• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ৰেগিং কাণ্ডৰ জোৱাৰ: এইবাৰ ৰেগিঙৰ অভিযোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই ছাত্ৰক নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 12:20 pm
ragging in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিং কাণ্ড। কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত অভিযুক্ত দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

দুই অভিযুক্ত ছাত্ৰক দোষী সাব্যস্ত কৰি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰদ্বয়ক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰিছে।

অভিযুক্ত ছাত্ৰ দুগৰাকীৰ নাম ক্ৰমে ডাঃ সয়ন মুখাৰ্জী আৰু ডাঃ সাকেট ছাৰাফ বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ দুদিন পিছতহে আজি এই ঘটনা পোহৰলৈ আহিছে যদিও, চলিত মাহৰ তৃতীয় সপ্তাহতে সংঘটিত হৈছিল এই ঘটনা।

চিকিৎসা মহাবিদ্যালয়ৰ এণ্টি ৰেগিং কমিটীয়ে দুয়োকে দোষী সাব্যস্ত কৰি লগে লগে ক্লাছত উপস্থিত থকাৰ পৰা নিলম্বন কৰি হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে। যোৱা ২১ নৱেম্বৰত এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

এএমচি-ৰ কাৰ্যালয়ৰ দ্বাৰা জাৰি কৰা আদেশত কোৱা হৈছে, “এণ্টি ৰেগিং কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক্স বিভাগৰ দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কনিষ্ঠ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে।”

সেয়েহে এণ্টি ৰেগিং কমিটীৰ পৰামৰ্শ অনুসৰি অৰ্থপেডিক্স বিভাগৰ দোষী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰা হয় আদেশটোত।

“এএমচিএইচ-ত ৰেগিঙৰ বিৰুদ্ধে অভিযোগ পাইছিলোঁ। লগে লগে এণ্টি ৰেগিং কমিটিৰ সভা অনুষ্ঠিত কৰি আমি দুয়োগৰাকী স্নাতকোত্তৰ ছাত্ৰক ক্লাছত উপস্থিত থকাৰ পৰা নিলম্বিত কৰি হোষ্টেলৰ পৰা বহিষ্কাৰ কৰিছো। ২০২২ চনৰ ২১ নৱেম্বৰত এণ্টি ৰেগিং কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।”-এ এম চিৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ড০ সঞ্জীব কাকতিয়ে এইদৰে কয়।

চিকিৎসা মহাবিদ্যালয়ে সময়মতে এই পদক্ষেপ লোৱাৰ বাবে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে এতিয়ালৈকে ৫ গৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে ৰেগিঙৰ বলি হোৱা ছাত্ৰগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি এজন প্ৰাক্তন আৰু চাৰিজন বৰ্তমানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে এই দুই ৰেগিং কাণ্ডৰ উপৰিও শেহতীয়াকৈ যোৰহাট অগ্ৰণী শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিঙৰ ঘটনাও পোহৰলৈ আহিছে। হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে।

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰণৱ চুতীয়া নামৰ বি.কম প্ৰথম ষান্মাসিকৰ ছাত্ৰগৰাকীয়ে হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰই তেওঁৰ ওপৰত তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি কলেজ হোষ্টেল ত্যাগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

August 22, 2025 6:43 pm
উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

August 22, 2025 6:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd