Amazon to lay off 10K employees টুইটাৰ, মেটাৰ পিছত এইবাৰ এমাজনে কৰ্মচাৰী ছাঁটাই কৰাৰ পথত আগবাঢ়িছে! সূত্ৰসমূহে এই বাতৰি সদৰী কৰিছে।
শেহতীয়াকৈ, এলন মাস্কে দায়িত্ব লৈয়েই তেওঁ টুইটাৰৰ পৰা ব্যাপকভাৱে কৰ্মচাৰীক ছাঁটাই কৰাৰ কথা কৈছিল। সেইদৰে তেওঁ বহু কৰ্মচাৰীক বৰ্খাস্তও কৰিছিল। কেবল টুইটাৰেই নহয়, জুকাৰবাৰ্গৰ কোম্পানী মেটাইও একে পথকে অনুসৰণ কৰি কৰ্মচাৰীক কামৰ পৰা খেদিছে।
লগতে পঢ়ক: চিকিৎসাত অৱহেলাৰ অভিযোগ; মৃত্যু প্ৰতিভাশালী কিশোৰী ফুটবলাৰৰ
একেদৰে, এইবাৰ এমাজন ছাঁটাইৰ পথত আগবাঢ়িছে। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে, কোম্পানীটোৱে এই সপ্তাহৰ আৰম্ভণিতে প্ৰায় ১০,০০০ কৰ্মচাৰীক ছাঁটাই কৰিবলৈ গৈ আছে।
ইয়াৰ কাৰণ হিচাপে জনা গৈছে যে যোৱা কেইমাহমানত এমাজনৰ ব্যৱসায়ত যথেষ্ট মন্দাৱস্থা দেখা দিছে। সেইকাৰণে লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ এই সিদ্ধান্তটো লোৱা হৈছে।
লগতে পঢ়ক: কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে?
অৱশ্যে, কোম্পানীটোৱে এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো কোৱা নাই। আন্তৰ্জাতিক সংবাদ সংস্থাৰ বাতৰি মতে, ই-কমাৰ্চ কোম্পানীটোৱে ব্যৱসায়িক খুচুৰা আৰু মানৱ সম্পদৰ লগতে যন্ত্ৰ নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলক ছাঁটাই কৰাৰ পৰিকল্পনা কৰিছে।