• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

শতবৰ্ষত ভৰি দিয়া আৰ এছ এছক পুঁজি আৰু অন্যান্য তথ্য ৰাজহুৱা কৰাৰ দাবী প্ৰিয়ংক খৰ্গেৰ, সংঘৰ কাম-কাজ মুকলি আৰু ১৯৫০ৰ দশকতেই চৰকাৰক সংবিধান প্ৰদান কৰা হৈছিল বুলি ভাগৱতৰ স্পষ্টীকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 9:39 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) বিত্তীয় তথ্য ৰাজহুৱা কৰা আৰু সংগঠনটোৰ আনুষ্ঠানিক পঞ্জীয়নৰ দাবী জনাই কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেয়ে প্ৰেৰণ কৰা এখন মুকলি পত্ৰক লৈ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। সোমবাৰে এই পত্ৰখনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰ এছ এছৰ সৰসংঘচালক মোহন ভাগৱতে এই দাবীসমূহক সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি আখ্যা দিয়ে। হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই বুলি উল্লেখ কৰি ভাগৱতে স্পষ্ট কৰি দিয়ে যে চৰকাৰী পুঁজিৰ প্ৰয়োজন নথকাৰ বাবে সংঘৰ পঞ্জীয়নৰ কোনো প্ৰয়োজনীয়তা নাই।

কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ মুকলি পত্ৰৰ আনুষ্ঠানিক উত্তৰ নিদিয়ে বুলি স্পষ্ট কৰি দি মোহন ভাগৱতে কয় যে এয়া কেৱল ৰাজনীতি আৰু যিসকল লোক এনেবোৰ কামত অভ্যস্ত, তেওঁলোকেই এনে চমক সৃষ্টি কৰি আহিছে। তেওঁ উল্লেখ কৰে যে সংঘই পূৰ্বেও এনে পৰিস্থিতিৰ সন্মুখীন হৈছে আৰু এতিয়া ই এক স্বাভাৱিক কথাত পৰিণত হৈছে। আনকি এনে অভিযোগ নুঠিলেহে তেওঁলোকৰ কিবা এটা খেলি-মেলি হোৱা যেন অনুভৱ হয় বুলি তেওঁ কটাক্ষ কৰে। সংঘৰ কাম-কাজ গোপনে নহয়, বৰঞ্চ মুকলিকৈ কৰা হয় বুলি দাবী কৰি ভাগৱতে কয় যে সমাজত বহুতো অপঞ্জীভুক্ত কাম চলি আছে আৰু আনকি হিন্দু ধৰ্মৰো কোনো পঞ্জীয়ন নাই। যিসকলক চৰকাৰৰ পৰা ধনৰ প্ৰয়োজন হয়, তেওঁলোকৰ বাবেহে পঞ্জীয়নৰ আৱশ্যক বুলি তেওঁ মন্তব্য কৰে।

Apply Now

ব্ৰিটিছৰ আমোলতে ৰাইজৰ ইচ্ছা অনুসৰি আৰ এছ এছৰ জন্ম হৈছিল বুলি উল্লেখ কৰি ভাগৱতে কয় যে চৰকাৰে তেওঁলোকৰ অস্তিত্বৰ বিষয়ে ভালদৰেই অৱগত। চৰকাৰে দুবাৰকৈ সংঘক নিষিদ্ধ কৰিছিল আৰু পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ নিৰ্দেশ আৰু সত্যাগ্ৰহৰ জৰিয়তে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে চৰকাৰে সংঘক স্বীকৃতি প্ৰদান কৰিছে। বিগত এশ বছৰত কোনেও তেওঁলোকক পঞ্জীয়ন কৰিবলৈ কোৱা নাছিল বুলি দাবী কৰি সৰসংঘচালকগৰাকীয়ে লগতে জনায় যে ১৯৫০ৰ দশকতেই সংঘৰ লিখিত সংবিধান চৰকাৰৰ ওচৰত দাখিল কৰা হৈছিল।

উল্লেখযোগ্য যে, আৰ এছ এছে প্ৰতিষ্ঠাৰ শতবৰ্ষ অতিক্ৰম কৰাৰ সময়তে ১৫ জুন তাৰিখে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেয়ে ছ‘চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স‘ত এখন মুকলি পত্ৰ প্ৰকাশ কৰিছিল। পত্ৰখনত তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল যে যদিহে সাধাৰণ নাগৰিক, শ্ৰমিক, বেচৰকাৰী সংস্থা, ন্যাস, মন্দিৰ আৰু কোম্পানীসমূহে পঞ্জীয়ন কৰি আইন মানি চলিব লাগে, তেন্তে আৰ এছ এছে কিয় ৰেহাই পাব লাগে? ষাঠি হাজাৰতকৈও অধিক শাখা আৰু কোটি কোটি স্বয়ংসেৱক থকা বুলি দাবী কৰা এটা সংগঠনে সাংবিধানিক দায়বদ্ধতা আৰু স্বচ্ছতা বজাই ৰখাটো অতি প্ৰয়োজনীয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল। শতবৰ্ষত ভৰি দিয়া সংঘই সংবিধান মানি পঞ্জীয়ন কৰা, প্ৰযোজ্য কৰ প্ৰদান কৰা আৰু স্বচ্ছতাৰে কাম কৰাটো উচিত বুলি তেওঁ দাবী জনায়।

নিজৰ দাবীৰ সমৰ্থনত খৰ্গেয়ে আৰ এছ এছৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী গোট ‘অখিল ভাৰতীয় প্ৰতিনিধি সভা‘ৰ ২০২৫-২৬ বৰ্ষৰ কৰ্ণাটকৰ প্ৰতিবেদনৰ তথ্য দাঙি ধৰে। এই প্ৰতিবেদন অনুসৰি ৰাজ্যখনত সংঘৰ ৪,১২৭ টা দৈনিক শাখা, ১,৩৮৯ টা সাপ্তাহিক মিলন আৰু ৬০ টা মাহেকীয়া মণ্ডলী আছে। ইয়াৰ উপৰি, ১৯.৬১ লাখ অংশগ্ৰহণকাৰীৰ সৈতে ২,১৯৪ খন সমাজোৎসৱ আৰু ২.২১ লাখ সমৱেশ পৰিহিত অংশগ্ৰহণকাৰীৰে ৫৬২ টা পথ সঞ্চালন অনুষ্ঠিত হোৱাৰ তথ্য প্ৰকাশ পাইছে। মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ইমান বৃহৎ পৰিসৰ আৰু প্ৰভাৱ থকা এটা সংগঠনে নিজৰ আইনী মৰ্যাদা, পঞ্জীয়ন, বিষয়ববীয়া, পুঁজি, ব্যয়, কৰদান আৰু ৰাজহুৱা কাৰ্যসূচীৰ অনুমতি সন্দৰ্ভত স্থিতি স্পষ্ট কৰাটো অতি জৰুৰী।

আৰ এছ এছৰ পঞ্জীয়ন আৰু বিত্তীয় স্বচ্ছতাক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধীৰ মাজত সূত্ৰপাত হোৱা এই নতুন বিতৰ্কই বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত এক সুকীয়া মাত্ৰা লাভ কৰিছে। এফালে কৰ্ণাটকৰ মন্ত্ৰীগৰাকীয়ে সংগঠনটোৰ সাংবিধানিক দায়বদ্ধতা বিচাৰি সৰৱ হৈছে, আনফালে আৰ এছ এছৰ শীৰ্ষ নেতৃত্বই সংঘৰ কাৰ্যপ্ৰণালীক মুকলি আৰু চৰকাৰৰ দ্বাৰা অৱগত বুলি দাবী কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক ৰাজনৈতিক আক্ৰমণ হিচাপে প্ৰতিহত কৰাৰ প্ৰয়াস কৰিছে। অনাগত সময়ত এই বিত্তীয় আৰু আইনী দায়বদ্ধতাৰ প্ৰশ্নই ৰাষ্ট্ৰীয় পৰ্যায়ত কি ৰূপ লয় সেয়া লক্ষণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd