মাৰ্ঘেৰিটাত অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক ৰহস্যজনক চাঞ্চল্যকৰ ঘটনা। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ মৰ্গৰ পৰা এগৰাকী মহিলাৰ মৃতদেহৰ পৰা এটা চকু উলিয়াই নিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে।
মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিং চাহ বাগিছাৰ এগৰাকী মহিলাই মঙ্গলবাৰে আত্মহত্যা কৰিছিল। নিশা মৃতদেহটো মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ মৰ্গতে ৰখা হয়। কিন্তু বুধবাৰে পুৱা পৰিয়ালৰ লোকে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিব বিচৰাত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক ৷
মৃতদেহটোৰ এটা চকুত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে মৃতদেহ চমজি লবলৈ অমান্তি হয় ৷ ইয়াৰ পাছতেই চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
পৰিয়ালৰ লোকৰ অভিযোগ যে কোনো মানৱ দেহৰ সৰবৰাহকাৰীয় মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা চলাইছিল। চিকিৎসালয়ৰ চিকিৎসক সকলে ঘটনাৰ সন্দৰ্ভত জ্ঞাত নহয় বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মুখ খুলা নাই।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও বৰ্তমানেও চাঞ্চল্য বিৰাজ কৰি আছে।
আনহাতে, এক সূত্ৰই সন্দেহ কৰা অনুসৰি মৃত মহিলা গৰাকীৰ চকুত এন্দুৰ-নিগনীয়ে কামুৰি দিয়াৰ ফলত এনে ঘটনা সংঘটিত হব পাৰে। অৱশ্য সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্ত তথা মৰণোত্তৰ পৰিক্ষাৰ অন্ততহে জানিব পৰা যাব।