• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এখন আচৰিত গাঁও :: বিবাহৰ পিছতেই এই গাঁৱৰ পৰা পলাই যায় নৱ বিবাহিতা মহিলা

এই গাঁৱৰ বাসিন্দা গোবিব্দ ওৱাঘমাৰ নামৰ ব্যক্তিজনে ২০১৪ চনত অন্য এখন ঠাইৰ এগৰাকী মহিলাৰ লগত আাৰম্ভ কৰিছিল সংসাৰ। পিছে গোবিব্দৰ সংসাৰ টিকিছিল মাত্ৰ দুদিন। দুদিনতে পত্নী গুচি গৈছিল স্বগৃহলৈ।

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
November 9, 2022 6:26 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাসিক চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত থকা এখন বিশেষ গাঁও। গাওঁখন এইবাবেই বিশেষ যে এই গাঁৱলৈ আন ঠাইৰ পৰা বিয়া হৈ অহা মহিলা বিয়াৰ কিছুদিন পিছতেই স্বামী গৃ্হ এৰি মাতৃ গৃহলৈ পলাই গুচি যায়। দীৰ্ঘদিন ধৰি বাহিৰৰ পৰা বিয়া হৈ অহা প্ৰায়বোৰ মহিলাই বিয়াৰ কিছুদিন পিছতেই পলায়ন কৰে স্বামীগৃ্হৰ পৰা। এই গাঁওখনৰ বেছিভাগৰে সংসাৰ বৰ বেছিদিনলৈ টিকি নাথাকে। এয়েই এই গাঁৱৰ বিশেষত্ব। এই বিশেষত্বৰ বাবেই গাঁওখনক এখন আচৰিত গাঁও হিচাপে গণ্য কৰা হয়। সঘনে চৰ্চাত থাকে গাঁওখন

মহাৰাষ্ট্ৰৰ নাসিক জিলাত থকা এই গাঁওখনৰ নাম হৈছে দাণ্ডিচীবাৰী গাঁও। এই গাঁৱৰ আছে এক বিশেষ ৰহস্য। বিয়াৰ পিছত সাংসাৰিক জীৱন সুখৰ হোৱা স্বতেও স্বামীক এৰি গাঁও এৰি যাবলৈ বাধ্য হয় মহিলা সকল। কিন্তু কিয় ?

Apply Now

সাধাৰণতে যি সকল ব্যক্তিয়ে সেই গাঁওখনৰেই মহিলাক বিয়া কৰাই তেওঁলোকৰ পত্নীসকল সাধাৰণতে পলাই নাযায়। কিন্তু যি সকল মহিলাক আন ঠাইৰ পৰা বিয়া কৰাই অনা হয় তেওঁলোক হে পলায় যায়। ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ তথা এক বিশেষ সমস্যা।

দাণ্ডিচী গাঁওত অতীজৰে পৰা আছে খোৱা পানীৰ সমস্যা। ৰন্ধা বঢ়া কৰিবলৈ বা খাবলৈ পানী পাবলৈ নাই গাঁওখনত । যাৰ বাবে বহুদূৰৈত থকা পাহাৰৰ নিজৰা এটাৰ পৰা পানী আনিবলৈ যাবলগা হয় গাঁৱৰ গৃ্হিণী সকল। দূৰৈৰ পৰা বাটকুৰি বাই পানী অনাৰ অভ্যাস গাঁওখনতে জন্ম হোৱা মহিলাসকলৰ আছে যদিও বাহিৰৰ গাঁওৰ পৰা বিয়া হৈ অহা মহিলা সকলে সহজে অভ্যস্ত হ’ব নোৱাৰে এই কঠিন কামটোৰ লগত। সেয়ে বিয়া হৈ অহাৰ দুই তিনি দিন বা এসপ্তাহৰ ভিতৰতে অনাগত জীৱন সংগ্ৰাম তথা নৰক সদৃশ কষ্টৰ উমান লাভ কৰি পুনৰ পিতৃগৃহলৈ গুচি যায় এই গাঁৱৰ নৱ বিবাহিতা মহিলাসকল।

এই গাঁৱৰ বাসিন্দা গোবিন্দ ওৱাঘমাৰ নামৰ ব্যক্তিজনে ২০১৪ চনত অন্য এখন ঠাইৰ এগৰাকী মহিলাৰ লগত আৰম্ভ কৰিছিল সংসাৰ। পিছে গোবিন্দৰ সংসাৰ টিকিছিল মাত্ৰ দুদিন। দুদিনতে পত্নী গুচি গৈছিল স্বগৃহলৈ।

উল্লেখ্য যে গৰমৰ দিনত মূৰৰ ওপৰত তীক্ষ্ণ ৰ’দ লৈ গৰম পথেদি প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈত থকা এটা পাহাৰৰ তলত প্ৰায় শুকাই যোৱা এটা জল উৎসলৈ মহিলা সকলে পানী আনিবলৈ যাব লাগে। পাহাৰৰ শিলৰ তলেদি বৈ থকা এটা পাতল পানীৰ ধাৰৰ পৰা পানী উলিয়াবলৈ দুই শিলৰ মাজেদি হাত ভৰাই এটা সৰু বাতিৰে বহুবাৰ পানী তুলি নিজৰ কলচী ভৰাব লাগে মহিলা সকলে। এনেদৰে এটা কলহ ভৰ্তি হ’বলৈ প্ৰায় দুই তিনি ঘন্টা পৰ্যন্ত সময় লাগে। এনেদৰেই মূৰত গধূৰ পানীৰ কলচী লৈ দিনটোত দুই তিনিবাৰকৈ পানী আনিবলৈ যাব লাগে গাঁওখনৰ মহিলাসকল।

পানী আনিবলৈ যোৱা মহিলা সকলে পানী উঠাওতে উঠাওতে বেলি মাৰ যায়। ৰাতি হৈ আহে। ৰাতি হ’লে পাহাৰীয়া ঠাইডোখৰত আৰম্ভ হয় বন্য জন্তুৰ আতংক। সেয়ে জোঁৰ জ্বলাই পানী আনিব লাগে মহিলা সকলে।

এই সমস্যাৰ বাবে দণ্ডিচীবাৰী নামৰ গাঁওখনত ২০০৮-২০০৯ চনত বিয়া হোৱা তিনি গৰাকীকৈ মহিলাই বিবাহৰ কিছুদিন ভিতৰতে বাধ্য হৈছিল স্বামীগৃহ এৰি পলাই যাবলৈ।

এতিয়া এই গাঁওখনৰ অৱস্থাৰ খবৰটো চৌদিশে বিয়পি পৰাৰ পিছৰে পৰা আন কোনো ঠাইৰ মহিলাই এই গাঁৱৰ পুৰুষৰ লগত বিয়া হ’বলৈ ইচ্ছা প্ৰকাশ নকৰে। যাৰ ফলত বহু পুৰুষেই অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে দণ্ডিচী বাৰী নআমৰ গাঁওখনত।

এইদৰেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি খোৱা পানীৰ জলন্ত সমস্যাত ভুগি থকা গাঁওখনৰ বাসিন্দাই পৰিত্ৰাণ বিচাৰিছে এই সমস্যাৰ পৰা।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd