• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চলচ্চিত্ৰ সংবাদ: ৰাজনীতি- ১

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
January 6, 2023 6:21 pm
Assamese movie Rajneeti - Part 1
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ চিনেমাৰ নামৰ বিষয়ে বিশেষ কোনো ভনিতা দিব হয়তো নেলাগে। হয়, বৰ্তমান অসমৰ লগতেই দেশৰ ভিন্ন প্ৰান্তৰ ছবিগৃহসমূহত চলি থকা অসমীয়া ছবি ৰাজনীতি- ১ ৰ বিষয়েই আজিৰ এই লিখা। গত ২২ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা এই ছবিৰ প্ৰিমিয়াৰ শ্ব’ত ছবিখন চোৱা হৈছিলে। ৰাজনীতি ছবিখনৰ পৰিচালনা কৰিছে- মনোজিৎ শৰ্মাই আৰু কাহিনী, চিত্ৰনাট্য লিখিছে- অভিজিত ভট্টাচাৰ্যই। তপন দাস, জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া, ৰাজীৱ গোস্বামী অদিকে ধৰি বহুখিনি জনপ্ৰিয় অভিনয় শিল্পীয়ে এই ছবিখনত অভিনয় কৰিছে।

ছবিৰ আৰম্ভণি নেপথ্যত সামান্য কাহিনী কথন আৰু উৎকন্ঠা, উত্তেজনামিশ্ৰিত দৌৰত্মক দৃশ্যাংশৰ লগত খাপ খোৱা আৱহ- সংগীতেৰে। ক্ষীপ্ৰতাৰে আগবঢ়া কাহিনীৰ লগতেই সেনাবাহিনীৰ লগত সাংবাদিকৰ ভূমিকাত(অৰিন্দম)অভিনয় কৰা জুবিন গাৰ্গৰ চিনেমাত নায়কসুলভ প্ৰবেশ ঘটে। ঘটনাবহুলতা আৰু গতিশীলতা দুয়োটিয়েই সমান্তৰাকৈ আগবাঢ়ে, যদিও মূল কাহিনীয়ে কোন দিশে গতি কৰিছে, সেই কথাক প্ৰতিষ্ঠা কৰাত এই ঘটনাবহুলতা আৰু গতিশীলতাই বাধাৰ সৃষ্টি কৰিলে। ৰাজনীতি ক’ত নেথাকে? একমাত্ৰ দলীয় ৰাজনীতিয়েই নহয়, সম্পৰ্ককে আদি কৰি আন প্ৰায় প্ৰতি ক্ষেত্ৰতেই ৰাজনীতি লুকাই থাকে।

Apply Now

মূলতঃ এইখিনি কথাকেই ক’ব বিচৰা হৈছে চিনেমাখনৰ মাজেৰে। ৰাজনৈতিক দল, নেতা, ক্ষমতা আদি সকলোৰে ভিতৰৰ কদাকাৰ স্বৰূপটো উদঙাই দিয়া হৈছে। চৰিত্ৰ নিৰ্বাচন আৰু পৰিস্থিতি সাপেক্ষে শক্তিশালী কিছু সংলাপ দুটা ভাল লগা দিশ। মাজৰ অংশত তপন দাসৰ কন্ঠত ৰাজনীতি, গণতন্ত্ৰক লৈ এক সুন্দৰ কবিতা আবৃত্তিৰ প্ৰয়োগ কৰা হৈছে। লগতেই আলোকশিল্পৰ কামৰ কথা ক’বই লাগিব। প্ৰদীপ দৈমাৰীৰ আলোকশিল্পৰ কাম প্ৰযুক্তিগত তথা নান্দনিক এই দুয়ো দিশৰ পৰাই যথেষ্ট উন্নত মানদণ্ডৰ। নৈসৰ্গিক শোভাৰ সমুচিত দৃশ্যায়নৰ লগতেই পৰিস্থিতিৰ দাবী অনুসৰি কেমেৰা কৌণিক দিশ(এংগল)প্ৰশংসনীয়।

মাজৰ এক অংশত ৰাজীৱ গোস্বামী আৰু বৰষাৰাণী বিষয়াৰ মাজৰ কথোপকথনত ধনী- দুখীয়াৰ প্ৰভেদৰ উপস্থাপন অতি আওপুৰণি ধাৰাতেই আবদ্ধ হৈ থাকিল। লগতেই পৰৱৰ্তী সময়ত মূখ্যমন্ত্ৰী আৰু বৰষাৰাণী বিষয়াৰ(ৰাগিণী)মাজৰ সাক্ষাৎকাৰটোতো অনিল কাপুৰ অভিনীত বহুচৰ্চিত হিন্দী ছবি”নায়ক”ৰ ছাঁ‌ স্পষ্ট আছিল, আনকি মূখ্যমন্ত্ৰীৰ সহকাৰীজনৰ আচৰণ পৰ্যন্ত। তথাপি, পৰিচালকে ইয়াক এক নব্য ৰূপত উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সম্পাদনাৰ দিশটোও ভাল বুলিয়েই ক’ব লাগিব।

মূল কাহিনীৰ বাৰ্তাক আৰম্ভণিতে প্ৰতিষ্ঠা কৰিব নোৱাৰা আৰু পৰৱৰ্তী পৰ্যায়ৰ উপৰুক্ত দৃষ্টিকটু দিশবোৰ কাহিনীকাৰৰ দুৰ্বলতাই বুলিব লাগিব। মাজত নায়কধৰ্মী ছবিত নায়িকাৰ বাবে নায়কে ৰাজহুৱা স্থানত মাৰপিট কৰাৰ দৃশ্যৰ অৱতাৰণাও একেধৰণেই আওপুৰণি কথা। অতীতৰ সময়ক দৰ্শাবলৈ বিশেষকৈ মূখ্যমন্ত্ৰী(দিবাকৰ)ৰ পুৰণি প্ৰেমক আলোকশিল্প, সংগীত আৰু সাজ- পোছাক সকলোৰে সহায়ত এক সমুচিত তথা ইন্দ্ৰিগ্ৰাহ্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে।

অভিনয়ৰ ক্ষেত্ৰত তপন দাস, বৰষাৰাণী বিষয়াৰ কথা ক’বই লাগিব। দুয়ো স্বকীয় অভিনয় শৈলীৰে পৰিপক্ব ৰূপত জিলিকি উঠিছে। প্ৰাকৃতিক অভিনেতা জুবিন গাৰ্গক উলিয়াই আনিবলৈ তেওঁ‌ক জুবিন গাৰ্গ হৈ থাকিবলৈ দিলেই যথেষ্ট, যিদৰে মন যায়, দিনবন্ধুত আছিলে। ৰাজনীতিতো এইজন জুবিন গাৰ্গকেই দেখিবলৈ পাব(পৰিচালকৰ সফলতা)। তৰালী শৰ্মা, জয়ন্ত কাকতীৰ সামগ্ৰিকভাৱে সংগীত ব্যৱস্থাপনা ভাল।

পিছে, ছবিখনৰ অন্তই গ্ৰহণযোগ্যতা নেপালে। অৰ্থাৎ, ইমান দুৰ্নীতিপৰায়ণ, উচাত্মিকতাৰ অহমিকাত মত্ত নিম্ন মানসিকতাৰ মূখ্যমন্ত্ৰীজনৰ একমাত্ৰ নিজৰ বন্ধুৰ দুআষাৰ আৱেগিক কথাতে নিজৰ দীৰ্ঘকালৰ সম্পূৰ্ণ স্থিতি জলাঞ্জলি দিয়া দিশটো মুঠেই গ্ৰহণযোগ্য নহয়। ইয়েই চিনেমাখনৰ যি এক সামাজিক বাৰ্তাবাহক হ’বপৰাৰ সম্ভাৱনা আছিলে, তাক ব্যক্তিগত আখেজৰ মাজতেই আৱদ্ধ কৰি ৰাখিলে। এখন ব্যয়বহুল আৰু মনোৰঞ্জধৰ্মী, ব্যৱসায়কেন্দ্ৰিক চিনেমা হিচাপে এখন চাবলগা চিনেমা। এনে ব্যৱসায়কেন্দ্ৰিক, মনোৰঞ্জনধৰ্মী তথা প্ৰযুক্তিগত দিশত উন্নত মানদণ্ডৰ অসমীয়া চিনেমাৰ প্ৰয়োজনো নথকা নহয়।

লেখকৰ মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd