নাসিক চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত থকা এখন বিশেষ গাঁও। গাওঁখন এইবাবেই বিশেষ যে এই গাঁৱলৈ আন ঠাইৰ পৰা বিয়া হৈ অহা মহিলা বিয়াৰ কিছুদিন পিছতেই স্বামী গৃ্হ এৰি মাতৃ গৃহলৈ পলাই গুচি যায়। দীৰ্ঘদিন ধৰি বাহিৰৰ পৰা বিয়া হৈ অহা প্ৰায়বোৰ মহিলাই বিয়াৰ কিছুদিন পিছতেই পলায়ন কৰে স্বামীগৃ্হৰ পৰা। এই গাঁওখনৰ বেছিভাগৰে সংসাৰ বৰ বেছিদিনলৈ টিকি নাথাকে। এয়েই এই গাঁৱৰ বিশেষত্ব। এই বিশেষত্বৰ বাবেই গাঁওখনক এখন আচৰিত গাঁও হিচাপে গণ্য কৰা হয়। সঘনে চৰ্চাত থাকে গাঁওখন
মহাৰাষ্ট্ৰৰ নাসিক জিলাত থকা এই গাঁওখনৰ নাম হৈছে দাণ্ডিচীবাৰী গাঁও। এই গাঁৱৰ আছে এক বিশেষ ৰহস্য। বিয়াৰ পিছত সাংসাৰিক জীৱন সুখৰ হোৱা স্বতেও স্বামীক এৰি গাঁও এৰি যাবলৈ বাধ্য হয় মহিলা সকল। কিন্তু কিয় ?
সাধাৰণতে যি সকল ব্যক্তিয়ে সেই গাঁওখনৰেই মহিলাক বিয়া কৰাই তেওঁলোকৰ পত্নীসকল সাধাৰণতে পলাই নাযায়। কিন্তু যি সকল মহিলাক আন ঠাইৰ পৰা বিয়া কৰাই অনা হয় তেওঁলোক হে পলায় যায়। ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ তথা এক বিশেষ সমস্যা।
দাণ্ডিচী গাঁওত অতীজৰে পৰা আছে খোৱা পানীৰ সমস্যা। ৰন্ধা বঢ়া কৰিবলৈ বা খাবলৈ পানী পাবলৈ নাই গাঁওখনত । যাৰ বাবে বহুদূৰৈত থকা পাহাৰৰ নিজৰা এটাৰ পৰা পানী আনিবলৈ যাবলগা হয় গাঁৱৰ গৃ্হিণী সকল। দূৰৈৰ পৰা বাটকুৰি বাই পানী অনাৰ অভ্যাস গাঁওখনতে জন্ম হোৱা মহিলাসকলৰ আছে যদিও বাহিৰৰ গাঁওৰ পৰা বিয়া হৈ অহা মহিলা সকলে সহজে অভ্যস্ত হ’ব নোৱাৰে এই কঠিন কামটোৰ লগত। সেয়ে বিয়া হৈ অহাৰ দুই তিনি দিন বা এসপ্তাহৰ ভিতৰতে অনাগত জীৱন সংগ্ৰাম তথা নৰক সদৃশ কষ্টৰ উমান লাভ কৰি পুনৰ পিতৃগৃহলৈ গুচি যায় এই গাঁৱৰ নৱ বিবাহিতা মহিলাসকল।
এই গাঁৱৰ বাসিন্দা গোবিন্দ ওৱাঘমাৰ নামৰ ব্যক্তিজনে ২০১৪ চনত অন্য এখন ঠাইৰ এগৰাকী মহিলাৰ লগত আৰম্ভ কৰিছিল সংসাৰ। পিছে গোবিন্দৰ সংসাৰ টিকিছিল মাত্ৰ দুদিন। দুদিনতে পত্নী গুচি গৈছিল স্বগৃহলৈ।
উল্লেখ্য যে গৰমৰ দিনত মূৰৰ ওপৰত তীক্ষ্ণ ৰ’দ লৈ গৰম পথেদি প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈত থকা এটা পাহাৰৰ তলত প্ৰায় শুকাই যোৱা এটা জল উৎসলৈ মহিলা সকলে পানী আনিবলৈ যাব লাগে। পাহাৰৰ শিলৰ তলেদি বৈ থকা এটা পাতল পানীৰ ধাৰৰ পৰা পানী উলিয়াবলৈ দুই শিলৰ মাজেদি হাত ভৰাই এটা সৰু বাতিৰে বহুবাৰ পানী তুলি নিজৰ কলচী ভৰাব লাগে মহিলা সকলে। এনেদৰে এটা কলহ ভৰ্তি হ’বলৈ প্ৰায় দুই তিনি ঘন্টা পৰ্যন্ত সময় লাগে। এনেদৰেই মূৰত গধূৰ পানীৰ কলচী লৈ দিনটোত দুই তিনিবাৰকৈ পানী আনিবলৈ যাব লাগে গাঁওখনৰ মহিলাসকল।
পানী আনিবলৈ যোৱা মহিলা সকলে পানী উঠাওতে উঠাওতে বেলি মাৰ যায়। ৰাতি হৈ আহে। ৰাতি হ’লে পাহাৰীয়া ঠাইডোখৰত আৰম্ভ হয় বন্য জন্তুৰ আতংক। সেয়ে জোঁৰ জ্বলাই পানী আনিব লাগে মহিলা সকলে।
এই সমস্যাৰ বাবে দণ্ডিচীবাৰী নামৰ গাঁওখনত ২০০৮-২০০৯ চনত বিয়া হোৱা তিনি গৰাকীকৈ মহিলাই বিবাহৰ কিছুদিন ভিতৰতে বাধ্য হৈছিল স্বামীগৃহ এৰি পলাই যাবলৈ।
এতিয়া এই গাঁওখনৰ অৱস্থাৰ খবৰটো চৌদিশে বিয়পি পৰাৰ পিছৰে পৰা আন কোনো ঠাইৰ মহিলাই এই গাঁৱৰ পুৰুষৰ লগত বিয়া হ’বলৈ ইচ্ছা প্ৰকাশ নকৰে। যাৰ ফলত বহু পুৰুষেই অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে দণ্ডিচী বাৰী নআমৰ গাঁওখনত।
এইদৰেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খোৱা পানীৰ জলন্ত সমস্যাত ভুগি থকা গাঁওখনৰ বাসিন্দাই পৰিত্ৰাণ বিচাৰিছে এই সমস্যাৰ পৰা।