আজিৰ চিনেমাৰ নামৰ বিষয়ে বিশেষ কোনো ভনিতা দিব হয়তো নেলাগে। হয়, বৰ্তমান অসমৰ লগতেই দেশৰ ভিন্ন প্ৰান্তৰ ছবিগৃহসমূহত চলি থকা অসমীয়া ছবি ৰাজনীতি- ১ ৰ বিষয়েই আজিৰ এই লিখা। গত ২২ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা এই ছবিৰ প্ৰিমিয়াৰ শ্ব’ত ছবিখন চোৱা হৈছিলে। ৰাজনীতি ছবিখনৰ পৰিচালনা কৰিছে- মনোজিৎ শৰ্মাই আৰু কাহিনী, চিত্ৰনাট্য লিখিছে- অভিজিত ভট্টাচাৰ্যই। তপন দাস, জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া, ৰাজীৱ গোস্বামী অদিকে ধৰি বহুখিনি জনপ্ৰিয় অভিনয় শিল্পীয়ে এই ছবিখনত অভিনয় কৰিছে।
ছবিৰ আৰম্ভণি নেপথ্যত সামান্য কাহিনী কথন আৰু উৎকন্ঠা, উত্তেজনামিশ্ৰিত দৌৰত্মক দৃশ্যাংশৰ লগত খাপ খোৱা আৱহ- সংগীতেৰে। ক্ষীপ্ৰতাৰে আগবঢ়া কাহিনীৰ লগতেই সেনাবাহিনীৰ লগত সাংবাদিকৰ ভূমিকাত(অৰিন্দম)অভিনয় কৰা জুবিন গাৰ্গৰ চিনেমাত নায়কসুলভ প্ৰবেশ ঘটে। ঘটনাবহুলতা আৰু গতিশীলতা দুয়োটিয়েই সমান্তৰাকৈ আগবাঢ়ে, যদিও মূল কাহিনীয়ে কোন দিশে গতি কৰিছে, সেই কথাক প্ৰতিষ্ঠা কৰাত এই ঘটনাবহুলতা আৰু গতিশীলতাই বাধাৰ সৃষ্টি কৰিলে। ৰাজনীতি ক’ত নেথাকে? একমাত্ৰ দলীয় ৰাজনীতিয়েই নহয়, সম্পৰ্ককে আদি কৰি আন প্ৰায় প্ৰতি ক্ষেত্ৰতেই ৰাজনীতি লুকাই থাকে।
মূলতঃ এইখিনি কথাকেই ক’ব বিচৰা হৈছে চিনেমাখনৰ মাজেৰে। ৰাজনৈতিক দল, নেতা, ক্ষমতা আদি সকলোৰে ভিতৰৰ কদাকাৰ স্বৰূপটো উদঙাই দিয়া হৈছে। চৰিত্ৰ নিৰ্বাচন আৰু পৰিস্থিতি সাপেক্ষে শক্তিশালী কিছু সংলাপ দুটা ভাল লগা দিশ। মাজৰ অংশত তপন দাসৰ কন্ঠত ৰাজনীতি, গণতন্ত্ৰক লৈ এক সুন্দৰ কবিতা আবৃত্তিৰ প্ৰয়োগ কৰা হৈছে। লগতেই আলোকশিল্পৰ কামৰ কথা ক’বই লাগিব। প্ৰদীপ দৈমাৰীৰ আলোকশিল্পৰ কাম প্ৰযুক্তিগত তথা নান্দনিক এই দুয়ো দিশৰ পৰাই যথেষ্ট উন্নত মানদণ্ডৰ। নৈসৰ্গিক শোভাৰ সমুচিত দৃশ্যায়নৰ লগতেই পৰিস্থিতিৰ দাবী অনুসৰি কেমেৰা কৌণিক দিশ(এংগল)প্ৰশংসনীয়।
মাজৰ এক অংশত ৰাজীৱ গোস্বামী আৰু বৰষাৰাণী বিষয়াৰ মাজৰ কথোপকথনত ধনী- দুখীয়াৰ প্ৰভেদৰ উপস্থাপন অতি আওপুৰণি ধাৰাতেই আবদ্ধ হৈ থাকিল। লগতেই পৰৱৰ্তী সময়ত মূখ্যমন্ত্ৰী আৰু বৰষাৰাণী বিষয়াৰ(ৰাগিণী)মাজৰ সাক্ষাৎকাৰটোতো অনিল কাপুৰ অভিনীত বহুচৰ্চিত হিন্দী ছবি”নায়ক”ৰ ছাঁ স্পষ্ট আছিল, আনকি মূখ্যমন্ত্ৰীৰ সহকাৰীজনৰ আচৰণ পৰ্যন্ত। তথাপি, পৰিচালকে ইয়াক এক নব্য ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সম্পাদনাৰ দিশটোও ভাল বুলিয়েই ক’ব লাগিব।
মূল কাহিনীৰ বাৰ্তাক আৰম্ভণিতে প্ৰতিষ্ঠা কৰিব নোৱাৰা আৰু পৰৱৰ্তী পৰ্যায়ৰ উপৰুক্ত দৃষ্টিকটু দিশবোৰ কাহিনীকাৰৰ দুৰ্বলতাই বুলিব লাগিব। মাজত নায়কধৰ্মী ছবিত নায়িকাৰ বাবে নায়কে ৰাজহুৱা স্থানত মাৰপিট কৰাৰ দৃশ্যৰ অৱতাৰণাও একেধৰণেই আওপুৰণি কথা। অতীতৰ সময়ক দৰ্শাবলৈ বিশেষকৈ মূখ্যমন্ত্ৰী(দিবাকৰ)ৰ পুৰণি প্ৰেমক আলোকশিল্প, সংগীত আৰু সাজ- পোছাক সকলোৰে সহায়ত এক সমুচিত তথা ইন্দ্ৰিগ্ৰাহ্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে।
অভিনয়ৰ ক্ষেত্ৰত তপন দাস, বৰষাৰাণী বিষয়াৰ কথা ক’বই লাগিব। দুয়ো স্বকীয় অভিনয় শৈলীৰে পৰিপক্ব ৰূপত জিলিকি উঠিছে। প্ৰাকৃতিক অভিনেতা জুবিন গাৰ্গক উলিয়াই আনিবলৈ তেওঁক জুবিন গাৰ্গ হৈ থাকিবলৈ দিলেই যথেষ্ট, যিদৰে মন যায়, দিনবন্ধুত আছিলে। ৰাজনীতিতো এইজন জুবিন গাৰ্গকেই দেখিবলৈ পাব(পৰিচালকৰ সফলতা)। তৰালী শৰ্মা, জয়ন্ত কাকতীৰ সামগ্ৰিকভাৱে সংগীত ব্যৱস্থাপনা ভাল।
পিছে, ছবিখনৰ অন্তই গ্ৰহণযোগ্যতা নেপালে। অৰ্থাৎ, ইমান দুৰ্নীতিপৰায়ণ, উচাত্মিকতাৰ অহমিকাত মত্ত নিম্ন মানসিকতাৰ মূখ্যমন্ত্ৰীজনৰ একমাত্ৰ নিজৰ বন্ধুৰ দুআষাৰ আৱেগিক কথাতে নিজৰ দীৰ্ঘকালৰ সম্পূৰ্ণ স্থিতি জলাঞ্জলি দিয়া দিশটো মুঠেই গ্ৰহণযোগ্য নহয়। ইয়েই চিনেমাখনৰ যি এক সামাজিক বাৰ্তাবাহক হ’বপৰাৰ সম্ভাৱনা আছিলে, তাক ব্যক্তিগত আখেজৰ মাজতেই আৱদ্ধ কৰি ৰাখিলে। এখন ব্যয়বহুল আৰু মনোৰঞ্জধৰ্মী, ব্যৱসায়কেন্দ্ৰিক চিনেমা হিচাপে এখন চাবলগা চিনেমা। এনে ব্যৱসায়কেন্দ্ৰিক, মনোৰঞ্জনধৰ্মী তথা প্ৰযুক্তিগত দিশত উন্নত মানদণ্ডৰ অসমীয়া চিনেমাৰ প্ৰয়োজনো নথকা নহয়।
লেখকৰ মেইল- [email protected]