• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা কথা: ট্ৰুথ এণ্ড চেটায়াৰ(সত্য আৰু ব্যংগ)

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
January 26, 2023 1:11 pm
Truth and Satire
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ট্ৰুথ এণ্ড চেটায়াৰ- এখনি তথ্যচিত্ৰ, জনপ্ৰিয় কাৰ্টুনিষ্ট, চিত্ৰশিল্পী চম্পক বৰবৰাৰ জীৱন ভিত্তিক। “জ’ক’ছিৰিয়াছ”নামৰ ব্যংগৰ কথা আছাম ট্ৰিবিউন কাকত পঢ়া সকলোৰে চিনাকি। এই জ’ক’ছিৰিয়াছৰ আঁ‌ৰৰ ব্যক্তিজনেই চম্পক বৰবৰা। ব্যংগৰ মাজেৰে সত্যক তুলি ধৰাৰ কাম সকলোৰে বাবে সম্ভৱপৰ নহয়। এইখিনি কৰি তুলিবলৈ তীক্ষ্ণ বুদ্ধিমত্তা, সুক্ষ্ম দৃষ্টিভংগী আৰু কলাসুলভ এটি মন-এই তিনিওটি গুণেই একত্ৰ হ’ব লাগিব। এই সকলো গুণৰে অধিকাৰী চম্পক বৰবৰাৰ যাত্ৰাক তুলি ধৰাৰ প্ৰয়াস এই ৩২ মিনিটৰ তথ্যচিত্ৰখনি। পৰিচালক বিশ্বজিত দাস। এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবৰ বাবে পৰিচালকে চম্পক বৰবৰাক সুদীৰ্ঘ ৮ বছৰ কাল অনুসৰণ কৰিছিলে।

তথ্যচিত্ৰখনিৰ আৰম্ভণি ঘটে চম্পক বৰবৰাই কাৰ্যালয়ত স্কেটচ্ছ অংকন কৰি থকা অৱস্থাত। আৱহ-সংগীতত চ্চাইমছৰ মৃদু-মধুৰ শবদেৰে। পৰিচালকেই কেমেৰাৰ কামো কৰিছে আৰু অধিকাংশ সময়তেই চম্পক বৰবৰাৰ ক্লজ-আপ শ্বটতেই দৃশ্যগ্ৰহণ কৰিছে। ইয়ে বৰবৰাৰ মুখাবয়বত ফুটি উঠা স্বাভাৱিক বা স্বতঃস্ফূৰ্ত অভিব্যক্তিসমূহক তুলি ধৰিবলৈ সক্ষম হৈছে, যিটো তথ্যচিত্ৰখনৰ বাবে এক জৰুৰী তথা প্ৰশংসনীয় দিশ। তথ্যচিত্ৰখনিত উল্লেখ কৰা হৈছে যে, বৰবৰাই ১৯৯৫ চনৰ পৰা আছাম ট্ৰিবিউন আৰু দৈনিক অসম কাকত দুখনৰ বাবে ১০, ০০০ কাৰ্টুন সৃষ্টি কৰিছিলে। বহুতৰ বাবে পুৱাই কাকতখন মেলি হাঁহিব পৰাৰ এক অৱকাশ আছিলে তেওঁ‌ৰ কাৰ্টুনসমূহ।

Apply Now

এই কাৰ্টুনসমূহৰ আঁ‌ৰৰ ব্যক্তিজনক দৰ্শাবলৈ তথ্যচিত্ৰখনিৰ অধিকাংশ সময়ৰ দৃশ্যগ্ৰহণ কাৰ্যালয়ত কৰা আৰু কাৰ্টুন অংকন কৰি থকা দৃশ্যৰ লগতেই প্ৰকাশিত কাৰ্টুনৰ ছবিসমূহৰ দৃশ্যায়নো কৰা হৈছে। বৰবৰাৰ ঘৰ, কাৰ্যালয় আৰু বাহিৰৰ কাম-কাজ সকলোবোৰৰে এক আভাস দিয়া হৈছে। পেইন্টিং, ফ’ট’গ্ৰাফী আদি কৰা কাৰ্যকো কথনৰ পৰিৱৰ্তে দৃশ্যায়ন কৰা হৈছে। বাহ্যিক দৃশ্যগ্ৰহণৰ দিশত শব্দগ্ৰহণ এক দুৰ্বল দিশ তথ্যচিত্ৰখনিৰ। লগতেই কিছু কিছু দৃশ্যাংশৰ উপস্থাপন নাতিদীৰ্ঘ কৰিব পাৰিলে হয়, সম্পাদনা কৰোঁতে। বৰবৰাৰ কম্পিউটাৰত কাৰ্টুন অংকন কৰিব নজনাৰ কথা অকপটে স্বীকাৰ কৰাৰ দিশটোৱে তেওঁ‌ৰ সৰলতাক দৰ্শাই।

পৰৱৰ্তী অংশত, অৱসৰৰ সময় চমু চপাৰ সমান্তৰালকৈ বৰবৰাৰ সত্যক স্বীকাৰ কৰিবৰ চেষ্টাত চলি থকা মানসিক অস্থিৰতাক, ক্লজ-আপ শ্বটেৰে তেওঁ‌ৰ অভিব্যক্তিত খুব সুন্দৰকৈ তুলি ধৰা হৈছে। এনে এটি দৃশ্যাংশ হৈছে- বৰবৰা ঘৰত টেলিভিছনৰ সমুখত বহি থাকে আৰু টেলিভিছনত এখন ঝুলনা অগা-দেৱা কৰি থকা দৃশ্যৰ লগতেই সেই ঝুলনাখনৰ কেৰেচ-কেৰেচ শব্দই নীৰৱতাৰ কোলাহলত অস্থিৰ, ৰিক্ত বৰবৰাৰ মনোদশাকে প্ৰতীকাৰ্থত দৰ্শাইছে। এইখিনি তথ্যচিত্ৰখনিৰ আটাইতকৈ মনোগ্ৰাহী দৃশ্যাংশ, যিয়েই দৰ্শকক বৰবৰাৰ আৱেগৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হৈছে।

কিছুমান সৃষ্টিৰ আঁ‌ৰৰ ব্যক্তিসমূহক আমি খুব কমেই হে জানো। এনে এজন ব্যক্তি চম্পক বৰবৰা- অৰ্থাৎ শিল্পীজনৰ জীৱনৰ কিয়দংশক এনেদৰে তথ্যচিত্ৰৰ ৰূপ দিয়া-এক জৰুৰী কথাই। নহ’লে বহু শিল্পী এনেদৰেই এক প্ৰজন্মৰ পিছত সকলোৰে অলক্ষিতেই ৰৈ যাব। তথ্যচিত্ৰখনিৰ পৰিচালনাৰ লগতেই সম্পাদনাৰ কামো কৰিছে বিশ্বজিত দাসেই।

মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd