• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন এক শ্ৰদ্ধা অনুৰূপ হত্যাকাণ্ড! খুৰীয়েকক হত্যা কৰি মৃতদেহ ১০ টুকুৰা কৰি জংঘলত পেলালে ভতিজাকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2022 11:27 pm
Shraddha like murder in Rajasthan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ নৃশংস শ্ৰদ্ধা হত্যাকাণ্ডই দেশজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌৰ এতিয়াও মাৰ যোৱা যোৱা নাই। ইয়াৰ পাছতো আন কেইবাটাও একেধৰণৰ হত্যাকাণ্ডৰ ঘটনা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছিল। এইবাৰ চৰ্চালৈ আহিছে ৰাজস্থানৰ জয়পুৰত সংঘটিত আন এক অনুৰূপ হত্যাকাণ্ড।

এগৰাকী বিধৱা মহিলাক নিজ ভতিজাই হত্যা কৰি মাৰ্বল কাটাৰ মেচিনেৰে মৃতদেহ ১০ টুকুৰা কৰি জংঘলৰ বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

আৰক্ষীয়ে অভিযুক্ত অনুজ শৰ্মা ওৰফে অচিন্ত্য গোবিন্দদাছক গ্ৰেপ্তাৰ কৰাৰ লগতে জংঘলৰ পৰা মৃত মহিলাগৰাকীৰ শৰীৰৰ কিছু অংশও উদ্ধাৰ কৰিছে। আৰক্ষীয়ে এতিয়াও মহিলাগৰাকীৰ শৰীৰৰ অৱশিষ্ট অংশৰ সন্ধান অব্যাহত ৰাখিছে।

এই ঘটনা সংঘটিত হৈছে জয়পুৰৰ বিদ্যাধৰনগৰ অঞ্চলৰ লালপুৰীয়া এপাৰ্টমেণ্ট ছেক্টৰ-২ত। অভিযোগ অনুসৰি যোৱা ১১ ডিচেম্বৰত অনুজে নিজৰ খুৰীয়েক সৰোজ শৰ্মা (৬৪)ৰ মূৰত হাতুৰীৰে আঘাত কৰি হত্যা কৰে আৰু তাৰ পিছত তেওঁ নিজৰ বাথৰুমত মাৰ্বল কাটাৰ মেচিন ব্যৱহাৰ কৰি মৃতদেহটো ১০ টুকুৰা কৰি জংঘলত পেলাই দিয়ে।

ইয়াৰ পিছতে তেওঁ নিজেই থানাত উপস্থিত হৈ সন্দেহৰ আওতাৰ পৰা ৰক্ষা পাবলৈ খুৰীয়েক নিৰুদ্দেশ হোৱা বুলি ৰিপৰ্ট দাখিল কৰে। কিন্তু পাকঘৰত লাগি থকা তেজৰ দাগ ধুই থকা অৱস্থাত অনুজক ধৰা পেলায় মৃত মহিলাগৰাকীৰ কন্যাই। অনুজক এনে অৱস্থাত দেখি তেওঁ অনুজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

যুৱতীগৰাকীৰ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুজক জিম্মাত লয়। এই সন্দৰ্ভত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মৃত সৰোজৰ স্বামীৰ মৃত্যুৰ পিছত ভতিজা অনুজে তেওঁক চোৱা-চিতা কৰিছিল। সেয়ে সৰোজে অনুজৰ সমগ্ৰ খৰচ বহন কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি অনুজৰ জীৱনত অহৰহ বাধা দিয়াৰ বাবেই ক্ৰোধান্বিত হৈ সৰোজক অনুজে হত্যা কৰিছে।

জানিব পৰা মতে বি.টেক সম্পূৰ্ণ কৰি অনুজে হৰে কৃষ্ণ আন্দোলনত যোগদান কৰিছিল। ১১ ডিচেম্বৰত তেওঁ দিল্লীলৈ যোৱাৰ কথা আছিল যদিও সৰোজ এই ভ্ৰমণত মান্তি হোৱা নাছিল। এই কথাতে খঙত অনুজে সৰোজক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

মৃতদেহটো কাটি লুকুৱাই ৰাখিবলৈ অনুজে স্থানীয় ছিকাৰ ৰোডত অৱস্থিত এখন হাৰ্ডৱেৰৰ দোকান এখনৰ পৰা মাৰ্বল কাটাৰ মেচিন লৈ আহিছিল। ইয়াৰ পিছতে মৃতদেহটো ১০ টুকুৰা কৰি ছুটকেছ আৰু বাল্টি এটাত ভৰাই জংঘলৰ বিভিন্ন ঠাইত দলিয়াই দিয়ে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীও আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি বিষয়াগৰাকীয়ে লগতে কয়। মহিলাগৰাকীৰ শৰীৰৰ আন অংগসমূহ বিচাৰি উলিয়াবলৈ অৰণ্যত তালাচী চলোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd