• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিছলিল মাস্ক! বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত মাস্কক পিছ পেলাই শীৰ্ষত আন এগৰাকী ধনকুবেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 12:27 pm
Elon Musk
169
VIEWS
Share on FacebookShare on Twitter

হঠাৎ কিছু সময়ৰ বাবে পতন ঘটিল ধনকুবেৰ এলন মাস্কৰ। বিশ্বৰ ধনাঢ্য ব্যক্তি হিচাপে দীৰ্ঘদিন ধৰি নিজৰ স্থান শীৰ্ষত ৰখা মাস্কৰ অৱনমন ঘটিল দ্বিতীয় স্থানলৈ। টুইটাৰ আৰু টেছলাৰ চিইঅ’ মাস্কক পিছলৈ ঠেলি তালিকাৰ শীৰ্ষলৈ আগবাঢ়িল আন এগৰাকী ধনকুবেৰ।

টেছলাৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ লগতে টুইটাৰত ৪৪ বিলিয়ন ডলাৰৰ বিনিয়োগৰ ফলত আজি হঠাতে হ্ৰাস পায় মাস্কৰ সম্পত্তি। তেওঁৰ ঠাইত শীৰ্ষত আৰোহণ কৰে বিলাসী ব্ৰেণ্ড লুই ভিটনৰ মূল কোম্পানী এলভিএমএইচৰ মুখ্য কাৰ্যবাহী বাৰ্নাৰ্ড আৰ্নল্টে।

Bernard Arnault
বাৰ্নাৰ্ড আৰ্নল্ট

ফৰ্বছৰ তালিকাত ১৮৫.৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰে শীৰ্ষস্থান দখল কৰে আৰ্নল্ট। অৱশ্যে কিছু সময় পিছতে নিজৰ হেৰুওৱা স্থান পুনৰুদ্ধাৰ কৰে মাস্কে। ১৮৫.৭ বিলিয়ন ডলাৰৰ সম্পত্তিৰে পুনৰ শীৰ্ষস্থানলৈ উন্নীত হয় মাস্ক।

২০২১ চনৰ ছেপ্টেম্বৰ মাহত আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছক ধনৱন্ত ব্যক্তিৰ তালিকাৰ শীৰ্ষস্থানৰ পৰা আঁতৰাই স্থান অধিগ্ৰহণ কৰাৰ পিছৰে পৰা এলন মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ দখল কৰি আহিছে।

২০২২ চনত টেছলাৰ শ্বেয়াৰ দুবছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ নামি অহাৰ লগে লগে ইতিমধ্যে মাস্কৰ সম্পত্তি ২০০ বিলিয়ন ডলাৰৰ তললৈ হ্ৰাস পাইছে। আনহাতে যোৱা মাহত ৪৪ বিলিয়ন ডলাৰত মাস্কে অধিগ্ৰহণ কৰিছে ছ’চিয়েল মিডিয়া নেটৱৰ্ক টুইটাৰ।

উল্লেখ্য যে টেছলা আৰু টুইটাৰৰ উপৰিও ধনকুবেৰ মাস্ক ৰকেট কোম্পানী স্পেচএক্স আৰু নিউৰালিংকৰো মুৰব্বী।

Recent News

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd