• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় বিজেপিৰ; হ’বই নেকি ‘বিবাহভৱন’ অগপৰ কাৰ্যালয়!

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 6, 2022 1:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত লতা হৈ আহি বিজেপি এতিয়া গা গছ হৈ পৰিল। আৰু যিডাল গা গছত লতা হৈ বগাই উঠিল সেই গা গছডালেই এতিয়া লতা হৈ পৰিছে। দৰাচলতে বিজেপি অগপৰ গা গছত বগোৱা সাধাৰণ লতা নাছিল, আছিল ৰঘুমলাহে!

অসম আন্দোলনৰ জৰিয়তে ইতিহাস সৃষ্টিকাৰী পটভূমিৰে জন্মলাভ কৰা অসম গণ পৰিষদ নিজেই এতিয়া ইতিহাস হৈ যাবলৈ ওলাইছে! অসমৰ জাতীয়তাবাদী আঞ্চলিক শক্তিক প্ৰতিনিধিত্ব কৰা দলটোক লৈ ইতিমধ্যে যেন স্বপ্নভংগ ঘটিছে অসমৰ জনসাধাৰণৰ।

অসম গণ পৰিষদৰ বোকোচাত উঠিয়েই বিজেপিয়ে অসমত ক্ষমতা দখল কৰিলে। অথচ সেই অসম গণ পৰিষদ দলে এতিয়া নিজ দলৰ বাবে নিৰ্বাচনত প্ৰাৰ্থিত্ব দিবলৈকো বিজেপিৰ মুখলৈ চাবলগীয়া হয়, ৰাইজৰ স্বাৰ্থত, আঞ্চলিকতাবাদৰ স্বাৰ্থত কথা ক’বলৈয়ো যেন দিল্লীৰ পৰা অনুমতি ল’বলগীয়া হয়।

অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিনিধিত্ব কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা দলটো দিল্লীৰ বহতীয়া হোৱাৰ এই সন্ধিক্ষণত অসমৰ জনসাধাৰণে সঁচাকৈয়ে বিবুধিত পৰিছে যে এই আঞ্চলিক দলটোৰ অস্তিত্ব দৰাচলতে আছেনে নাই।

আঞ্চলিক জাতীয়তাবাদী নেতাসকলে (তথাকথিত) নিজৰ স্বাভিমান ত্যাগ কৰি এনেদৰে ৰাষ্ট্ৰীয়তাবাদৰ নামাৱলী পিন্ধাত স্বাভাৱিকতে অসমীয়াৰ বিড়ম্বনা বাঢ়িছে।

এটা এটাকৈ দলৰ পৰা নিষ্ঠাৱান নেতা-কৰ্মীসকল ওলাই যোৱাৰ পাছত ক্ষমতাৰ চকী খামুচি ধৰি থকা নেতা কেইগৰাকীয়ে দৰাচলতে কাৰ শ্ৰুতলিপিত কাম কৰিছে সেয়া ৰাইজে স্পষ্টকৈ দেখিছে।

বিজেপিয়ে ভালদৰেই জানে যে অগপৰ ‘সৰ্বনাশ’ বিজেপিৰ আশীৰ্বাদ। সেয়ে, অগপৰ ক্ষমতালিপ্সু নেতাকেইগৰাকীক লগতলৈ বিজেপিয়ে অসমত সংখ্যা গৰিষ্ঠ লোকৰ মাজত ভেটি মজবুত কৰিবলৈ সুযোগ পাইছে। স্বাভাৱিকতে ক্ষমতাত লীন যোৱা লতা সদৃশ অগপক সমৰ্থন কৰাতকৈ গা গছ হৈ পৰা বিজেপিকে আকোৱালি লোৱাটো উচিত বুলি ভাৱিছে ‘ভাইয়ো –বেহেনো’ সকলে।

ৰাজ্যত চৰকাৰ গঠন কৰাৰ পাছৰে পৰা অগপক ‘লেমটৌ’ কৰি লৈ আগবাঢ়িছে বিজেপিয়ে। লাহে লাহে অগপত ভাঙোনৰ জালো পেলালে। ‘বিবাহ ভৱন’ নহ’লেও অগপৰ কাৰ্যালয়ত এতিয়া পৰ দি থকা কেইগৰাকীমানৰ বাহিৰে নেতা-কৰ্মী বুলিবলৈকে নাই। বিজেপিয়ে নিজৰ ইচ্ছামতে এটাৰ পাছত আন এটা ৰণনীতি তৈয়াৰ কৰি আগবাঢ়িছে। ইপিনে মিত্ৰতাৰ ‘নাগপাশ’ত বান্ধ খাই পৰা অগপই মুক দৰ্শক হৈ মাথোঁ চাই ৰৈছে।

বৰ্তমান বিজেপিয়ে চলোৱা প্ৰচাৰ অভিযানৰ ধুমুহাত অগপক বিচাৰি পোৱাই কঠিন হৈ পৰিছে। অসমীয়া জাতিৰ স্বাৰ্থত ক’বলৈ বুলি এতিয়া অগপৰ হাতত যেন কোনো বিষয়েই নাই। বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ আগত নিজৰ ক্ষুদ্ৰ জাতি সত্ত্বাৰ স্বাৰ্থ সমুলঞ্চে ত্যাগ কৰি অসমীয়া জাতিৰ বিশ্বাসঘাতক দললৈ পৰিণত হৈছে অগপ! নিজৰ অস্তিত্বৰ বাবেও যুঁজ দিবলগীয়া হোৱাৰ আশংকাত এতিয়া ‘জয় আই অসম’ কবলৈকো টান পোৱা হৈছে অগপৰ নেতাকেইজনে।

চকুৰ আগতে শাসনলৈ অহা ১০ বছৰো সম্পূৰ্ণ নোহোৱা বিজেপিয়ে গুৱাহাটীত পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয় গঢ়ি তুলিলে। ইপিনে, দহটাকৈ বছৰ ৰাজ্যৰ শাসনত থকা অগপৰ মুখ্য কাৰ্যালয়টোত বহিবলৈ নেতা-কৰ্মীৰ অভাৱ। অৱশ্যে বিজেপিৰ প্ৰাসাদোপম কাৰ্যালয় নিৰ্মাণক আমি কোনোপধ্যে জন কল্যাণৰ স্বাৰ্থৰ জোলোঙাৰে চাব নোৱাৰো। ই হ’ল ধনাঢ্যতা, অহংকাৰ, ক্ষমতা, দৌৰাত্ম্য আৰু লুণ্ঠিত গৌৰৱৰ প্ৰতীক। কিন্তু ক’ব বিচাৰিছো অগপই সেই কাৰ্যালয়টোলৈ চাই কি অনুভৱ কৰিছে? নিজৰ অথৰ্ব শক্তি নে জন সাধাৰণৰে বিছিন্নতাৰ বাস্তৱতা।

বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এসময়ত কৈছিল অগপৰ কাৰ্যালয়টো এদিন বিবাহভৱনত পৰিণত হ’ব। আচলতে সেইটো তেওঁৰ পৰিকল্পনাই আছিল! অগপৰ নেতা কেইগৰাকীয়ে সেই জালত ভৰি থলে। লাহে লাহে ক্ষমতাৰ খকত বন্দী হৈ নীতি-আদৰ্শৰ কথা পাহৰিলে। আৰু এতিয়া দলটোৰ নামটো পাহৰিবলৈনো কেতপৰ?

বিজেপিৰ আগ্ৰাসনৰ ফলত ক্ৰমে ইতিহাসত পৰিণত হ’বলৈ আগবাঢ়িছে অসম গণ পৰিষদ নামৰ দলটো। আৰু সেই ইতিহাসৰ সাক্ষী হ’বলৈ অসমীয়াও ৰৈ আছে!

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd