• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ৰোমাঞ্চকৰ ক্ৰিকেট! দ্বিতীয় টী-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2022 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beat South Africa by 16 runs দক্ষিণ আফ্ৰিকাই ভাৰতে গঢ়া ৰাণৰ পাহাৰ অতিক্ৰম কৰিব নোৱাৰিলে। ফলত ৰোহিত শৰ্মাৰ দলে গুৱাহাটীতে তিনিখন খেলৰ টী-২০ শৃংখলাটো হস্তগত কৰে। ভাৰতে ২০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ৩ টা উইকেটৰ বিনিময়ত ২২১ ৰাণতে ইনিংছ সামৰে।

‘কিলাৰ’ৰ ৰূপত ডেভিদ মিলাৰে (১০৬*) শতক অৰ্জন কৰে। কুইন্টন ডি ককে (৬৯*) তেওঁক যোগ্য সংগ দিয়ে। কিন্তু ভাৰতৰ হাতৰ পৰা জয় কাঢ়ি নিব নোৱাৰিলে। এইদৰে ভাৰতে দ্বিতীয়খন টী-২০ খেলত ১৬ ৰাণত জয়লাভ কৰে।

বৰ্ষাপাৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছিল যদিও তাৰ পৰিৱৰ্তে দৰ্শকসকলে ৰাণৰ বৰষুণহে দেখিলে। কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ইনিংছ আৰম্ভ কৰি ৯৬ ৰাণৰ যুটী বান্ধে। ৰোহিত ৪৩ ৰাণত উভতি যায়। আনহাতে, লোকেশ ৰাহুল ব্যক্তিগত ৫৭ ৰাণত আউট হয়। ইনিংছৰ আৰম্ভণিতে ৰোহিতে আঙুলিত আঘাত পায়। হিটমেনে আঘাত স্বত্তেও বেটিং কৰিছিল।

Apply Now

টী-২০ বিশ্বকাপৰ পূৰ্বে লোকেশ ৰাহুলে নিজৰ স্থানত নিজৰ কামটো ভালদৰেই কৰিছে। লোকেশ ৰাহুল আউট হোৱাৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ২ উইকেটত ১০৭ ৰাণ। ইয়াৰ পৰা সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলীয়ে ভাৰতৰ ৰাণৰ পাহাৰ গঢ়াত মুখ্য ভূমিকা লয়।

অৱশ্যে কোহলীয়ে শেষত আৰু এটা অৰ্ধশতকৰ পৰা বঞ্চিত হয়। দীনেশ কাৰ্তিকে শেষ অভাৰত স্বভাৱ সিদ্ধভাৱে ১৮ ৰাণ তোলে। কোহলীয়ে শেষ অভাৰত আৰু কোনো ষ্ট্ৰাইক নাপালে। সেইকাৰণে তেওঁ ৪৯ ৰাণতে অপৰাজিত থাকিবলগীয়া হ’ল। কোহলীয়ে দীনেশ কাৰ্তিকক অন্তিম অভাৰটো খেলিবলৈ সম্পূৰ্ণ সুযোগ দিছিল।

অৱশ্যে সূৰ্যকুমাৰ যাদৱৰ বেটিংৰ বাবেই ভাৰতে ২৩৭ ৰাণত উপনীত হয়। সূৰ্যই মাত্ৰ ২২ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰে। তেওঁ ৫ টা বাউণ্ডেৰী আৰু ৫টা অভাৰ বাউণ্ডেৰী মাৰে। তেওঁ উইকেটৰ পিছফালে কিছুমান স্কুপ শ্বট মাৰিছে যিবোৰ বহুতে জিম্বাবুৱেৰ প্ৰাক্তন বেটাৰ ডগলাছ মেৰিলিয়াৰক মনত পেলাবলৈ বাধ্য কৰিলে। কোহলীৰ সৈতে ভুল বুজাবুজিৰ বাবে সূৰ্যকুমাৰ অৱশেষত ৰাণ আউট হয়। কোহলী আৰু সূৰ্যকুমাৰ যাদৱে ১০২ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে। দক্ষিণ আফ্ৰিকাৰ বলাৰসকলে অতি সাধাৰণ মানৰ বলিং কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টী-২০ত প্ৰথম অভাৰত তিনিটা উইকেট লৈ আৰ্শদীপ সিঙে দলটোৰ বেটিং মেৰুদণ্ড ভাঙি দিছিল। দেওবাৰৰ দিনটোতো গুৱাহাটীত অৰ্শদীপে আৰম্ভণিতে চাপৰ সৃষ্টি কৰিছিল। বাভুমাক অৰ্শদীপে শূন্য ৰাণতে আউট কৰিছিল। ৰছৌউ (০) বাওঁহতীয়া ভাৰতীয় পেচাৰগৰাকীৰ চিকাৰ হয়। মাৰ্ক্ৰাম (৩৩)ক অক্ষৰ পেটেলে ব’ল্ড কৰে।

তাৰপিছত ডেভিদ মিলাৰ আৰু কুইন্টন ডি ককে তেতিয়া দক্ষিণ আফ্ৰিকাৰ যুঁজ অব্যাহত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু ভাৰতৰ ৰাণ ইমান বেছি আছিল যে  দক্ষিণ আপ্ৰিকাৰ দুয়োজন বেটছমেনে সৰ্বশক্তিৰে যুঁজ দিলেও অৱশেষত হাৰ মানিব লগা হয়। ভাৰতে তিনিখন খেলৰ টী-২০ শৃংখলা ২-০ত হস্তগত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd