ভীমা কোৰেগাঁও গোচৰত চাৰিবছৰে কাৰাগাৰত বন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাক এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছে উচ্চতম ন্যায়ালয়ে। আজি ন্যায়াধীশ কে এম যোচেফ আৰু হৃষীকেশ ৰয়ৰ বিচাৰপীঠে নৱলাখাৰ চিকিৎসা প্ৰতিবেদন নাকচ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি গৃহবন্দীত্বৰ অনুমতি প্ৰদান কৰে।
আদালতে স্থানীয় কৰ্তৃপক্ষক নৱলাখাক গৃহবন্দী কৰি ৰাখিবলগীয়া চৌহদৰ প্ৰয়োজনীয় পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াই আৰক্ষী কৰ্মী মোতায়েন কৰাৰ বাবে ব্যয় হিচাপে দাবী কৰা আনুমানিক ব্যয় ২.৪ লাখ টকা জমা কৰিবলৈও বিচাৰপীঠে গৌতম নৱলাখাক নিৰ্দেশ দিছে।
বিচাৰপীঠে লগতে গৌতম নৱলাখাক তেওঁৰ মাহজোৰা গৃহবন্দীত্বৰ কালছোৱাত কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে। অৱশ্যে গৃহবন্দী অৱস্থাত আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি বিচাৰপীঠে আদেশত উল্লেখ কৰিছে।
সেই অনুসৰি আৰক্ষী কৰ্মীৰ উপস্থিতিত ১০ মিনিটৰ বাবে কথোপকথনৰ অনুমতি দিয়া হ’ব নৱলাখাক। ইফালে গৃহবন্দীত্বৰ সময়ত এসপ্তাহত পৰিয়ালৰ দুজন সদস্যৰ বাহিৰে কোনো ব্যক্তিক নৱলাখাৰ সৈতে মিলিত হোৱাৰ অনুমতি দিয়া নহ’ব। এই ব্যক্তি দুগৰাকীৰ নাম আবেদনকাৰীয়ে তিনি দিনৰ ভিতৰত নিয়াক আগতীয়াকৈ প্ৰদান কৰিব লাগিব।
উল্লেখ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত আয়োজিত এক অনুষ্ঠানৰ পিছদিনা সংঘটিত হোৱা হিংসাত্মক ঘটনাত উচতনি দিয়াৰ অভিযোগত আৰু মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ভাৰভাৰা ৰাওসহ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যুবৰণ কৰিছে মানৱ অধিকাৰ কৰ্মী ফাডাৰ ষ্টেন স্বামীয়ে। অৱশ্যে অধিবক্তা সুধা ভৰদ্বাজে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। আনহাতে শেহতীয়াকৈ আগষ্ট মাহত গোচৰৰ আন এগৰাকী অভিযুক্ত মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাওক স্বাস্থ্যজনিত কাৰণত জামিন দিছিল উচ্চতম ন্যায়ালয়ে।
অৱশ্যে গোচৰটোৰ আন কেইবাগৰাকীও অভিযুক্ত ব্যক্তি এতিয়াও কাৰাগাৰত আবদ্ধ হৈ আছে। তেওঁলোকৰ ওপৰত কাৰাগাৰত নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ লগতে নূন্যতম স্বতন্ত্ৰতাতো বাধা দিয়া হৈছে বুলি অভিযোগ উঠিছে।