• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ ‘অপৰাধ’! পথৰ মাজত ১০ বৰ্ষীয় শিশুৰ গালত প্ৰচণ্ড চৰ হিন্দুত্ববাদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2022 7:10 pm
Jai Shri Ram
139
VIEWS
Share on FacebookShare on Twitter

দেশৰ নাগৰিকত্বৰ প্ৰমাণৰ আধাৰ কি? বা দেশভক্তিৰ আধাৰ কি? যদি আপুনি উচ্চাৰণ নকৰে ‘জয় শ্ৰী ৰাম’ ধ্বনি, আপুনি হৈ পৰিব পাৰে দেশদ্ৰোহী কিম্বা সন্ত্ৰাসবাদী! হয়, হিন্দুৰাষ্ট্ৰৰ ভেটি গঢ়াত নামি পৰা একাংশ হিন্দুত্ববাদীৰ বাবে এতিয়া এয়াই হৈ পৰিছে দেশভক্তিৰ প্ৰাথমিক চৰ্ত।

যদি আপুনি জয় শ্ৰী ৰাম ধ্বনি নিদিয়ে, দেশদ্ৰোহী অভিধা লভাৰ লগতে যিকোনো মুহূৰ্ততে শাৰীৰিক আক্ৰমণৰো বলি হ’ব পাৰে। দেশৰ বিভিন্ন প্ৰান্তত বিগত কেইটামান বৰ্ষৰ ভিতৰত এই ন-দেশভক্তিৰ জোৱাৰ উঠিছে, এই দেশভক্তিৰ প্ৰমাণ দিয়াত ব্যৰ্থ হৈ প্ৰহৃত হৈছে বহু লোক।

হিন্দুৰাষ্ট্ৰৰ এই প্ৰবক্তা সকলৰ নিৰ্যাতনৰ পৰা সুৰক্ষিত নহয় শিশুও। জয় শ্ৰী ৰাম ধ্বনি নিদিয়াৰ বাবে এইবাৰ আক্ৰমণৰ বলি হৈছে এটি ১০ বৰ্ষীয় শিশু। এই চৰম নিকৃষ্ট ঘটনা সংঘটিত হৈছে বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশত।

মধ্য প্ৰদেশৰ খাণ্ডৱাত শেহতীয়াকৈ ১০ বছৰীয়া এটি মুছলমান শিশুক টিউচনৰ বাবে গৈ থকা অৱস্থাত পথত ৰখাই ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে এই ধ্বনি নিদিয়াৰ বাবে শিশুটিৰ গালত শোধোৱা হয় এক প্ৰচণ্ড চৰ।

খাণ্ডৱাৰৰ উপ-আৰক্ষী অধীক্ষক অনিল চৌহানে ঘটনা সন্দৰ্ভত উল্লেখ কৰা মতে, জিলাখনৰ পান্ধানা আৰক্ষী থানাত এই অভিযোগত এক এজাহাৰ দাখিল কৰা হৈছিল।

শিশুটিৰ পৰিয়ালৰ লোকে আৰক্ষীৰ আগত দিয়া অভিযোগ মতে, তেওঁলোকৰ সন্তানে নৱোদয় বিদ্যালয়ত অধ্যয়নৰ বাবে প্ৰস্তুতি চলাই আছে আৰু এয়ে ব্যক্তিগত শিক্ষকৰ ওচৰত টিউচন লৈছিল।

টিউচনৰ বাবে গৈ থকাৰ সময়তে স্থানীয় দুৰ্গা কলনীৰ সমীপত লক্ষ্মণ ভীল নামৰ এগৰাকী ব্যক্তিয়ে পথত আগচি ধৰে আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰাইছিল।

পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৫-এ আৰু ৩২৩ ধাৰাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ঘটনা সন্দৰ্ভত তদন্তৰ অন্তত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰিছে খাণ্ডৱাৰৰ উপ-আৰক্ষী অধীক্ষক অনিল চৌহানে।

Recent News

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

পৰীক্ষাক লৈ ব্যাপক খেলিমেলি! পৰীক্ষা নিয়ন্ত্ৰকৰ ওচৰত স্মাৰক পত্ৰ কটনৰ শিক্ষাৰ্থী সমাজৰ

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

চিকিৎসাৰ বাবে ছয় ঘন্টা অপেক্ষা : বিহাৰত দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

পিতৃ-মাতৃৰ সলনি ব্যৱহাৰ হ’ব ‘অভিভাৱিকা’ শব্দ : ‘গৰ্ভৱতী পুৰুষ’ৰ সপক্ষে ঐতিহাসিক ৰায় কেৰালা উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd