Indian-American man kills daughter-in-law বোৱাৰীয়েকে তেওঁৰ পুত্ৰক বিবাহ বিচ্ছেদ দিয়াৰ সিদ্ধান্ত লৈছিল। সেই খঙতে বোৱাৰীয়েকক ৭৪ বছৰীয়া ভাৰতীয় বংশোদ্ভূত শীতল সিং দোচাঞ্জে গুলীয়াই হত্যা কৰে। ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত।
মৃত মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা শহুৰেক শীতলক গ্ৰেপ্তাৰ কৰে। এটা আগ্নেয়াস্ত্ৰও জব্দ কৰা হৈছে।
লগতে পঢ়ক: অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী
মৃতকৰ পৰিয়ালৰ সূত্ৰই দাবী কৰা মতে, শীতলৰ বোৱাৰী গুৰপ্ৰীত কৌৰ দোচাঞ্জে তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ সিদ্ধান্ত লৈছিল। তেওঁৰ আইনী প্ৰক্ৰিয়াও আৰম্ভ হৈছিল। কিন্তু শীতলে গুৰপ্ৰীতক বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ পৰা আঁতৰি যাবলৈ অনুৰোধ কৰিছিল। কিন্তু গুৰপ্ৰীতে তেওঁৰ সিদ্ধান্তত অটল থকাৰ পিছত শীতলে তেওঁক ভাবুকি দিবলৈ আৰম্ভ কৰিছিল।
গুৰপ্ৰীতৰ পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি তেওঁ আমেৰিকাৰ এটা বহুজাতিক কোম্পানীত কাম কৰিছিল। গুৰপ্ৰীতক কোম্পানীটোৰ গাড়ী পাৰ্কিং এলেকাত গুলীয়াই হত্যা কৰা হৈছিল।
গুৰপ্ৰীতৰ এগৰাকী আত্মীয়ই দাবী কৰিছে যে হত্যা কৰাৰ আগতে তেওঁ ফোনত কথা পাতিছিল। সেই ফোনৰ কথোপকথনত তেওঁ আত্মীয়গৰাকীক কৈছিল যে শীতল তেওঁৰ গাড়ীৰ ওচৰলৈ আহিছে আৰু সেয়ে তেওঁ খুব ভয় খাইছে।
লগতে পঢ়ক: মেছিৰ দেশত এইবাৰ ইণ্ডোনেছিয়াৰ ঘটনা! পুনৰ ফুটবলৰ খেলপথাৰত সংঘৰ্ষত মৃত্যু সমৰ্থকৰ
গুৰপ্ৰীতৰ মৃতদেহ পিছত গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হয়। তেওঁৰ মূৰৰ দুয়োফালে দুটা গুলীৰ আঘাত পোৱা গৈছে। কেলিফৰ্ণিয়া আৰক্ষীৰ চোৰাংচোৱা বিভাগে হত্যাকাণ্ডটোৰ তদন্ত কৰি আছে।