স্থায়ী নিযুক্তিৰ ব্যৱস্থাই

৬) একো একোখন চৰকাৰী বিদ্যালয়ক পৰিচালনাৰ নামত (মেইটেইনেঞ্চ) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে চৰকাৰে বছৰি কেৱল ৫০,০০০ বা ৭৫,০০০ অথবা ১,০০,০০০ টকাকৈ পুজি আবণ্টন দিয়ে। অৱশ্যে বেছিভাগ শিক্ষানুষ্ঠানেই কেবল ৭৫,০০০ কৈ টকা বছৰি চৰকাৰৰ ঘৰৰ পৰা পায়।

অর্থাৎ মাহে ৬,২৫০ টকাকৈ লাভ কৰে একোখন চৰকাৰী বিদ্যালয়ে। তাবে বিদ্যুতৰ ‘বিল’ দিব লাগে, আন্তঃগাঁথনিগত মেৰামতিৰ কাম কৰিব লাগে, বিজ্ঞানাগাৰৰ দৈনন্দিন ব্যয়, হাবি-জংঘল চাফা কৰিব লাগে, বিদ্যালয়ৰ প্ৰয়োজনীয় ষ্টেচনাৰী সা-সামগ্রী জয় কৰিব লাগে, শ্ৰেণীকোঠাৰ মেৰামতিৰ প্ৰয়োজন হ’লে তাকো কৰিব লাগে, প্রয়োজন অনুসৰি ডেস্ক-বে মেৰামতি ইত্যাদি অলেখ ব্যয়ৰ বোজাৰ জোৰা মাৰিব লাগে।

স্কুলসমূহৰ প্ৰতিবেদন দেখিলেই গম পাব যে কিদৰে চৰকাৰে পৰিকল্পিতভাবে চৰকাৰী স্কুলসমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে।

৭) মুখ্যমন্ত্ৰীৰ ক্ষমতাত বহাৰ আগলৈকে যোৱা প্ৰায় ১৫ বছৰ কাল শিক্ষা মন্ত্ৰীৰ আসন দখল কৰি থকা ব্যক্তিজনেই হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা। তেন্তে আজি হঠাৎ শিক্ষা খণ্ডৰ দূৰৱস্থাৰ বাবে ছাত্র-ছাত্রী, শিক্ষক সমাজ আৰু অভিভাৱকসকলক দোষী সাব্যস্ত কৰাৰ অধিকাৰ আজিৰ মুখ্যমন্ত্ৰীজনে ক’ত পালে, কেনেকৈ পালে তাৰ উত্তৰ ৰাইজক তেওঁ দিয়া উচিত।

আচলতে মুখ্যমন্ত্ৰীজনৰ এনে আশ্চর্যজনক স্থিতিয়ে এই কথা স্পষ্ট কৰি দিছে যে অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ধ্বংস মাতি সমগ্র শিক্ষা খণ্ডটোকে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিবলৈকে দীৰ্ঘদিন ধৰি তেওঁ অসমৰ শিক্ষাখণ্ডটোক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি আনিছিল।

মাতৃভাষাৰ মৃত্যু ঘটাই বেচৰকাৰী ইংৰাজী ভাষাৰ বিদ্যালয় স্থাপনেৰে সমগ্র শিক্ষা ব্যৱস্থাটোক এক ৰজাৰলৈ ৰূপান্তৰিত কৰাৰ গভীৰ ঘড়যন্ত্ৰৰ ই এক অংশ আছিল বুলি আজি আমি সকলোবে পতিয়ন যাবলৈ বাধ্য হৈছোঁ।

আমি সকলোৱে জানোবেই যে এগৰাকী মুখ্যমন্ত্ৰী হৈ নিজেই সৌ সিদিনা ইংৰাজী মাধ্যমৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় স্থাপন কৰি পৰোক্ষভাবে তেওঁ নিজেই মাতৃভাষা মাধ্যমৰ ৰাজহুৱা শিক্ষা ব্যবস্থাৰ শ্মশানযাত্ৰাত হাত উজান দিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ আসনৰ পৰা ইয়াতকৈ নিকৃষ্ট আচৰণ আৰু কি হ’ব পাৰে।

গুৱাহাটী মহানগৰীৰৰ অতি প্রাচীন আৰু ঐতিহ্যমণ্ডিত মাত্র ৮ খন মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ক্ষেত্রভিত্তিক অধ্যয়নৰ পিছত আমি আজি দ্বিধাহীনভাবে এই কথা কওঁ যে বৰ্তমানৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহক লৈ বিগত দিনবোৰত অসমৰ ৰাইজক নিবোৰ কথাৰে মাতৃভাষা মাধ্যমক অপ্রাসংগিক কৰিবলৈ অপচেষ্টা কৰিছিল সেই সকলোৰে অন্তর্নিহিত উদ্দেশ্যই হ’ল অসমৰ শিক্ষামশুক কোনো অনা অসমীয়া বেপাৰীৰ হাতত তুলি দি অসমীয়াকে ধৰি ৰাজ্যখনৰ সকলো মাতৃভাষাক ধ্বংস করা।

নিজৰ পৃষ্ঠপোষকতাতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী মাধ্যমৰ বিলাসবহুল শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি শিক্ষাক দুখীয়া, নিচলা মানুহৰ বাবে দুঃসাধ্য এক পণ্য সামগ্ৰীত পৰিণত কৰি বেপাৰ আৰম্ভ কৰাৰ মানসেৰে তেওঁ যি ষড়যন্ত্ৰৰ জাল ৰচনা কৰিছে তাৰ বিৰুদ্ধে অসমৰ প্ৰতিগৰাকী লোকে আজি ভয়-ভীত এৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ সময়।

অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই চ খন বিদ্যালয়তকৈয়ো বহু কষ্টেৰে ভবিষ্যৎ প্রজন্মক গঢ় দিয়া শিক্ষা প্রতিষ্ঠান অগণন আছে। আমি জানো। কিন্তু এয়া আমাৰ এক প্ৰাৰম্ভিক প্রয়াস। মিহুলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ চৰিত্ৰ অসমৰ ৰাইজৰ সন্মুখত উলংগ ৰূপত তুলি ধৰিবলৈ, অসমৰ বিদ্বৎ সমাজৰ আগত তেওঁৰ ষড়যন্ত্ৰৰ স্বৰূপটো উদঙাই দিবলৈ আমি এই প্রয়াস আৰম্ভ কৰিছোঁ।

এই ষড়যন্ত্ৰৰ বিৰুদ্ধে অহা ২৮ ছেপ্টেম্বৰ তাৰিখে আমি এই ৯ টা বিৰোধী ৰাজনৈতিক দলে মিলিজুলি এক অবস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা সিন্ধান্তৰ কথা আজি ঘোষণা কৰিছোঁ। সেইদিনা পুৱা ১১-০০ বজাৰ পৰা দুঘণ্টাৰ বাবে গুৱাহাটী ক্লাৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্মাৰকস্তম্ভৰ কাষত আমি কেউটা দলে শিক্ষাখণ্ডৰ ওপৰলৈ নমাই অনা এই আক্রমণ বন্ধ
কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিম। ৰাইজক বিজেপিৰ এই জাতিদ্রোহী আৰু শিক্ষাবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ আমি কেউটা বিৰোধী দলে আহ্বান জনালোঁ।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm
মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd