মেঘালয়ৰ ঘাটি মঞ্জুৰীপ্ৰাপ্ত বিদ্যালয়সমূহৰ শিক্ষকক পঞ্চম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী দৰমহা প্ৰদান সম্পৰ্কীয় বিষয়টো কেবিনেটত ১০ দিনৰ ভিতৰত আলোচনা কৰিব মেঘালয় চৰকাৰে।
শুকুৰবাৰে প্ৰধান সচিবালয়লত অনুষ্ঠিত খাচি জয়ন্তীয়া ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক সন্থা (Khasi Jaiñtia Deficit School Teachers’ Association চমুকৈ KJDSTA) আৰু গাৰোপাহাৰ ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সন্থা (Garo Hills Deficit School Teachers’ and Employees Association, চমুকৈ GHDSTEA) এটা যুটীয়া সঁজাতি দলৰ সৈতে অনুষ্ঠিত হোৱা এখন আলোচনাচক্ৰত শিক্ষক কৰ্মচাৰীক সামৰি লোৱাৰ বিষয়ত আশ্বাস প্ৰদান কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই।
আলোচনাত ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা ৫ম দৰমহা আয়োগৰ পৰামৰ্শাৱলী তাৎক্ষণিকভাৱে শিক্ষকসকলৰ ক্ষেত্ৰতো প্ৰৱৰ্তন কৰাৰ প্ৰয়োজনীয়তাত শিক্ষকৰ সঁজাতি দলটোৱে চৰকাৰক পতিয়ন নিয়াইছে।
এয়া হৈ উঠিলে মেঘালয়ৰ ঘাটি মঞ্জুৰিপ্ৰাপ্ত প্ৰাথমিকৰ পৰা উচ্চতৰ বিদ্যালয়ৰ ৬,৬৮৬জন শিক্ষক উপকৃত হ’ব। দৰমহাৰ সংশোধনী ২০১৭ৰ ১ জানুৱাৰিৰ পৰা কাৰ্যকৰী কৰা হ’ব।
৫ম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী পেনছনৰ সুবিধাৰ প্ৰসাৰ, নিশ্চিত বাহক প্ৰগতিশীল আঁচনি (Assured Carrier Progressive Scheme) আৰু চিকিৎসাজনিত ব্যয় পৰিশোধ কৰিবলৈ শিক্ষকসকলে মুখ্য মন্ত্ৰীৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছে।
শিক্ষকৰ সঁজাতিদলটোৱে ইয়াৰ লগতে দীৰ্ঘদিন ধৰি স্থগিত থকা ৰাজ্যিক শিক্ষা নীতি প্ৰৱৰ্তন কৰা, ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ বাবে চাকৰি নীতি, ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা, মেঘালয় বিদ্যালয় শিক্ষা বোৰ্ডৰ (Meghalaya Board of School Education) দ্বাৰা প্ৰকাশিত পাঠ্যপুথিৰ অগণন ভুলৰ ওপৰতো আলোচনা কৰে।
খাছি জয়ন্তীয়া ঘাটিমঞ্জুৰিপ্ৰাপ্ত বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ই ডি নংছিয়াঙে জনাইছে যে শিক্ষা নীতিৰ খচৰা চৰকাৰে দুমাহৰ ভিতৰতে ৰাজহুৱা কৰিবলৈ সক্ষম হ’ব। চাকৰি নীতিৰ খচৰা ইতিমধ্যে শিক্ষকসকলৰ মাজত বিতৰণ কৰাৰ বাবে সাজু হৈ উঠিছে, যাতে তাত তেওঁলোকে তাত নিজা দৃষ্টিভংগি আৰু পৰামৰ্শ দিব পাৰে।
পাঠ্যপুথিৰ ভুলৰ ওপৰত নংছিয়াঙে জনাইছে যে চৰকাৰে এই বিষয়টোৰ ওপৰত অতি শীঘ্ৰেই এখন মুল্যায়ন সভা অনুষ্ঠিত কৰিব আৰু বোৰ্ডৰ এগৰাকী পূৰ্ণ পৰ্যায়ৰ সভাপতি নিয়োজনৰ কথাটোতো চৰকাৰ আগ্ৰহী।
ঘাটি মঞ্জুৰিপ্ৰাপ্ত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ চাকৰি প্ৰাদেশিকীকৰণৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কৈছে যে এই বিষয়ত এদিন সঁজাতি দলৰ সৈতে আছুতীয়াকৈ আলোচনাত বহিব।