নাটোৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে কৈছে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ শীঘ্ৰে সমাপ্ত নহয়। সেয়েহে, ইউৰোপ আৰু পশ্চিমীয়া শক্তিবোৰে কিয়েভক সহায় কৰিবলৈ দীৰ্ঘম্যাদী প্ৰস্তুতি লৈ থাকিব লাগে। এক সতৰ্ক বাৰ্তাত তেওঁ এইদৰে ব্যাপক প্ৰস্তুতিৰ আহ্বান জনাইছে।
নাটোৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে কয় যে ৰাছিয়াই সময়ৰ লগে লগে ইউক্ৰেইনত সেনাৰ সংখ্যা বৃদ্ধি কৰি আছে। এই প্ৰৱণতা ভৱিষ্যতেও অব্যাহত থাকিব। অৱশ্যে, ইউক্ৰেইনৰ বাহিনীয়ে ওলোটা প্ৰতিৰোধ গঢ়ি তুলিছে। কিন্তু এয়া স্পষ্ট যে এই যুঁজ অতি সহজে বন্ধ নহ’ব।
লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰাথনাৰ মতে ‘বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আছিল অসাংবিধানিক’
সেয়েহে, ইউৰোপ আৰু পশ্চিমীয়া দেশবোৰে দীঘলীয়া সময়ৰ বাবে প্ৰস্তুতি চলাব লাগে বুলি তেওঁ সতৰ্ক কৰি দিছে যাতে দীৰ্ঘদিন ধৰি তেওঁলোকে কিয়েভক সহায় অব্যাহত ৰাখিব পাৰে।
ইপিনে, ৰাছিয়াৰ বাহিনীয়ে সোমবাৰে কিয়েভত নতুনকৈ এক আক্ৰমণ চলায়। বাতৰি অনুসৰি, আক্ৰমণৰ লক্ষ্য আছিল ইউক্ৰেইনৰ এটা ড্ৰোন নিৰ্মাণ কাৰখানা।
লগতে পঢ়ক: যুদ্ধৰ খৱৰ! মিছাইল আক্ৰমণত নিহত হৈছে ৪০০ ৰাছিয়ান সেনা; দাবী ইউক্ৰেইনৰ
ইউক্ৰেইনৰ বাখমুট এখন ভূতৰ চহৰত পৰিণত হৈছে। এই চহৰখনৰ য’তেই চকু যায় তাতেই কেৱল ধ্বংসস্তূপ। আৱাসিক, বাণিজ্যিক বা সামৰিক একোৱেই ৰাছিয়াৰ আগ্ৰাসনৰ পৰা পৰা বাচি যোৱা নাই।