মনৰ মিলন
বিয়া হেনো দুটি মনৰ মিলন l ইমান সহজ নে? এটা মনৰ মিলনেই বাৰু সহজ নে? হয়, এটা মনৰ মিলন l আজিৰ মনটোৰ সৈতে কাইলৈৰ মনটোৰ মিলন l আজি ভাল পাওঁ বিজেপিক l কাইলৈ কংগ্ৰেছক l আজি মিহি হিন্দুত্ববাদী, কাইলৈ কট্টৰ হিন্দুত্ববাদী, পৰহিলৈ অলপ লিবাৰেল l আজি ভাল পালোঁ নাৰীমুক্তিৰ ধাৰণাক, কাইলৈ (‘দুটি মনৰ মিলন’ৰ ফলশ্ৰুতি) শুভবিবাহৰ পিছত ভাল পালোঁ ‘তিৰোতাই ঘৰৰ কাম তো কৰিবই লাগিব না!’-ধাৰণাক l এইখিনিতে কোনোবাই ক’বঃ ভাই, মনটো কি এটা ফিক্সড বস্তু ? মনৰ বিকাশ নহয় নেকি? এশবাৰ হয় l কিন্তু গুজৰাটৰ পাইপলাইনৰপৰা ‘সভ্যতাৰ শত্ৰু’ৰ আখ্যানলৈ, আজি আঠ মাৰ্চ পালি কাইলৈ ‘ধৰ্ষণৰ মূলতে নাৰীৰ সাজ’-ধাৰণালৈ হোৱা হেজাৰ বিজাৰ shift ক ‘মনৰ বিকাশ’ বা ‘মনৰ গতি’ বোলা নাযায় l ‘মনৰ contradiction ৰ হৰিবোলেৰে এই কথাবোৰ সামৰি বহি থাকিব নোৱাৰি l ক্ষমতাসীন চামৰ কথা বেলেগ l তেওঁলোকে কোৱা মনৰ কথাৰ আঁৰত সংকীৰ্ণ ৰাজনৈতিক অভিপ্ৰায় থাকে l কিন্তু সৰহভাগৰেই মনটো জীৱনৰ উপৰিভাগত নিৰ্বোধৰ দৰে যেনি-তেনি ভাহি ফুৰে l সেই মনটোৰ লগত তেনেকৈ ভাহি ফুৰা আন এটা মনৰ মিলন কেনেকৈ হ’ব ? ধৰক গছৰপৰা সৰি পৰা দুটা পাত l সিহঁতে হাতে-হাত ধৰি একেলগে উটি ভাহি ফুৰিব নে সোঁতৰ বিপৰীত গতিত না-পাত্তা হৈ ছিন্ন-ভিন্ন হৈ যেনি-তেনি উটি যাব? (ভুটুংকৈ হয়তো ক’ৰবাত লগ লাগিব, পিছমুহুৰ্ততে আঁতৰি যাব l)
হয়, দুটা পুৰঠ ( stable) মনৰ মিলন সম্ভৱ l ধৰা হ’ল– উভয়েই চুঢ়ান্ত বস্তুবাদীঃ চিনি পায় কেৱল আৰু কেৱল পইছা আৰু মাটি আৰু ফ্লেট আৰু বজাৰ আৰু — l কোনো পিতৃমাতৃ নাই, ওচৰ চুবুৰীয়া নাই, কোনো সা-সম্পৰ্কৰ টান নাই l তেনে এহাল দম্পত্তী মনৰ মিলনেৰে সুখী হ’ব পাৰে l ( পাৰে নে?) বা উভয়েই কট্টৰ হিন্দুত্ববাদী ঃ “মুছলীমৰপৰা হোৱা (হ’ব পৰা) হিন্দুৰ বিলৈ”ত দুয়োৰে মনে কান্দে (মূল্যবৃদ্ধি, পুষ্টিহীনতা, দাৰিদ্ৰ্য, কৰ্মহীনতা, বানপানী– এইবোৰ অ-মুছলীমজনিত আৰু সৰ্বজনপীঢ়িত দুৰ্গতিত নহয় l ) তেতিয়াও পতি পত্নীৰ মনৰ মিল সম্ভৱ l ( সম্ভৱ নে?)
কিন্তু বহুক্ষেত্ৰত দেখা যায়, পতি ‘কিবা’-পন্থী, পত্নী পতিপন্থী (চাহ-ভাত দিয়া, কাপোৰ কানি ধুই দিয়া, পৰনাৰীৰ বিপদৰপৰা সজাগ দৃষ্টিৰে পতিক ‘ৰক্ষা’ কৰা) l পতিয়ে বিচাৰে (যদি লেখক হয়)ঃ এই নিৰিবিলি ৰ’দালী পুৱা, মনত নানা ভাৱৰ জোৱাৰ, এওঁ যদি চাহকাপৰ সৈতে দুখিলা উকা কাগজ আগবঢ়াই দিলেহেতেন মিঠা হুকুম– লিখক (বা লিখা)! গায়ক পতিয়ে ভাবেঃ আদা দিয়া চাহকাপ প্ৰদান কৰি ভবানীয়ে যদি ক’লেহেতেন– গোৱাচোন সেইটো– সেই যে কিবা ‘লিহিৰি বনৰে’!
মাথো ৱাছিং মেছিনৰ ঘৰ্ ঘৰ- আৱাজ, ‘তোমাৰ টিফিনটো ক’ত থলা? ইহঁতৰ কাৰণে মই মৰিলেহে হ’ব!’
এটা শূণ্যতা l পতিৰ সকৰুণ হাতৰ আঙুলি হাৰ্মনিয়ামত– ‘তুমি অনেক কথা গোপনে ৰাখিলা’–
পতিয়ে বিচাৰে বিষণ্ণ বদনে দুখিলা উকা পাত l ‘ উৰ্মিমালা, উদ্ভিন্ন অতীতৰ বিভিন্ন বিহংগম অৱলোকি আমি যে উক্ত আবেলিত /দিশহাৰা /জীৱনৰ কল্লোলিত— (ভাষা শেষ!)
যাহওক, কৈ আছিলোঁ– এটি মনৰ মিলন l ন-ন বিন্যাসেৰে বিকাশমান সামগ্ৰিকতাৰ মাজেদি, জীৱন্ত পৃথিৱীৰ সৈতে খুন্দা-খুন্দলি খাই খাই, অভিজ্ঞতা-অধ্যয়ন-যুক্তি-দৃষ্টিৰ পোহৰত এটি মন grow কৰে l এতিয়াৰ দৃশ্য বেলেগ l খালৰ পানীত ভাহি থকা অজস্ৰ ভেটফুলৰ পাতৰ মাজে মাজে ভেকুলীৰ দৰে মনবোৰে জপিয়াই ফুৰেঃ এটি অৱস্থানৰ পৰা আন এটি অৱস্থানলৈ, এটি দৰ্শনৰপৰা আন এটি দৰ্শনলৈ, এটি সংবেদনাৰ পৰা আন এটি সংবেদনালৈ, এটি চমকৰ পৰা আন এক চমকলৈ l
অথচ এটি মনৰ মিলন কিমান জৰুৰী!মোক মোৰ সৈতে লগ লাগিবলৈ দিয়াটো কিমান জৰুৰী! ৰ’দ-বতাহৰ হলিগলিৰ মাজেৰে, শিয়াৰৰ পুষ্টিৰ মাজেৰে, উদ্ভিদৰ দৰে বাঢ়ি অহাটো কিমান জৰুৰী!
আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ l