• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2022 11:11 pm
Classroom Door Used As Blackboard
151
VIEWS
Share on FacebookShare on Twitter

দেশৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা অৱস্থাক লৈ যথেষ্ট চৰ্চা চলি আহিছে। চৰকাৰী শিক্ষাখণ্ডৰ এনে দুৰ্গতিৰ আন এক ছবিয়ে শেহতীয়াকৈ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এখন চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষণৰ আহিলা হিচাপে ব্লেকবৰ্ডৰ ঠাই লৈছে শ্ৰেণীকোঠাৰ দুৱাৰে।

এই দৃশ্য উৰিষ্যাৰ এখন চৰকাৰী হাইস্কুলৰ। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পঢ়োৱাৰ বাবে শিক্ষকে ব্লেকবৰ্ডৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছে শ্ৰেণীকোঠাৰ দুৱাৰ! এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সম্প্ৰতি তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

মঙলবাৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ দুৱাৰত পৰীক্ষাৰ প্ৰশ্নকাকত লিখি থকা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰই এই সন্দৰ্ভত কয়, “আমাক পৰীক্ষাত শিক্ষকসকলে প্ৰশ্নকাকত নিদিয়াৰ বাবে আমাক কিছু সময় বহিবলৈ কয়। পিছত এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ দুৱাৰত প্ৰশ্নবোৰ লিখি দিয়ে।”

ইফালে আন এগৰাকী ছাত্ৰৰ পিতৃয়ে অভিযোগ কৰা মতে শ্ৰেণীকোঠাৰ দুৱাৰখন সমগ্ৰ বছৰটোৱেই ব্লেকবৰ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। স্থানীয় এগৰাকী শিক্ষা বিষয়াই বিদ্যালয়খনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ কয় যে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক কৰ্তব্যত অৱহেলাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে শিক্ষা বিভাগে। লগতে তিনিদিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বিষয়াগৰাকীয়ে কয়।

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ অভিযোগ মতে শিক্ষানুষ্ঠানখনে সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰশ্নকাকত লাভ কৰা নাছিল আৰু এনে পৰিস্থিতিতে শ্ৰেণীকোঠাৰ দুৱাৰতে প্ৰশ্নসমূহ লিখিবলগীয়া হয় বুলি তেওঁ যুক্তি দিয়ে।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd