Greetings card to wishes new year becomes a nostalgia যুগৰ পৰিৱৰ্তনৰ লগতে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি। ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়। এসময়ত নৱবৰ্ষৰ প্ৰাক্ক্ষণত নিজৰ আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা অন্যতম মাধ্যম আছিল গ্ৰিটিংচ কাৰ্ড।
বৰ্তমান ই-কাৰ্ডৰ যুগ। য’ত স্থান পাইছে ৱাটচআপ, ফেচবুক, টুইটাৰ, ইষ্টাগ্ৰাম, টেলিগ্ৰাম আদিৰ দৰে হাজাৰ মাধ্যম। মাত্ৰ আঙুলি টিপিয়েই ছেকেণ্ডৰ ভিতৰত পঠাব পাৰে নৱবৰ্ষৰ শুভেচ্ছা।
লগতে পঢ়ক: Happy New Year 2023 Messages: ‘নৱবৰ্ষৰ শুভেচ্ছা ২০২৩’-নতুন বছৰৰ আৰম্ভণিতে প্ৰিয়জনক দিয়ক শুভেচ্ছা
কিন্তু গ্ৰিটিংচ কাৰ্ড! ৮০- ৯০ দশকত ইংৰাজী নৱবৰ্ষত প্ৰিয়জনক শুভেচ্ছা প্ৰদান কৰা এই গ্ৰিটিংচ কাৰ্ড এতিয়া ইতিহাস হোৱাৰ দিশত। সময়ত সোঁতত প্ৰায় নোহোৱা হৈছে গ্ৰিটিংচ কাৰ্ডৰ প্ৰচলন।
দোকানলৈ গৈ হাজাৰ হাজাৰ গ্ৰিটিংচ কাৰ্ডৰ মাজৰ পৰা নিজৰ আপোনজনলৈ বাচি আনি তাত নিজ হাতে শুভেচ্ছা বাৰ্তা লিখাৰ মাদকতাই সুকীয়া আছিল।
সেই সময়ত বিপনীসমুহত গ্ৰিটিংচ কাৰ্ড ক্ৰয়ৰ বাবে ভিৰ কৰিছিল গ্ৰাহকে। কিন্তু এতিয়া ই যেন এক সপোন। এতিয়া উকা হৈ পৰিছে বিপনী সমুহ।
লগতে পঢ়ক: নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই
নৱবৰ্ষৰ শুভেচ্ছা জনাই বহুজনে দূৰত থকা আপোন জনক ডাকযোগেও প্ৰেৰণ কৰিছিল গ্ৰিটিংচ কাৰ্ড। ইপিনে বহুজনে ৰৈ আছিল নিজৰ আপোনজনে মৰমৰ ভাষাৰে পঠোৱা শুভেচ্ছাবাণীৰ আশাত।
বৰ্তমান নৱ প্ৰজন্মৰ মাজত গ্ৰিটিংচ কাৰ্ডৰ জনপ্ৰিয়তা নাই যদিও ৮০/৯০ দশকৰ সেই দিন বিলাক সুঁৱৰি নষ্টালজিক হৈ পৰে বহুজন।
লগতে পঢ়ক: টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি
সকলোৱে বিচাৰে পুৰণি সেই দিন যেন পুনৰ উভতি আহক। পুনৰ প্ৰচলন হওক সময়ৰ সোঁতত হেৰাই যাব ধৰা গ্ৰিটিংচ কাৰ্ড!